ETV Bharat / state

স্ব-গৃহলৈ নাগালেণ্ডত উগ্ৰপন্থীৰ গুলীত নিহত জোৱানৰ নশ্বৰদেহ

নাগালেণ্ডত উগ্ৰপন্থীৰ গুলীত নিহত জোৱানৰ ঘৰত শোকৰ ছাঁ ৷ যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পাচতে অসম ৰাইফলছৰ বিশেষ বাহনেৰে বেৰাজানৰ পিতৃগৃহলৈ লৈ অহা হ'ব জোৱানজনৰ নশ্বৰদেহ ৷

স্বগৃহলৈ নগালেণ্ডত উগ্ৰপন্থীৰ গুলীত নিহত জোৱানৰ নশ্বৰদেহ
author img

By

Published : May 26, 2019, 7:37 PM IST

Updated : May 26, 2019, 8:52 PM IST

ৰঙাপাৰা, 26 মে' : নাগালেণ্ডৰ ম'ন জিলাত আলফা আৰু NSCN(K)ৰ গুলীত নিহত অসম ৰাইফলছৰ জোৱান কালী দাসৰ ঘৰত এতিয়া বিৰাজ কৰিছে শোকৰ ছাঁ ৷ কান্দোনৰ ৰোল শ্বহীদ জোৱানজনৰ শোণিতপুৰৰ খনামুখৰ বেৰাজানৰ বাসগৃহত ৷ আততায়ীৰ গুলীত নিহত শ্বহীদ জোৱানজনৰ নশ্বৰদেহ যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পাচতে অসম ৰাইফলছৰ বিশেষ বাহনেৰে লৈ অহা হ'ব বেৰাজানৰ পিতৃগৃহলৈ ৷ শ্বহীদ জোৱান কালী দাসৰ নশ্বৰদেহ লৈ ঘৰলৈ আনি থকাৰ এই খবৰ লাভৰ পাচতে শেষবাৰৰ বাবে কালী দাসক শ্ৰদ্ধা জনাবলৈ পিতৃগৃহত ভিৰ কৰিছে পৰিয়াল, আত্মীয় তথা গাঁওবাসীয়ে ৷ বীৰ শ্বহীদগৰাকীৰ নশ্বৰদেহ বাসগৃহ আহি পোৱাৰ পাচতে সামৰিক মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হ'ব ৷

স্বগৃহলৈ নগালেণ্ডত উগ্ৰপন্থীৰ গুলীত নিহত জোৱানৰ নশ্বৰদেহ

ইপিনে অসম ৰাইফলছ তথা জিলা প্ৰশাসনে শ্বহীদৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন পৰিয়ালৰ লোকৰ ৷ বীৰ শ্বহীদগৰাকীৰ নশ্বৰদেহ বিমানযোগে অনাৰ দাবী জনোৱাৰ পাচতো স্থলপথেৰে অনাৰ বাবেই বহু পলম হোৱাৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে ৷

উল্লেখ্য যে, শনিবাৰে দুপৰীয়া অসম ৰাইফলছৰ ওপৰত আলফা আৰু NSCN(K)ৰ সংঘটিত কৰা আক্ৰমণত প্ৰাণ গৈছিল দুগৰাকীকৈ বীৰ জোৱানৰ ৷ উক্ত ঘটনাতে নিহত হৈছিল অসম ৰাইফলছৰ ৪০ নং বেটেলিয়নৰ নায়ক চুবেদাৰ দীননাথ ৰাম (JC 2850827 NB SUB/4D) আৰু ৰাইফলমেন কালিদাস শৰ্মা (No 2851737 L RFN/GD) ৷

Intro:নগালেণ্ডত উগ্ৰপন্থীৰ গুলীত নিহত শোণিতপুৰৰ খনামুখৰ সেনাৰ জোৱান কালী দাসঃ বিৰাজ কৰিছে শোকাকূল পৰিৱেশেBody:ৰঙাপৰাঃ পুৱাৰে পৰা গাঁওখনত বিৰাজ কৰিছে এক শোকাকূল পৰিৱেশে। শোণিতপুৰ জিলাৰ ৰঙাপৰা সমষ্টিৰ খনামুখৰৰ বেৰাজান গাঁৱৰ ৰাইজ আৰু পৰিয়ালৰ লোকে কেৱল টুকিছে চকুপানী।উল্লেখ্য যে নগালেণ্ডৰ মন জিলাৰ ওখা আৰু তবুৰ মাজত শনিবাৰে দুপৰীয়া অসম ৰাইফলছৰ ওপৰত এন এছ চি এন (কে) সংঘটিত কৰাৰ ভয়াৱহ এম্বুশ্বত প্ৰাণ গৈছিল দুজনকৈ বীৰ জোৱানৰ৷ উক্ত ঘটনাত অসম ৰাইফলছৰ ৪০ নং বেটেলিয়নৰ নায়ক চুবেদাৰ দীননাথ ৰাম (JC 2850827 NB SUB/4D) আৰু ৰাইফলমেন কালিদাস শৰ্মা (No 2851737 L RFN/GD) নিহত হয়। উগ্ৰপন্থীৰ গুলীত প্ৰাণ হেৰুৱাই ছহীদ হোৱা কালিৰাম দাসৰ ঘৰ শোণিতপুৰ জিলাৰ খনামুখৰ বেৰাজানত। অসম ৰাইফলছৰ অৱসৰপ্ৰাপ্ত জোৱান সূৰ্যপ্ৰসাদ শৰ্মাৰ জ্যেষ্ঠ পুত্ৰ ৩৮ বছৰীয়া কালিদাসে ১৯৯৮ চনত যোগদান কৰিছিল অসম ৰাইফলছৰ। তাৰ পিছতে কালিৰাম দাসে বিবাহ পাশত আৱদ্ধ হৈছিল পুস্পা শৰ্মাৰ সৈতে। পত্নীসহ দ্বাদশ (দীক্ষা শৰ্মা) আৰু অষ্টম মানত (বন্দিতা শৰ্মা) অধ্যয়নৰত দুই কন্যা সন্তানক এৰি থৈ যোৱা কালিদাস শৰ্মাৰ মৃত্যুৰ বাতৰিয়ে এতিয়া বেৰাজান তথা সমগ্ৰ খনামুখ অঞ্চলতে শোকৰ ছাঁ পেলাইছে৷
তেজপুৰৰ শ'লমৰাত ভাড়াতীয়া হিচাপে থকা কালিদাসৰ নশ্বৰদেহ অনা হ'ব বেৰাজানৰ গাঁৱত থকা পিতৃগৃহলৈ৷ ইতিমধ্যে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ অন্তত তেখেতৰ নৰশ্বহ দেহ অসম ৰাইফলছৰ বিশেষ বাহনেৰে আনি থকা হৈছে। পৰিয়াল, আত্মীয় তথা গাঁওবাসীয়ে এতিয়া এনেদৰে ভিৰ কৰিছে কালিদাসৰ পিতৃ গৃহত৷ স্বামী তথা পিতৃৰ মৃত্যুত পত্নী আৰু দুই কন্যা সন্তানই ভাগি পৰিছে শোকত৷ ইফালে গাঁওবাসী ৰাইজে অধিৰ অপেক্ষাৰে বাট চাইছে দাসৰ মৃতদেহলৈ৷
সন্ধ্যা ৭ বজাৰ পৰা ৮ বজাৰ ভিতৰত কালিদাসৰ নশ্বৰ দেহ বাসগৃহ আহি পাবহি বুলি সকলোৱে ধাৰণা কৰিছে৷ কিন্তু এই ক্ষেত্ৰত অসম ৰাইফলছ তথা জিলা প্ৰশাসনে ছহীদৰ ক্ষেত্ৰত বিশেষ গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ তুলিছে পৰিয়ালৰ লোকে৷ পৰিয়ালৰ লোকে কালিদাসৰ নশ্বৰদেহ বিমানযোগে অনাৰ দাবী জনোৱাৰ পিছতো স্হলপথেৰে অনাত বহু পলম হোৱাৰ অভিযোগ তুলিছে৷ তথাপিও দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ ছহীদ কালিদাসক লৈ সকলোৱে গৌৰৱ কৰাৰ সমান্তৰালকৈ নশ্বৰদেহ বাসগৃহ আহি পোৱাৰ পিছত সামৰিক মৰ্য্যাদাৰে সম্পন্ন কৰিবঅসম ৰাইফলছে। বালিপৰাৰ লখৰাস্হিত ২০ নং অসম ৰাইফলছৰ শীৰ্ষ বিষয়াৰ উপস্হিতিত সামৰিক মৰ্য্যাদাৰে শেষকৃত সম্পন্ন কৰা হ'ব৷
Byte:RelativeConclusion:PANKAJ NAH, RANGAPARA, FOR ETV BHARAT ASOM .
Last Updated : May 26, 2019, 8:52 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.