তেজপুৰ, 31 ডিচেম্বৰ: তেজপুৰ বিশ্ববিদ্যালয়ত স্থাপন হ’ব লাচিত বৰফুকনৰ নামত প্ৰতিৰক্ষা অধ্যয়ন কেন্দ্ৰ। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে বিশ্ববিদ্যালয়ৰ একবিংশতিতম সমাৱৰ্তনত সমাৰোহত এই বিষয়ে আশ্বাস প্ৰদান কৰে ৷ এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক সম্ভু নাথ সিঙে ৷
এই অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী সিঙে ভাষন প্ৰদান কৰি অসমৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ "বীৰ লাচিত বৰফুকন" আৰু সুধাকণ্ঠ ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাৰ অৱদানৰ কথাও স্মৰণ কৰে ৷ লগতে তেওঁ স্বামী বিবেকানন্দৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ দেশ সেৱা কৰিবলৈ নতুন প্ৰজন্মক আহ্বান জনায় ৷ লগতে সিঙে তথ্য আৰু প্ৰযুক্তিৰ লগতে বৈজ্ঞানিক মানসিকতা আৰু চাৰিত্ৰিক তথা ব্যৱহাৰিক গুণেৰে সকলোকে মহীয়ান হৈ দেশৰ সেৱাত ব্ৰতী হ’বলৈও ছাত্ৰ-ছাত্ৰীসকলক আহ্বান জনায় ৷
প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে, বৰ্তমান ভাৰতীয় বিজ্ঞানীয়ে 5900 বিধ অস্ত্ৰ-শস্ত্ৰ আৰু সামৰিক সামগ্ৰীৰ নিৰ্মাণ নিজে কৰাৰ বৃহৎ আঁচনি গ্ৰহণ কৰা কথাও উল্লেখ কৰিছে ৷ ভাৰতক অৰ্থনৈতিক আৰু সামৰিক মহাশক্তি হিচাপে গঢ়ি তুলিবলৈ প্ৰতিভাৱান যুৱক-যুৱতীসকলৰ সামৰ্থ্যৰ ওপৰত আস্থা ৰখাটো অত্যন্ত প্ৰয়োজনীয় ৷ যুৱক-যুৱতীসকলক সবলীকৰণ আৰু তেওঁলোকৰ সামৰ্থ্য বৃদ্ধিৰ বাবে চৰকাৰে ষ্টাৰ্ট-আপ সংস্কৃতি আৰু উদ্ভাৱন পৰিৱেশ তন্ত্ৰক প্ৰসাৰিত কৰাত অধিক গুৰুত্ব দিছে ৷
এই সমাৱৰ্তনৰ অনুষ্ঠানত 783 জনক স্নাতকোত্তৰ (পি জি) ডিগ্ৰী, 428 জনক স্নাতক (ইউ জি) ডিগ্ৰী, 5 জনক পি জি ডিপ্লমা, 100 জনতকৈ অধিকক PHD ডিগ্ৰী, আৰু 23 গৰাকীক দূৰত্ব আৰু অনলাইন শিক্ষাৰ ডিগ্ৰী প্ৰদান কৰে ।
প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক হাৰ্ড ৱৰ্কৰ লগতে স্মাৰ্ট ৱৰ্ক কৰিবলৈ আহ্বান জনাই চিন্তা ডাঙৰ হ’ব লাগে বুলি জনায় । মা-দেউতা আৰু শিক্ষাগুৰুক সন্মান কৰি তেওঁলোকক লৈ কোনো প্ৰশ্ন তোলাৰ অধিকাৰ নাই বুলি কৈ আস্থা, বিশ্বাস আৰু শ্ৰদ্ধাৰে জীৱনত আগবঢ়াই যাবলৈ পৰামৰ্শ দিয়ে ৷