ETV Bharat / state

তেজপুৰত উপস্থিত 'ব্ৰহ্মপুত্ৰ আমন্ত্ৰণ' অভিযানৰ ১৭ জনীয়া দল - অভিযানৰ ১৭ জনীয়া দল

'ব্ৰহ্মপুত্ৰ আমন্ত্ৰণ' অভিযানৰ দায়িত্বত থকা ১৭ জনীয়া দল উপস্থিত হ'ল তেজপুৰত । ব্ৰহ্মপুত্ৰত ৯১৭ কি:মি: ভ্ৰমণ কৰি নদীৰ জলৰাশিৰ গুণাগুণ, খহনীয়া আদি সন্দৰ্ভত প্ৰতিবেদন প্ৰস্তুত কৰি অৱগত কৰিব কেন্দ্ৰীয় চৰকাৰক ।

'ব্ৰহ্মপুত্ৰ আমন্ত্ৰণ' অভিযানৰ দায়িত্বত থকা ১৭ জনীয়া দল উপস্থিত হ'ল তেজপুৰত

author img

By

Published : Jan 9, 2021, 8:23 PM IST

তেজপুৰ, ৯ জানুৱাৰী: শনিবাৰে তেজপুৰত উপস্থিত হয় 'ব্ৰহ্মপুত্ৰ আমন্ত্ৰণ' অভিযানৰ দায়িত্বত থকা ১৭ জনীয়া দলটো । ভাৰত চৰকাৰৰ জল শক্তি মন্ত্ৰালয়ে ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ তত্বাৱধানত অসম চৰকাৰ, অৰুণাচল প্ৰদেশ চৰকাৰ আৰু এনডিআৰএফৰ সহযোগত অৰুণাচল প্ৰদেশৰ ছিয়াং জিলাৰ গেলিঙত বিগত বৰ্ষৰ ২৩ ডিচেম্বৰত 'ব্ৰহ্মপুত্ৰ আমন্ত্ৰণ' অভিযান আৰম্ভ কৰে । কেন্দ্ৰীয় ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয়ৰ ৰাজ্যিক মন্ত্ৰী কিৰেণ ৰিজিজুয়ে শুভাৰম্ভণি কৰা 'ব্ৰহ্মপুত্ৰ আমন্ত্ৰণ' অভিযানৰ দায়িত্বত থকা ১৭ জনীয়া দলটো শনিবাৰে সন্ধিয়া তেজপুৰ জাহাজ ঘাটত উপস্থিত হয় ।

'ব্ৰহ্মপুত্ৰ আমন্ত্ৰণ' অভিযানৰ দায়িত্বত থকা ১৭ জনীয়া দল উপস্থিত হ'ল তেজপুৰত
'ব্ৰহ্মপুত্ৰ আমন্ত্ৰণ' অভিযানৰ দায়িত্বত থকা ১৭ জনীয়া দল উপস্থিত হ'ল তেজপুৰত

ভাৰত চৰকাৰৰ জল শক্তি মন্ত্ৰালয়ৰ সচিব উপেন্দ্ৰ প্ৰসাদ সিঙৰ লগতে শোণিতপুৰ জিলা প্ৰশাসন, আৰক্ষী আৰু ব্ৰহ্মপুত্ৰ ব'ৰ্ডৰ বিষয়া-কৰ্মচাৰীসকলে ফুলাম গামোচাৰে দলটোক উষ্ম আদৰণি জনায় । ভাৰতৰ জল শক্তি মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটৰ দুহিতা স্বোহাছিনী শ্বেখাৱটৰ নেতৃত্বত অহা ১৭ জনীয়া গৱেষকৰ দলটিয়ে এনডিআৰএফৰ ৬ খন নাৱেৰে বিশাল ব্ৰহ্মপুত্ৰৰ বক্ষত ৯১৭ কি:মি: ভ্ৰমণ কৰি নদীৰ জলৰাশিৰ গুণাগুণ, খহনীয়া আৰু মাছৰ লগতে শিহুকে ধৰি পানীত থকা বিভিন্ন জীৱ সন্দৰ্ভতো গবেষণা চলায় ।

এই যাত্ৰাত এনডিআৰএফৰ ২০ জনীয়া এটা দলে তেওঁলোকক সংগ দিছে । আনহাতে, ব্ৰহ্মপুত্ৰৰ পাৰত বসবাস কৰা লোকসকলৰ জল জীৱনৰ জৰিয়তে আৰ্থিক বিকাশ কেনেকৈ সাধন কৰিব পাৰি সেই বিষয়েও অধ্যয়ন কৰিছে দলটোৱে । ইতিমধ্যে ব্ৰহ্মপুত্ৰৰ জলৰাশিৰ ৫৮০ কি:মি: পথ অতিক্ৰম কৰি তেজপুৰ জাহাজ ঘাটত শনিবাৰে সন্ধিয়া উপস্থিত হোৱা ১৭ জনীয়া দলটোত স্বোহাছিনী শ্বেখাৱটৰ উপৰিও আছে আইআইটি গুৱাহাটী, ভাৰতৰ আভ্যন্তৰীণ জলপথ কৰ্তৃপক্ষ, কেন্দ্ৰীয় আভ্যন্তৰীণ ফিছাৰী গৱেষণা ইনষ্টিটিউট, ব্ৰহ্মপুত্ৰ ব'ৰ্ড আৰু কেন্দ্ৰীয় জল আয়োগৰ গবেষকৰ দল ।

নদীৰ সৈতে সহাৱস্থানৰ গুৰুত্বপূৰ্ণ দিশটোৰ প্ৰতি নৱ প্ৰজন্মৰ দৃষ্টি আকৰ্ষণৰ লগতে ব্ৰহ্মপুত্ৰৰ বিশাল জলৰাশিৰ বিষয়ে অধ্যয়নৰ জৰিয়তে জল শক্তি মন্ত্ৰালয়ৰ ওচৰত দাখিল কৰা প্ৰতিবেদনৰ আধাৰত ভাৰত চৰকাৰে পৰৱৰ্তী পদক্ষেপ গ্ৰহণ কৰিব । আনহাতে, দেশে স্বাধীনতা লাভ কৰাৰ পিছত ভাৰত চৰকাৰৰ জল শক্তি বিভাগে গংগাৰ দৰে ব্ৰহ্মপুত্ৰৰ ওপৰত চলোৱা এনেধৰণৰ গবেষণাৰ জৰিয়তে নিশ্চিতভাৱে অনাগত সময়ত ব্ৰহ্মপুত্ৰ অসমৰ বাবে আশীৰ্বাদ স্বৰূপ হৈ পৰিব। আনহাতে, ভাৰতৰ ভাৰতৰ মুঠ জলৰাশিৰ ৪০ শতাংশ উত্তৰ-পূৰ্বাঞ্চলৰ জলভাণ্ডাৰ বুলি অভিহিত কৰি অৰুণাচলৰ ছিয়াঙত নদী বান্ধ নিৰ্মাণত গুৰুত্ব আৰোপ কৰে ।

লগতে পঢ়ক:ৰাইজৰ দলে ২১ৰ নিৰ্বাচনত বিজেপিক প্ৰত্যাহ্বান জনাবঃ ভাস্কো ডি শইকীয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.