তেজপুৰ, ৩০ ছেপ্টেম্বৰঃ ৰাজ্যত সমাগত চাৰিটা সমষ্টিৰ উপ নিৰ্বাচন । সোমবাৰ অৰ্থাৎ আজি হৈছে উপ নিৰ্বাচনৰ মনোনয়ন দাখিল কৰাৰ অন্তিমটো দিন । শোণিতপুৰ জিলাৰ ৰঙাপৰা সমষ্টিৰ খালি হোৱা বিধানসভাৰ আসনৰ বাবে আজি বিজেপি দলৰ প্ৰাৰ্থী প্ৰাক্তন তেজপুৰ সমষ্টিৰ বিধায়ক ৰাজেন বৰঠাকুৰে দাখিল কৰিব মনোনয়ন পত্ৰ ৷ মনোনয়ন পত্ৰ দাখিল কৰাৰ পূৰ্বে এতিয়া তেজপুৰত বিজেপিৰ মহাভোজৰ আয়োজন ৷
প্ৰতিকূল বতৰকো নেওচি তেজপুৰত মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত ৰাজেন বৰঠাকুৰৰ লগত থাকিব নেদাৰ তথা অসম চৰকাৰৰ প্ৰভাৱশালী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতে ৰঙাপাৰা সমষ্টিৰ বহু বিজেপি সমৰ্থক । এতিয়া তেজপুৰৰ গণেশ ঘাটৰ সমীপত প্ৰায় 300 লোকৰ বাবে আয়োজন কৰা হৈছে মহাভোজৰ । 3 কুইন্টল ছাগলী মাংসৰে বৰভোজ আয়োজনত ব্যস্ত ৰান্ধনী । বৃহৎ শক্তি প্ৰদৰ্শনৰে তেজপুৰত আজি বিজেপিৰ ৰাজেন বৰঠাকুৰে মনোনয়ন পত্ৰ দাখিল কৰিব ।
লগতে চাওকঃ বিহাৰত মুষলধাৰ বৰষুণত 10 জন লোকৰ প্ৰাণহানি