ETV Bharat / state

ৰঙাপাৰাত পিতা-পুত্ৰই সাজি উলিয়ালে স্বয়ংক্ৰিয় চেনিটাইজিং যন্ত্ৰ - কৰ'ণা মহামাৰী

লক্ ডাউনৰ সময়চোৱাত ৰঙাপাৰাৰ দুই পিতা-পুত্ৰই কৰ'ণা মহামাৰী প্ৰতিহত কৰিবলৈ সাজি উলিয়াইছে স্বয়ংক্ৰিয় চেনিটাইজাৰ যন্ত্ৰ ।

automatic sanitizer machine invented by father and son in rangapara

author img

By

Published : May 7, 2020, 12:28 PM IST

ৰঙাপাৰা, 7 মে': ৰঙাপাৰাত দুই পিতা-পুত্ৰই কৰ'ণা মহামাৰী প্ৰতিহত কৰিবলৈ সাজি উলিয়ালে চেনিটাইজাৰ যন্ত্ৰ । ৰঙাপৰাৰ এছ.কে ইলেক্ট্ৰনিকচ্ নামৰ প্ৰতিষ্ঠানটোৰ স্বত্বাধিকাৰী দেৱেন্দ্ৰ কুমাৰে, নিজৰ প্ৰতিষ্ঠানৰ পেলনীয়া কিছু সামগ্ৰীৰে পুত্ৰ প্ৰতীক কুমাৰৰ সৈতে চেনিটাইজাৰ যন্ত্ৰটো সাজি উলিয়ায় ।

ৰঙাপাৰাত পিতা-পুত্ৰই সাজি উলিয়ালে স্বয়ংক্ৰিয় চেনিটাইজাৰ যন্ত্ৰ

১৯৮৭ চনৰে পৰা ৰঙাপৰা চহৰত ইলেকট্ৰনিকছৰ দোকান আৰম্ভ কৰি ইনভাৰ্টাৰ, ষ্টেবিলাইজাৰ আদি নিৰ্মাণ কৰি প্ৰতিষ্ঠা লাভ কৰা দেৱেন্দ্ৰ কুমাৰে, লক্ ডাউনৰ সময়চোৱাত সাজি উলিয়াছে সম্পূৰ্ণ শৰীৰ চেনিটাইজ কৰিব পৰা যন্ত্ৰটো । পৰীক্ষামূলকভাৱে সাজি উলিওৱা যন্ত্ৰটো প্ৰায় চাৰে ছয় ফুট উচ্চতাৰ ঘৰৰ আৰ্হিত নিৰ্মাণ কৰিছে । যন্ত্ৰটোৰ মাজেৰে কোনো লোক পাৰ হ’লে স্বয়ংক্ৰিয় ছেনশ্বৰৰ জৰিয়তে প্ৰায় ১০ ছেকেণ্ডৰ ভিতৰত সম্পূৰ্ণ শৰীৰ চেনিটাইজ হ'ব । উল্লেখ্য যে, এই যন্ত্ৰটো নিৰ্মাণৰ ক্ষেত্ৰত প্ৰায় ১৮ হাজাৰ টকা ব্যয় হোৱা বুলি উল্লেখ কৰে দেৱেন্দ্ৰ কুমাৰে ।

লগতে পঢ়কঃ দক্ষিণ শালমাৰা মানকাচৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ত স্থাপন স্বয়ংক্ৰিয় ছেনিটাইজাৰ যন্ত্ৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.