ETV Bharat / state

মহাজোঁটৰ ভূতে খেদি ফুৰিছে বিজেপিক: অভিজিত হাজৰিকা - ৰঙাপৰা সমষ্টি

ৰঙাপৰা সমষ্টিৰ কংগ্ৰেছ তথা মহাজোঁটৰ মনোনীত প্ৰাৰ্থী অভিজিত হাজৰিকাই দিনে নিশাই ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছে ।

Congress election campaning in rangapara
মহাজোঁটৰ ভূতে খেদি ফুৰিছে বিজেপিক: অভিজিত হাজৰিকা
author img

By

Published : Mar 23, 2021, 10:49 PM IST

ৰঙাপৰা,২৩ মাৰ্চ: মহাজোঁটৰ ভূতে খেদি ফুৰিছে বিজেপিক- এই মন্তব্য ৭৪ নং ৰঙাপৰা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী অভিজিত হাজৰিকাৰ । মঙলবাৰে ৰঙাপৰা সমষ্টিৰ খলিহামাৰীত নিৰ্বাচনী প্ৰচাৰ চলাই বিজেপিক ক্ষুৰধাৰ সমালোচনা কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে ৷ তেওঁ বিজেপিৰ প্ৰভাৱশালী নেতা হিমন্তক নতুন ধুবীৰ লগত তুলনা কৰে ৷ নতুন ধুবীয়ে যি দৰে কাপোৰ ধুলে বেছিকৈ নীল দিয়ে, ঠিক তেনেদৰে হিমন্তই নিজকে বেছি হিন্দুত্ববাদী দেখুৱাই আছে বুলি মন্তব্য কৰে হাজৰিকাই ৷ তেওঁ লগতে হিমন্তই অসমখনক ভাগ ভাগ কৰিছে বুলি অভিযোগ কৰি ইয়াৰ প্ৰত্যুত্তৰ ৰাইজে দিব বুলি উল্লেখ কৰে ৷ আনহাতে ৰঙাপৰা সমষ্টিত এইবাৰ কংগ্ৰেছ জয়ী হোৱাতো খাটাং বুলি মন্তব্য় কৰে অভিজিত হাজৰিকাই ৷

মহাজোঁটৰ ভূতে খেদি ফুৰিছে বিজেপিক: অভিজিত হাজৰিকা

উল্লেখ্য যে, ৰঙাপৰা সমষ্টিৰ কংগ্ৰেছ তথা মহাজোঁটৰ মনোনীত প্ৰাৰ্থী অভিজিত হাজৰিকাই দিনে-নিশাই ব্যাপক নিৰ্বাচনী প্ৰচাৰ চলাইছে । ২০০৬ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ দূৰ্গ খ্যাত ৰঙাপৰা সমষ্টিত কংগ্ৰেছক হৰুৱাই বিজেপিৰ পৰা অভিজিত হাজৰিকা জিকিছিল । বিজেপিৰ দুৰ্গ হৈ পৰা ৰঙাপৰা সমষ্টি কংগ্ৰেছ তথা মহাজোঁটৰ প্ৰাৰ্থী অভিজিত হাজৰিকাই পুনৰবাৰ দখল কৰিব পাৰিব নে নাই সেয়া ২ মে’তহে জানিব পৰা হ’ব ।

লগতে পঢ়ক : নলবাৰীত জয়ন্ত মল্ল বৰুৱাৰ জয় নিশ্চিত: দিলীপ শইকীয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.