চতিয়া, 16 মে': এফালে দুচকুত ভাহি থকা পিতৃৰ চিতা জুই আৰু আনফালে চকুলোৰে বাট নেদেখা হোৱা মাতৃৰ কান্দোনত যেন সৰগ ভাগি পৰিছিল পিয়ুষৰ মনত ৷ কিন্তু প্ৰয়াত পিতৃৰ লগতে মাতৃ তথা পৰিয়াল বৰ্গৰ সপোনক বাস্তৱায়িত কৰাৰ লক্ষ্যৰে ধৈৰ্য, সাহস আৰু একাগ্ৰতাৰ সমান্তৰালকৈ মেধাৰ পৰিচয় দি শোণিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ নন্দিকেশ্বৰ নিৱাসী প্ৰয়াত দ্বীপ বৰুৱা আৰু মনীশা বৰুৱাৰ একমাত্ৰ পুত্ৰ পিয়ুষে বুধবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৪ শতাংশ নম্বৰ লাভ কৰি পৰিয়ালটোলৈ শোকৰ মাজত আনন্দৰ বন্যা কঢ়িয়াই আনে ৷ জামুগুৰিহাটস্থিত নদুৱাৰ জাতীয় বিদ্যালয়ৰ ছাত্ৰ পিয়ুষে পৰীক্ষাত সাধাৰণ গণিতত ১০০, ঐচ্ছিক গণিতত ১০০, সমাজ বিজ্ঞানত ৯৬, অসমীয়াত ৮৭, ইংৰাজীত ৯০ আৰু সাধাৰণ বিজ্ঞানত ৯১ নম্বৰৰে আটাইকেইটা বিষয়তে লেটাৰসহ মুঠ ৫৬৪ নম্বৰ লাভ কৰে ৷
শুভ্ৰ সাজ পৰিধান কৰি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৪ শতাংশ নম্বৰ লাভ পীয়ুষৰ - Etv Bharat
হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মাজত পিতৃৰ বিয়োগৰ পাছতো পৰিয়াল তথা জামুগুৰিহাটলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হয় পীয়ুষ পৰাশৰে ৷ বুধবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত শুভ্ৰ সাজ পৰিধান কৰি মুঠ ৯৪ শতাংশ নম্বৰ লাভ কৰে পীয়ুষে ৷
চতিয়া, 16 মে': এফালে দুচকুত ভাহি থকা পিতৃৰ চিতা জুই আৰু আনফালে চকুলোৰে বাট নেদেখা হোৱা মাতৃৰ কান্দোনত যেন সৰগ ভাগি পৰিছিল পিয়ুষৰ মনত ৷ কিন্তু প্ৰয়াত পিতৃৰ লগতে মাতৃ তথা পৰিয়াল বৰ্গৰ সপোনক বাস্তৱায়িত কৰাৰ লক্ষ্যৰে ধৈৰ্য, সাহস আৰু একাগ্ৰতাৰ সমান্তৰালকৈ মেধাৰ পৰিচয় দি শোণিতপুৰ জিলাৰ চতিয়া সমষ্টিৰ জামুগুৰিহাটৰ নন্দিকেশ্বৰ নিৱাসী প্ৰয়াত দ্বীপ বৰুৱা আৰু মনীশা বৰুৱাৰ একমাত্ৰ পুত্ৰ পিয়ুষে বুধবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৪ শতাংশ নম্বৰ লাভ কৰি পৰিয়ালটোলৈ শোকৰ মাজত আনন্দৰ বন্যা কঢ়িয়াই আনে ৷ জামুগুৰিহাটস্থিত নদুৱাৰ জাতীয় বিদ্যালয়ৰ ছাত্ৰ পিয়ুষে পৰীক্ষাত সাধাৰণ গণিতত ১০০, ঐচ্ছিক গণিতত ১০০, সমাজ বিজ্ঞানত ৯৬, অসমীয়াত ৮৭, ইংৰাজীত ৯০ আৰু সাধাৰণ বিজ্ঞানত ৯১ নম্বৰৰে আটাইকেইটা বিষয়তে লেটাৰসহ মুঠ ৫৬৪ নম্বৰ লাভ কৰে ৷
Byte - পিয়ুষ
Byte - পিয়ুষৰ মাতৃ ৷
Pransankar Bhuyan
ETv bhart
Assam.
Byte-