ETV Bharat / state

তেজপুৰস্থিত চতুৰ্থ ক'ৰ(গজৰাজ)ৰ জি অ' চিৰ দায়িত্ব ল’লে লেফটেনেণ্ট জেনেৰেল ৰবীন খ'ছলাই - ভাৰতীয় সেনাৰ চতুৰ্থ ক'ৰ

তেজপুৰস্থিত ভাৰতীয় সেনাৰ চতুৰ্থ ক'ৰ(গজৰাজ)ৰ জি অ' চিৰ দায়িত্বভাৰ গ্ৰহণ কৰিলে লেফটেনেণ্ট জেনেৰেল ৰবীন খ'ছলাই । ইয়াৰ পূৰ্বে এই দায়িত্বত আছিল লেফটেনেণ্ট জেনেৰেল শান্তনু দয়াল ।

চতুৰ্থ ক'ৰ(গজৰাজ)ৰ জি অ' চিৰ দায়িত্বভাৰ গ্ৰহণ লেফটেনেণ্ট জেনেৰেল ৰবীন খ'ছলাৰ

author img

By

Published : Jan 26, 2021, 8:55 PM IST

তেজপুৰ, ২৬ জানুৱাৰী: মঙলবাৰে আনুষ্ঠানিকভাৱে তেজপুৰস্থিত ভাৰতীয় সেনাৰ চতুৰ্থ ক'ৰ(গজৰাজ)ৰ জি অ' চিৰ দায়িত্বভাৰ অৰ্পণ কৰা হ'ল লেফটেনেণ্ট জেনেৰেল ৰবীন খ'ছলাক । লেফটেনেণ্ট জেনেৰেল শান্তনু দয়ালৰ ঠাইত লেফটেনেণ্ট জেনেৰেল ৰবীন খ'ছলাক স্থলাভিষিক্ত কৰা হৈছে । লেফটেনেণ্ট জেনেৰেল ৰবীন খ'ছলাই জম্মু-কাশ্মীৰ আৰু উত্তৰ-পূৰ্বাঞ্চলত কেইবাটাও গুৰুণত্বপূৰ্ণ দায়িত্বত নিয়োজিত আছিল আৰু লগতে নিযুক্তি প্ৰদানৰ দায়িত্বও পালন কৰিছিল ।

তেওঁ নতুন দিল্লীস্থিত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ মুখ্য কাৰ্যালয়ত কৰ্মৰত হৈ আছিল । নতুন দিল্লীত তেওঁ জনশক্তি পৰিকল্পনা আৰু কৰ্মচাৰী সেৱা সঞ্চালক প্ৰধানৰ নিযুক্তিৰ দায়িত্বত নিয়োজিত আছিল । 'পৱন' অভিযানৰ সময়ত তেওঁ শ্ৰী লংকাতো নিষ্ঠাৰে কৰ্তব্য পালন কৰিছিল । তেওঁ আগবঢ়োৱা সেৱাৰ বাবে তেওঁক 'অতি বিশিত সেৱা পদক', 'সেনা পদক' আৰু 'বিশিত সেৱা পদকে'ৰে সন্মানিত কৰা হয় ।

এগৰাকী সেনা বিষয়া হোৱাৰ উপৰিও তেওঁ এগৰাকী সুদক্ষ খেলুৱৈ আৰু পাঠক । আনহাতে, লেফটেনেণ্ট জেনেৰেল শান্তনু দয়ালে তেজপুৰত কামাণ্ডাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা সময়ত কামেং ছেক্টৰ, নামনি আৰু মধ্য অসমত কেইবাটাও গুৰুত্বপূৰ্ণ অভিযান সফল কৰি তুলিছিল । অসমত সন্ত্ৰাসবাদ বিৰোধী অভিযানৰো নেতৃত্ব দিছিল লেফটেনেণ্ট জেনেৰেল শান্তনু দয়ালে ।

লগতে পঢ়ক:মৰিগাঁৱত ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.