ETV Bharat / state

নিৰ্বাচনী যুঁজত প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু কংগ্ৰেছঃ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

author img

By

Published : Jan 6, 2021, 4:09 PM IST

'কেন্দ্ৰীয় চৰকাৰৰ স্বৈৰাচাৰী আৰু আকোৰগোজ স্থিতিৰ বাবে দিল্লীত পুহমহীয়া প্ৰচণ্ড শীতৰ মাজতো কৃষি আইনৰ বিৰুদ্ধে কৃষকে প্ৰতিবাদ কৰিবলগীয়া হৈছে' । বুধবাৰে তেজপুৰস্থিত ৰাজীৱ ভৱনত সম্বোধন ধৰা এক সংবাদমেলত এই মন্তব্য কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই । বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে পূৰ্ণগতিত প্ৰস্তুতি চলাইছে বুলিও মন্তব্য কৰে মুখপাত্ৰগৰাকীয়ে ।

নিৰ্বাচনী যুঁজত প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু কংগ্ৰেছঃ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য
নিৰ্বাচনী যুঁজত প্ৰতিদ্বন্দিতা কৰিবলৈ সাজু কংগ্ৰেছঃ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য

তেজপুৰ,৬ জানুৱাৰী: চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহৰ ভিতৰতে অসমৰ প্ৰতিখন জিলাতে বুথ সন্মিলন অনুষ্ঠিত কৰাৰ কাম সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰিছে অসম প্ৰদেশৰ কংগ্ৰেছ কমিটীয়ে । বুধবাৰে তেজপুৰস্থিত ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি এই কথা প্ৰকাশ কৰে অসম প্ৰদেশৰ কংগ্ৰেছ কমিটীৰ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই । তেওঁ কয় যে, অসমত প্ৰদেশ কংগ্ৰেছৰ নির্বাচনী প্ৰচাৰ অভিযান আৰম্ভ কৰা হৈছে ।

লগতে বিভিন্ন ৰাজনৈতিক সংগঠন, জনগোষ্ঠীয় সংগঠনৰে কংগ্ৰেছৰ আলোচনা অব্যাহত আছে আৰু শীঘ্ৰেই মহাজোঁট গঠন কৰা হ'ব বুলিও মন্তব্য কৰে মুখপাত্ৰগৰাকীয়ে । আনহাতে, বিজেপিয়ে সকলো মিত্ৰ শক্তিক নিঃশেষ কৰি নিজৰ শক্তি বৃদ্ধি কৰিবলৈ ষড়যন্ত্ৰত লিপ্ত হোৱা বুলিও অপূৰ্ব কুমাৰ ভট্টাচাৰ্যই মন্তব্য কৰে । অসমত গণ শক্তি, বি পি এফ আৰু শেষত অসম গণ পৰিষদক নিঃশেষ কৰাৰ অভিযান আৰম্ভ কৰিছে বুলি অভিযোগ উত্থাপন কৰি তেওঁ কয় যে, কংগ্ৰেছ দলে কেতিয়াও নিজৰ মিত্ৰ শক্তিক গ্ৰাস কৰা নাই আৰু এনে চেষ্টা ভৱিষ্যতেও নকৰে ।

কৃষক বিদ্ৰোহৰ প্ৰসংগ উত্থাপন কৰি তেওঁ কয় যে, বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ স্বৈৰাচাৰী আৰু আকোৰগোজ স্থিতিৰ বাবে দিল্লীত হাঁড় কঁপোৱা জাৰতো ৩ খনকৈ কৃষি আইনৰ বিৰুদ্ধে কৃষকে ৰাজপথ অৱৰোধ কৰিবলগীয়া হৈছে । কৃষকৰ এই প্ৰতিবাদে প্ৰমাণিত কৰিছে যে, কেন্দ্ৰীয় চৰকাৰ অন্নদাতা কৃষকৰ বিৰোধী, তেওঁলোক দেশৰ অৰ্থনৈতিক শক্তি সদৃশ কৃষকৰ বন্ধু নহয় । এমাহৰো অধিক দিন ধৰি কৃষকে প্ৰতিবাদ কৰাৰ পিছতো চৰকাৰে একপক্ষীয়ভাৱে কৃষকৰ ওপৰত জাপি দিয়া তিনিখন ক'লা আইন আজিও বাতিল কৰা নাই । মুখপাত্ৰগৰাকীয়ে কয় যে, চৰকাৰে পুঁজিপতি গোষ্ঠীৰহে স্বাৰ্থ ৰক্ষা কৰে ।

লগতে পঢ়ক:লখিমপুৰৰ যুৱকে সাজি উলিয়ালে এটা বিশেষ ৰবট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.