তেজপুৰ,৫ নৱেম্বৰ : আজি ভাৰতৰত্ন সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ একাদশ সংখ্যক মৃত্যু বাৰ্ষিকী (11th death anniversary of Bhupen Hazarika) ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম আৰু অসমীয়াৰ প্ৰাণৰ শিল্পীগৰাকীক স্মৰণ কৰা দেখা গৈছে । প্ৰতিখন জিলাতে বিশ্ব বৰেণ্য শিল্পীগৰাকীৰ স্মৃতিত বিভিন্ন ধৰণৰ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে । গুৱাহাটীস্থিত শিল্পীগৰাকীৰ সমাধিক্ষেত্ৰত বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু অসংখ্য লোকে শ্ৰদ্ধাঞ্জলি জনাইছে শিল্পীগৰাকীক ।
ব্যতিক্ৰম নহয় শোণিতপুৰ জিলাও । শোণিতপুৰ জিলাৰো বিভিন্ন অঞ্চলত শিল্পীগৰাকীৰ মৃত্যু বাৰ্ষিকী পালন কৰা হৈছে । ভাৰতৰত্ন ড৹ ভূপেন হাজৰিকাক তেজপুৰৰ ভূপেন হাজৰিকা কলাভূমিত গীত-নৃত্যৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে তেজপুৰৰ ৰাইজে (Bhupen Hazarika death anniversary observed)। শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শিল্পীগৰাকীৰ প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই ।
জিলা প্ৰশাসনে আয়োজন কৰা এই অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী তথা ভূপেন হাজৰিকাৰ সান্নিধ্য লাভ কৰা ডাঃ লক্ষ্মী গোস্বামী । অনুষ্ঠানত মাধৱদেৱ কলা নিকেতনৰ শিল্পীসকলে গীতেৰে সুধাকণ্ঠৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । অনুষ্ঠানত উপস্থিত থাকি উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই কয় যে তেজপুৰ চহৰৰ কলাভূমিত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠান পালন কৰা হ'ব আৰু সমগ্ৰ চহৰতে সুধাকণ্ঠৰ গীত শুনিবলৈ পোৱা যাব ।
আনহাতে বিশিষ্ট সমাজকৰ্মী ডাঃ লক্ষ্মী গোস্বামীয়ে কয় যে বছৰত কেৱল দুটা দিনতে সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাক স্মৰণ কৰাৰ পৰিৱৰ্তে গোটেই বছৰে তেওঁৰ সৃষ্টিৰাজি নৱপ্ৰজন্মৰ মাজত প্ৰসাৰ হোৱাটো উচিত । আনহাতে তেজপুৰৰ প্ৰহ্লাদচন্দ্ৰ দাস স্মৃতি নৃত্যশলাৰ ছাত্ৰীসকলেও নৃত্য শিল্পী দিপা দাসৰ নেতৃত্বত সুধাকণ্ঠক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
উল্লেখ্য যে সুধাকণ্ঠগৰাকীৰ মৃত্যু দিৱসত ৰাজ্যৰ ভিন্ন প্ৰান্তত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে । সমান্তৰালকৈ বিভিন্ন স্থানত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰো আয়োজন কৰা হৈছে । গুৱাহাটীৰ জালুকবাৰীস্থিত সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ সমাধিক্ষেত্ৰত দিনজোৰা কাৰ্যসূচীৰে শ্ৰদ্ধাঞ্জলিৰ লগতে বিভিন্ন কাৰ্যসূচীৰো আয়োজন কৰা হৈছে ।