ETV Bharat / state

১২ ঘন্টীয়া অৰুণাচল বন্ধৰ আহ্বান

author img

By

Published : Feb 25, 2019, 2:49 PM IST

স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ প্ৰদানক লৈ উত্তপ্ত অৰুণাচল

অৰুণাচল বন্ধ

ইটানগৰ, ২৫ফেব্ৰুৱাৰীঃ চুবুৰীয়া অৰুণাচলত উদ্ভৱ হোৱা হিংসাত্মক পৰিস্থিতিৰ পিচতে আজি বন্ধ ঘোষণা কৰিছে স্থানীয় এক ছাত্ৰ সংগঠনে । ৰাজ্যখনৰ অল ইডু মিছিমি ছাত্ৰ সন্থাই ঘোষণা কৰিছে ১২ ঘন্টীয়া অৰুণাচল বন্ধৰ ।

সোমবাৰে ৰাতিপুৱা ৫ বজাৰ পৰা বিয়লি ৫ বজালৈ ৰাজ্যখনত ঘোষণা কৰা হৈছে বন্ধ । অৰুণাচল কেবিনেটৰ হঠকাৰী সিদ্ধান্তৰ প্ৰতিবাদতে বিগত দুদিন ধৰি উত্তাল হৈ আছে পাহাৰীয়া ৰাজ্যখন । আনহাতে দেওবাৰে ৰাজ্যখনত ব্যাপক হিংসা সংঘটিত কৰাৰ লগতে ইটানগৰ আৰক্ষী থানা আৰু উপ-মুখ্যমন্ত্ৰীৰ বাসগৃহ জ্বলাই দিছিল প্ৰতিবাদকাৰীসকলে । পৰৱৰ্তী সময়ত পৰিস্থিতি নিয়ন্ত্ৰণত আনিবলৈ সেনাই ফ্লেগ মাৰ্চ কৰিছিল যদিও বৰ্তমানেও অব্যাহত আছে উত্তেজনাময় পৰিস্থিতি ।

ছাত্ৰ সংগঠনটোৱে ৰাজ্যখনত শান্তি ঘূৰাই আনিবলৈ এইদৰে বন্ধৰ আহ্বান কৰিছে । আনহাতে অৰুণাচলৰ ৰাজ্যিক কেবিনেটে নিজৰ সিদ্ধান্তত এতিয়াও অটল হৈয়ে আছে যদিও সাধাৰণ জনতাৰ ক্ষতি হোৱা কাম নকৰে বুলি আশ্বাস প্ৰদান কৰিছে মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুৱে ।

dasfdfhghkjkl;l
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.