ETV Bharat / state

AMFIRS 2021: শোণিতপুৰত মাইক্ৰফাইনেন্সৰ হিতাধিকাৰীক চেক বিতৰণ - AMFIRS cheques distribution program in Sonitpur

শোণিতপুৰৰ ৫৬০ গৰাকী মহিলা হিতাধিকাৰীক চৰকাৰৰ তৰফৰ পৰা আৰ্থিক সাহায্য (Cheques distribution to beneficiaries of AMFIRS)। অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনি ২০২১ৰ অধীনত চেক বিতৰণ মহিলাসকলক । শোণিতপুৰ জিলাৰ ৪,৭৮৩ হিতাধিকাৰীৰ ভিতৰত ৫৬০ গৰাকীক ২০,০০০ কৈ টকাৰ মুঠ ১ কোটি ১২ লাখ টকাৰ চেক বিতৰণ কৰা হয় ।

AMFIRS 2021
শোণিতপুৰত মাইক্ৰফাইনেন্সৰ হিতাধিকাৰীক চেক বিতৰণ
author img

By

Published : Oct 30, 2022, 5:36 PM IST

তেজপুৰ,৩০ অক্টোবৰ : সমগ্ৰ ৰাজ্যৰ লগতে শোণিতপুৰ জিলাতো অসম চৰকাৰৰ বিত্ত বিভাগৰ দ্বিতীয় পৰ্যায়ৰ অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনি ২০২১ৰ (AMFIRS 2021) অধীনত হিতাধিকাৰীৰ মাজত চেক বিতৰণ কৰা হয় (Assam Micro Finance Incentive and relief Scheme) । অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনি ২০২১ৰ অধীনত দ্বিতীয় পৰ্যায়ত জিলাখনৰ ৫৬০ গৰাকী মহিলা হিতাধিকাৰীক চৰকাৰৰ তৰফৰ পৰা আৰ্থিক সহায় প্ৰদান কৰা হয় ।

AMFIRS 2021
শোণিতপুৰত মাইক্ৰফাইনেন্সৰ হিতাধিকাৰীক চেক বিতৰণ

শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এই চেক বিতৰণ সভা । চৰকাৰৰ তৰফৰ পৰা ঋণৰ বোজা হ্ৰাস কৰিবলৈ লোৱা দ্বিতীয় পৰ্যায়ৰ প্ৰচেষ্টাৰ এই চেক বিতৰণৰ কাৰ্যসূচী তেজপুৰ বান থিয়েটাৰত অনুষ্ঠিত হয় । অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী মন্ত্ৰী পীযুষ হাজৰীকা । সভাত আনুষ্ঠানিকভাৱে ৫ গৰাকী মহিলাক মন্ত্ৰীগৰাকীয়ে চেক প্ৰদান কৰে (AMFIRS cheques distribution program in Sonitpur)।

উল্লেখ্য যে, ২০২১ চনৰ ২৮ নৱেম্বৰ তাৰিখে তেজপুৰৰ পৰাই এই আঁচনিৰ শুভাৰম্ভ কৰিছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । দ্বিতীয় পৰ্যায়ত যিসকল ব্যক্তিয়ে ঋণ পৰিশোধ কৰাত ১ ৰ পৰা ৮৯ দিনৰ বিলম্ব কৰিছে, অৰ্থাৎ যিবোৰ একাউণ্টৰ সময়সীমা উকলি গৈছে কিন্তু NPA হোৱা নাই তেনে ঋণদাতাসকলক চৰকাৰে পোনপটীয়াকৈ ২০,০০০ টকা পৰ্যন্ত এককালীন উদগনিমূলক সাহায্য অনাদায় ধন প্ৰদান কৰে । যাতে তেওঁলোকৰ একাউণ্টসমূহ সূচল হৈ থাকে আৰু চিবিল স্ক'ৰ শক্তিশালী হয় ।

শোণিতপুৰ জিলাৰ ৪,৭৮৩ হিতাধিকাৰীৰ ভিতৰত ৫৬০ গৰাকীক ২০,০০০ কৈ টকাৰ মুঠ ১ কোটি ১২ লাখ টকাৰ চেক বিতৰণ কৰা হয় । বাকী থকা হিতাধিকৰীসকলক অহা ১০ নৱেম্বৰৰ ভিতৰত সংশ্লিষ্ট ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ পৰা চেকসমূহ বিতৰণ কৰা হ'ব । চেক বিতৰণ অনুষ্ঠানত তেজপুৰ লোকসভা সমষ্টিৰ সাংসদ পল্লৱ লোচন দাস, বিধায়ক পৃথ্বিৰাজ ৰাভা, জিলা উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰৰ লগতে বহু উচ্চ পদস্থ বিষয়া উপস্থিত থাকে ।

লগতে পঢ়ক :AMFIRS 2021: হোজাইত মাইক্ৰফাইনেন্সৰ হিতাধিকাৰীক চেক বিতৰণ

For All Latest Updates

TAGGED:

AMFIRS 2021
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.