ETV Bharat / state

ৰঙাপৰাবাসীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ পথত - ৰঙাপৰাবাসীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ পথত

এতিয়াৰে পৰা আৰু খৰস্ৰোতা জৰাসৰ নৈৰ বাঢ়নী পানীৰ বাবে শংকিত হ'ব নালাগে ৰঙাপৰাৰ চাৰিখনকৈ গাঁৱৰ ৰাইজ ৷ কিয়নো পূৰ্ণগতিত আৰম্ভ হৈছে ফুলবাৰী চাহ বাগিচা-মোলানগাঁও সংযোগী পথৰ পকী দলং নিৰ্মাণৰ কাম ৷

দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ পথত
দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ পথত
author img

By

Published : Dec 12, 2020, 1:43 PM IST

ৰঙাপৰা, 12 ডিচেম্বৰ: অৱশেষত ৰঙাপৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত চাৰিখনকৈ গাঁৱৰ ৰাইজৰ মুখত বিৰিঙি উঠিল হাঁহি ৷ এটা দীৰ্ঘদিনীয়া জ্বলন্ত সমস্যাৰ অৱসান ঘটাৰ পথত ৷ এতিয়াৰে পৰা আৰু খৰস্ৰোতা জৰাসৰ নৈৰ বাঢ়নী পানীৰ বাবে শংকিত হ'ব নালাগে ৰঙাপৰাৰ চাৰিখনকৈ গাঁৱৰ ৰাইজ ৷ কিয়নো পূৰ্ণগতিত আৰম্ভ হৈছে ফুলবাৰী চাহ বাগিচা-মোলানগাঁও সংযোগী পথৰ পকী দলং নিৰ্মাণৰ কাম ৷ যাক লৈ উৎফুল্লিত হৈ পৰিছে মোলানগাঁও, মোলানগাঁও কছাৰী, ভোবোলা বঙালী আৰু উপৰ মোলানগাঁওবাসী ৰাইজ ৷

ৰঙাপৰাবাসীৰ দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ পথত

উল্লেখ্য যে, ফুলবাৰী-মোলানগাঁও সংযোগী পথচোৱাত থকা একমাত্ৰ কাঠৰ দলংখন 2013 বৰ্ষৰ প্ৰলংকৰী বানত বিধ্বস্ত হৈ পৰিছিল ৷ যাৰ বাবে যাতায়াতৰ ক্ষেত্ৰত ব্যাপক অসুবিধাৰ সন্মুখীন হৈছিল অঞ্চলটোৰ ৰাইজৰ লগতে স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকল ৷ ৰাইজৰ অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি 2020 বৰ্ষৰ 29 ফেব্ৰুৱাৰীত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই আৰ ডি এফৰ এক্স ভি ৰ অধীনত ফুলবাৰী চাহ বাগিছা-মোলানগাঁও সংযোগী পথৰ জৰাসৰ নদীৰ ওপৰত পকী দলং নিৰ্মানৰ আধাৰশিলা স্থাপন কৰিছিল ৷ দলংখনৰ ঠিকালাভ কৰিছে ঠিকাদাৰ সঞ্জয় আগৰৱালাই ৷ তেখেতৰ মহৰী আৰিফ জামানে জানিবলৈ দিয়ে যে দলংখন ৬৬ মিটাৰ দীঘল আৰু ৭.৩০ মিটাৰ বহল হ'ব | দলংখনত মুঠ চাৰিটা পকী খুঁটা স্থাপন হ'ব ৷

লগতে পঢ়ক: চাকৰি দিয়াৰ নামত ধন সংগ্ৰহ কৰা ডাঃ অজন্তা হাজৰিকাৰ স্বামীক আটক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.