ৰঙাপৰা,30 ছেপ্টেম্বৰঃ সোমবাৰে ৰঙাপৰা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী কাৰ্তিক কুৰ্মীয়ে আগন্তক বিধানসভাৰ উপ-নিৰ্বাচনৰ বাবে বিশাল সমদলেৰে চাহ বাগিচাৰ নৃত্য প্ৰদৰ্শন কৰি মনোনয়ন পত্ৰ দাখিল কৰে ৷
প্ৰাৰ্থী গৰাকীক সংগ দি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই স্থানীয় প্ৰাৰ্থী প্ৰদান কৰাৰ বিনিময়ত কংগ্ৰেছে ৰঙাপাৰ সমষ্টি বিজেপিৰ দখলৰ পৰা উদ্ধাৰ কৰিব পাৰিব বুলি দাবী কৰে ৷ তেওঁ লগতে বিজেপিয়ে চাহ জনগোষ্ঠীৰ লগত প্ৰৱঞ্চনা কৰা বুলি কটাক্ষ কৰে ৷
বিধান সভাত চাহ জনগোষ্ঠীৰ লোকক শ্ৰম বিভাগৰ এগৰাকী মন্ত্ৰী হিচাপে পল্লৱলোচন দাসক দ্বায়িত্ব দি লোকসভা নিৰ্বাচনৰ পাছত হ'বলগীয়া উপ-নিৰ্বাচনৰ বাবে জনগোষ্ঠীটোৰ কোনো এজন লোকক বিজেপিয়ে প্ৰাৰ্থীত্ব প্ৰদান নকৰাত দলটোক সমালোচনা কৰে ৷ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে বিজেপি দলক কটাক্ষ কৰি কয় যে, "বিজেপিক কেৱল চাহ জনগোষ্ঠীৰ ভোটহে লাগে, তাৰ বিনিময়ত জনগোষ্ঠীটো ৰাজনৈতিকভাৱে সৱল হোৱাটো বিজেপিয়ে নিবিচাৰে ৷" আনহাতে আগন্তক উপ-নিৰ্বাচনত ৰঙাপৰা সমষ্টিত কংগ্ৰেছৰ জয় নিশ্চিত বুলিও মন্তব্য় কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে ৷