ETV Bharat / state

Ashok Singhal in Tezpur : শোণিতপুৰত ১০,৪৯৮ গৰাকীক মাইক্ৰ’ফাইনেন্সৰ তৃতীয় পৰ্যায়ৰ ঋণ ৰেহাই - ঋণ ৰেহাই

তেজপুৰৰ কলেজিয়েট হাইস্কুল খেলপথাৰত সোমবাৰে অনুষ্ঠিত হয় মাইক্ৰ’ফাইনেন্সৰ তৃতীয় পৰ্যায়ৰ ঋণীসকলক ঋণ ৰেহাইৰ আনুষ্ঠান ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰি প্ৰতিশ্ৰুতি পালন কৰিলে বুলি কয় মন্ত্ৰী অশোক সিংহলে ৷

No Dues Certificate Under AMFIRS 2021 in Tezpur
তেজপুৰত মন্ত্ৰী অশোক সিংহল
author img

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 4:02 PM IST

মাইক্ৰ’ফাইনেন্সৰ তৃতীয় পৰ্যায়ৰ ঋণ ৰেহাই অনুষ্ঠান

তেজপুৰ, ১৬ অক্টোবৰ : মাইক্ৰ’ফাইনেন্সৰ তৃতীয় পৰ্যায়ৰ ঋণীসকলক ঋণ ৰেহাইৰ আনুষ্ঠানিক কাৰ্যসূচী তেজপুৰৰ কলেজিয়েট হাইস্কুল খেলপথাৰত সোমবাৰে অনুষ্ঠিত হয় ৷ অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলে মাইক্ৰ’ফাইনেন্সৰ তৃতীয় পৰ্যায়ৰ ঋণীসকলক ঋণ ৰেহাইৰ কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে ৷ আদৰণি ভাষণ প্ৰদান কৰে শোণিতপুৰ জিলা আয়ুক্ত দেৱ কুমাৰ মিশ্ৰই ৷ এই অনুষ্ঠানত উপস্থিত থাকে তেজপুৰ সমষ্টিৰ বিধায়ক পৃথ্বীৰাজ ৰাভা, ৰঙাপৰা সমষ্টিৰ বিধায়ক কৃষ্ণকমল তাঁতি, বৰছলা সমষ্টিৰ বিধায়ক গণেশ লিম্বু ৷

গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত উপস্থিত থাকে শোণিতপুৰ জিলা পৰিষদৰ অধ্যক্ষ ডলি চুৰিণ, অসম পাঠ্যপুথি প্ৰকাশন আৰু প্ৰণয়ন নিগমৰ উপাধ্যক্ষ তুলসী বৰঠাকুৰ প্ৰমুখ্যে ব্যক্তিসকল ৷ মাইক্ৰ’ফাইনেন্সৰ তৃতীয় পৰ্যায়ৰ ঋণীসকলক ঋণ ৰেহাই দিয়াত উৎফুল্লিত হৈ পৰে মহিলাসকল ৷ মন্ত্ৰী অশোক সিংহলে ভাষণ প্ৰদান কৰি কয় যে, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ক’ভিডৰ সময়তে প্ৰতিশ্ৰুতি দিছিল যে, যিসকল মহিলাই ক’ভিডৰ সময়ত ঋণ ঘূৰাবলৈ অসমৰ্থ হৈছিল তেওঁলোকক ঋণ ৰেহাই দিয়া হ’ব ৷ অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰতিশ্ৰুতি প্ৰদান কৰি প্ৰতিশ্ৰুতি পালন কৰিলে বুলি কয় মন্ত্ৰী সিংহলে ৷

যিসকল মহিলাই ঋণ লৈ আৰ্থিক দুৰ্বলতাৰ হেতু ঋণ পৰিশোধ কৰিবলৈ সমৰ্থ হোৱা নাছিল সেইসকল মহিলাক আৰ্থিক সকাহ দিবলৈ এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে ৷ শোণিতপুৰ জিলাত ১০ হাজাৰ চাৰিশ আঠানব্বৈ গৰাকী মহিলাক মাইক্ৰ’ফাইনেন্সৰ তৃতীয় পৰ্যায়ৰ ঋণ ৰেহাই দিয়া হয় ৷ প্ৰথম পৰ্যায়ত ৮ লাখ ৭০ হাজাৰ, দ্বিতীয় পৰ্যায়ত ১ লাখ ঋণগ্ৰস্ত লোকক ঋণ ৰেহাই দিয়াৰ পৰিৱৰ্তে তৃতীয় পৰ্যায়ত কেৱল শোণিতপুৰ জিলাত প্ৰায় ১১ হাজাৰ মহিলাক ঋণ মাফ কৰি দিয়া হয় বুলি জানিবলৈ দিয়ে মন্ত্ৰীগৰাকীয়ে ৷

লগতে মন্ত্ৰীগৰাকীয়ে কথা দি কথা ৰখা মহানুভৱ ব্যক্তি হৈছে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা বুলি উল্লেখ কৰে ৷ মাইক্ৰ’ফাইনেন্সৰ তৃতীয় পৰ্যায়ৰ ঋণীসকলক ঋণ ৰেহাই দিয়াত উৎফুল্লিত হৈ পৰা মহিলাসকলে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে ৷

লগতে পঢ়ক : Cultural Festival 2023 : সামৰণি পৰিল শংকৰদেৱ শিশু নিকেতন বনগাঁৱৰ সাংস্কৃতিক মহোৎসৱ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.