ETV Bharat / state

‘আইৰ সমান হ’ব কোন’ লৈ এখুদ ককাইদেউ বঁটা - LAKHIMPUR

লখিমপুৰ নাৰায়ণপুৰ নিবাসী আকাংক্ষা কুঁৱলী তামুলীৰ আইৰ সমান হ’ব কোন গ্ৰন্থলৈ 2019 বৰ্ষৰ এখুদ ককাইদেউ বঁটা ৷ অকণিৰ সাহিত্য সভাই প্ৰদান কৰি অহা এই বঁটা এইবাৰ আগবঢ়োৱা হৈছে আকাংক্ষালৈ ৷

‘আইৰ সমান হ’ব কোন’ লৈ এখুদ ককাইদেউ বঁটা
author img

By

Published : Jun 28, 2019, 10:45 AM IST

Updated : Jun 28, 2019, 11:14 AM IST

তেজপুৰ,২৮ জুন ' "খেলক শিশুৰ দলে / পৃথিৱীৰ চোতালে চোতালে/ সমাজৰ কৰণি ভৰক/ নিঘূণী সুঠাম ফুলৰে়।" নৱকান্ত বৰুৱা । ২০১৯ চনৰ "এখুদ ককাদেউ বঁটা" লখিমপুৰ নাৰায়ণপুৰ নিবাসী আকাংক্ষা কুঁৱলী তামুলীৰ "আইৰ সমান হ'ব কোন" উপন্যাসৰ বাবে আগবঢ়োৱা হ'ব বুলি বঁটা প্ৰদান সমিতিৰ আহ্বায়ক কবি প্ৰয়াগ শইকীয়াই জানিবলৈ দিয়ে ।

উক্ত বঁটাপ্ৰাপক আকাংক্ষা কুঁৱলী তামুলী লখিমপুৰ জ্ঞানজ্যোতি একাডেমীৰ দশম শ্ৰণীৰ ছাত্ৰী । তেওঁ ইয়াৰ আগতে পঞ্চম শ্ৰেণীত পঢ়ি থকা অৱস্থাতে "কুঁহি" নামৰ এখন কবিতা পুথি প্ৰকাশ পোৱাৰ লগতে "সপোনৰ সোণাৰু" নামৰ এখন হাতে লিখা আলোচনী সম্পাদনা কৰাৰ উপৰি বিভিন্ন কাকত আলোচনীত গল্প, কবিতা, প্ৰৱন্ধ আদি লিখি আহিছে । ওঠৰ বছৰৰ তলৰ লেখক-লেখিকা সকলক উৎসাহিত কৰাৰ উদ্দেশ্যৰে অকণি সাহিত্য সভাই অসমীয়া মৌলিক গ্ৰন্থৰ বাবে ইয়াৰ আগতে এখুদ ককাইদেউ বঁটা যোৰহাটৰ নৱম শ্ৰেণীৰ মনস্বিতা কলিতাক "এখনি ৰহস্যময় দাপোনৰ সিপাৰে" নামৰ উপন্যাসৰ বাবে প্ৰদান কৰিছিল ।

উল্লেখ্য যে, অসমৰ সাহিত্য জগতৰ এটি প্ৰসিদ্ধ নাম নৱকান্ত বৰুৱা । নৱকান্ত বৰুৱাই শিশু পাঠক সকলৰ বাবে এখুদ ককাইদেউ ছদ্মনামত "শিয়ালী পালেগৈ ৰতনপুৰ (১৯৫৪)", "আখৰৰ জখলা (১৯৫৬)", "মনৰ খবৰ (১৯৬০)", "ভত ওকাৰে ভূ (১৯৬৮)", "জনা নজনাৰ খেল (১৯৭০)" আদি শিশু উপযোগী গ্ৰন্থ লিখি অসমীয়া শিশু সাহিত্যৰ ভঁড়াল চহকী কৰি গৈছে । এইবাৰ এখুদ ককাইদেউ বঁটা অহা ১৪ জুলাই নৱকান্ত বৰুৱাৰ তিৰুভাৱ তিথিৰ দিনা নগাঁৱৰ এক গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানত প্ৰদান কৰিব বুলি অকণিৰ সাহিত্য সভাৰ কাৰ্যকৰী সভাপতি পংকজ বৰুৱাই জনাইছে ।

"আইৰ সমান হ'ব কোন" গ্ৰন্থলৈ এখুদ ককাইদেউ বঁটা   

তেজপুৰ,২৮ জুন ' "খেলক শিশুৰ  দলে / পৃথিৱীৰ চোতালে চোতালে/ সমাজৰ কৰণি ভৰক/ নিঘূণী সুঠাম ফুলৰে়।" নৱকান্ত বৰুৱা। ২০১৯ চনৰ "এখুদ ককাদেউ বঁটা" লখিমপুৰ নাৰায়নপুৰ নিবাসী আকাংক্ষা কুঁৱলী তামূলীৰ  "আইৰ সমান হ'ব কোন" উপন্যাসৰ বাবে আগবঢ়োৱা হ'ব বুলি বঁটা প্ৰদান সমিতিৰ আহ্বায়ক কবি প্ৰয়াগ শইকীয়া জনিবলৈ দিয়ে।

 উক্ত বঁটাপ্ৰাপক আকাংক্ষা কুঁৱলী তামূলী লখিমপুৰ জ্ঞানজ্যোতি একাডেমীৰ দশম শ্ৰণীৰ ছাত্ৰী। তেওঁ ইয়াৰ আগতে পঞ্চম শ্ৰেনীত পঢ়ি থকা অৱস্থাতে "কুঁহি" নামৰ এখন কবিতা পুথি প্ৰকাশ পোৱাৰ লগতে "সঁপোনৰ সোণাৰু" নামৰ এখন  হাতে লিখা আলোচনী সম্পাদনা কৰাৰ উপৰি বিভিন্ন কাকত আলোচনীত গল্প, কবিতা, প্ৰৱন্ধ আদি লিখি আহিছে। ওঠৰ বছৰৰ তলৰ লেখক-লেখিকা সকলক উৎসাহিত কৰাৰ উদেশ্যৰে অকণি সাহিত্য সভাই অসমীয়া মৌলিক গ্ৰন্থৰ বাবে ইয়াৰ আগতে এখুদ ককাইদেউ বঁটা যোৰহাটৰ নবম শ্ৰেণীৰ কিশোৰী মনস্বিতা কলিতাক "এখনি ৰহস্যময় দাপোনৰ সিপাৰে" নামৰ উপন্যাসৰ বাবে  প্ৰদান কৰিছিল। অসমৰ সাহিত্য জগতৰ এটি প্ৰসিদ্ধ নাম নৱকান্ত বৰুৱা। নৱকান্ত বৰুৱাই শিশু পাঠক সকলৰ বাবে এখুদ ককাইদেউ ছদ্মনামত "শিয়ালী পালেগৈ ৰতনপুৰ (১৯৫৪)",  "আখৰৰ জখলা (১৯৫৬)", "মনৰ খবৰ (১৯৬০)",  "ভত ওকাৰে ভূ (১৯৬৮)", "জনা নজনাৰ খেল (১৯৭০)" আদি শিশু উপযোগী গ্ৰন্থ লিখি অসমীয়া শিশু সাহিত্যৰ ডঁড়াল চহকী কৰি গৈছে। এইবাৰ এখুদ ককাইদেউ বঁটা অহা ১৪ জুলাই নৱকান্ত বৰুৱাৰ তিৰুভাৱ তিথিৰ দিনা নগাঁৱৰ এক গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানত প্ৰদান কৰিব বুলি অকণিৰ সাহিত্য সভাৰ কাৰ্যকৰী সভাপতি পংকজ বৰুৱাই জনাইছেl।
Last Updated : Jun 28, 2019, 11:14 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.