ETV Bharat / state

Protest against constituency delimitation:মন্ত্ৰী অশোক সিংহলৰ বাসগৃহ ঘেৰাও অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ

author img

By

Published : Jul 20, 2023, 8:31 PM IST

সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ বিৰোধিতাৰে মন্ত্ৰী অশোক সিংহলৰ ঢেকীয়াজুলিৰ বাসগৃহ ঘেৰাও অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ৷

protest against constituency delimitation
সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ তীব্ৰ বিৰোধিতা
সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ তীব্ৰ বিৰোধিতা

ৰঙাপৰা, 20 জুলাই : সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ তীব্ৰ বিৰোধিতাৰে বৃহস্পতিবাৰে ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক তথা ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলৰ বাসগৃহ ঘেৰাও কৰি অসম চাহ জনজাতি ছাত্ৰ সন্থাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ নামত ঢেকিয়াজুলি সমষ্টিৰ ভোটাৰৰ জনগাঁথনি সাল-সলনি কৰাৰ সিদ্ধান্ত বাতিলৰ দাবীত অসম চাহ জনজাতি ছাত্ৰ সন্থাই মন্ত্ৰী অশোক সিংহলৰ ঢেকীয়াজুলিৰ ভুতপাৰাত থকা বাসগৃহ ঘেৰাও কৰে ।

দিনৰ ১১ বজাত আটছাৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহক সদস্য মোহন তাঁতীৰ নেতৃত্বত সংগঠনটোৱে মন্ত্ৰী সিংহলৰ বাসগৃহ ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷ প্ৰতিবাদকাৰী সকলে মন্ত্ৰী অশোক সিংহলৰ বাসগৃহৰ প্ৰবেশদ্বাৰত সমবেত হৈ সমষ্টিৰ পুনৰ নিৰ্ধাৰণ আমি নামানো, সমষ্টিৰ পুনৰ নিৰ্ধাৰণ কৰি চাহ জনজাতি লোকসকলক ৰাজনৈতিকভাৱে বঞ্চিত কৰা নচলিব, মন্ত্ৰী অশোক সিংহলে মইমতালি বন্ধ কৰক, অশোক সিংহল হায় হায়, অসম চৰকাৰ হায় হায়, অসম চাহ জনজাতি ছাত্ৰ সন্থা জিন্দাবাদ আদি বিভিন্ন শ্ল’গান দি পৰিবেশ উত্তাল কৰি তোলে ৷

উক্ত কাৰ্যসূচীত নেতৃত্ব দিয়া আটছাৰ নেতা মোহন তাঁতীয়ে কয় সমষ্টি পুনৰ নিৰ্ধাৰণ কৰি বিজেপি চৰকাৰে চাহ জনজাতি লোক সকলক ৰাজনৈতিকভাৱে হত্যা কৰিব বিচাৰিছে ৷ চাহ শ্ৰমিকৰ সন্তান যাতে কেতিয়াও মন্ত্ৰী-বিধায়ক হ’ব নোৱাৰে চৰকাৰে তাৰে ব্যৱস্থা হাতত লৈছে ৷ এই ৰাজনৈতিক খেলত ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক তথা ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহলে শুকুনিৰ চৰিত্ৰত ভাও লৈছে ৷ মন্ত্ৰী সিংহল এই চক্ৰান্তত কেতিয়াও সফল হ’ব নোৱাৰে ৷

মোহন তাঁতীয়ে লগতে কয়- যদি চৰকাৰে সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ বিষয়টো পুনৰ বিবেচনা নকৰে তেন্তে আগন্তুক দিনত ভয়াৱহ প্ৰতিবাদৰ মুখামুখি হ’ব লাগিব ৷ বৃহস্পতিবাৰে মন্ত্ৰী অশোক সিংহলৰ ঘৰ ঘেৰাও কাৰ্যসূচীত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলাৰ সভাপতি লক্ষেশ্বৰ মিৰ্ধা, উপ সভাপতি সুনীল তাঁতী, সম্পাদক বসন্ত চাচনী, ঢেকীয়াজুলি শাখা সমিতিৰ সম্পাদক গোবিন্দ তাঁতী, বৰছলা শাখা সমিতিৰ সভাপতি নিৰঞ্জন ৰাউত, সম্পাদক দীপক দাসৰ লগতে শাখা সমিতিৰ নেতাকৰ্মীসকল উপস্থিত থাকে ৷ ইফালে ঢেকীয়াজুলিৰ ৰাজহ চক্ৰ বিষয়া তন্ময় বৰা প্ৰতিবাদস্থলীত উপস্থিত হৈ আলোচনা কৰাৰ অন্তত প্ৰতিবাদী কাৰ্যসূচীৰ অন্ত পৰে ।

লগতে পঢ়ক : Constituency Delimitation: ৰঙাপৰাত সমষ্টি নিৰ্ধাৰণৰ বিৰুদ্ধে অসম চাহ মজদুৰ সংঘৰ ধৰ্ণা কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.