ETV Bharat / state

ঢেকীয়াজুলিলৈ প্ৰধানমন্ত্ৰীৰ আগমণৰ প্ৰাক ক্ষণত বিজেপিত খহনীয়া - ৭৫০ জন বিজেপি কৰ্মী

অহা ৭ ফেব্ৰুৱাৰীত শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী । প্ৰধানমন্ত্ৰীৰ আগমণক কেন্দ্ৰ কৰি এতিয়া প্ৰস্তুতি চলোৱাত ব্যস্ত হৈ পৰিছে বিজেপি দলৰ মন্ত্ৰী-বিধায়কসকল । ইয়াৰ বিপৰীতে নৰেন্দ্ৰ মোডীৰ আগমণৰ প্ৰাক ক্ষণত গেৰুৱা দলটো এৰি কংগ্ৰেছত যোগদান কৰিলে ঢেকীয়াজুলি সমষ্টিৰ মুঠ ৭৫০ জন বিজেপি কৰ্মীয়ে ।

কংগ্ৰেছত যোগদান ঢেকীয়াজুলি সমষ্টিৰ ৭৫০ জন বিজেপি কৰ্মীৰ

author img

By

Published : Feb 3, 2021, 8:54 PM IST

তেজপুৰ, ৩ ফেব্ৰুৱাৰী: শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিলৈ প্ৰধানমন্ত্ৰীৰ আগমণৰ প্ৰাক ক্ষণত বিজেপি দলত ব্যাপক খহনীয়া । ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ মিছামাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত ধানখনাৰ গোৰ্খা ভৱনত যোৱা ৩১ জানুৱাৰীত অনুষ্ঠিত হোৱা কংগ্ৰেছৰ এখন সভাত বিজেপি দলৰ মণ্ডল সম্পাদকসহ ২১৭ জন কৰ্মীয়ে কংগ্ৰেছ দলত আনুষ্ঠানিকভাৱে যোগদান কৰে ।

কংগ্ৰেছত যোগদান ঢেকীয়াজুলি সমষ্টিৰ ৭৫০ জন বিজেপি কৰ্মীৰ
কংগ্ৰেছত যোগদান ঢেকীয়াজুলি সমষ্টিৰ ৭৫০ জন বিজেপি কৰ্মীৰ

ঢেকীয়াজুলি ব্লক মণ্ডলৰ সভাপতি প্ৰফুল্ল ৰাভাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত ঢেকীয়াজুলি বিধানসভা সমষ্টিৰ পূব মণ্ডলৰ সম্পাদক লেনছন ভেপৰ, মছি দাস কাণ্ডুলানাৰ নেতৃত্বত বিজেপিৰ বিষয়ববীয়া আৰু কৰ্মীসকলে কংগ্ৰেছ দলত যোগদান কৰে । ইয়াৰ পিছৰে পৰা বৰ্তমানলৈকে সমষ্টিটোত মুঠ ৭৫০ জন লোকে কংগ্ৰেছত যোগদান কৰিছে । প্ৰধানমন্ত্ৰীৰ আগমণৰ পূৰ্বে এনেদৰে সদস্যসকলে গেৰুৱা দলটোৰ সংগ ত্যাগ কৰা ঘটনাই আগন্তুক বিধানসভা নিৰ্বাচনত সমষ্টিটোৰ পৰা প্ৰতিদ্বন্দিতা কৰিবলগীয়া বিজেপি প্ৰাৰ্থীগৰাকীৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাব বুলি ধাৰণা কৰা হৈছে ।

আনহাতে, নতুনকৈ কংগ্ৰেছ দলত যোগদান কৰা সদস্যসকলে কয় যে, বিজেপি চৰকাৰৰ দিনত হোৱা মূল্য বৃদ্ধি আৰু বিধায়ক অশোক সিংহলৰ স্বেচ্ছাচাৰিতাৰ বাবে অতিষ্ঠ হৈ তেওঁলোকে কংগ্ৰেছ দলৰ সদস্যপদ গ্ৰহণ কৰিছে ।

লগতে পঢ়ক:প্ৰমোদ বড়োৰ বিটিচিত উদ্ধাৰ অবৈধ অস্ত্ৰৰ বৃহৎ ভাণ্ডাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.