তেজপুৰ, ১০ আগষ্টঃ শুকুৰবাৰে সন্ধিয়া তেজপুৰৰ বাৰহলীয়াত উদ্ধাৰ হয় এটি চাৰি বছৰীয়া কন্যা শিশু । জানিব পৰা মতে, প্ৰায় আঠ মান বজাত বাৰহলীয়া এলেকাৰ পদ পথত এটি শিশুৱে কান্দি থকা অৱস্থাত মনিছ দাধা নমৰা এজন ব্যৱসায়ী আৰু তেজপুৰ ৰূদ্ৰপদ নিবাসী গুপি হেমৰম নামৰ লোক দুজনে উদ্ধাৰ কৰে । পাছত দুয়োজনে শিশুটিক তেজপুৰ সদৰ আৰক্ষীৰ হাতত গতাই দিয়ে । আৰক্ষীয়ে নিশাই শিশুটিক শিশু কল্যাণ সমিতিৰ হাতত গতাই দিয়ে ।
উল্লেখ্য যে বৰ্তমানলৈকে শিশুটিৰ পৰিয়ালৰ পৰিচয় জানিব পৰা হোৱা নাই ৷