তেজপুৰ,৪ মাৰ্চ: " ভাৰতীয় বায়ু সেনাই পাকিস্তানৰ উগ্ৰপন্থীৰ শিবিৰত কৰা এয়াৰ ষ্ট্ৰাইকৰ প্ৰমাণ বিচৰা কাৰ্য ভাৰতৰ সাৰ্বভৌমত্বৰ প্ৰতি ভাবুকি স্বৰূপ ।"-- এই মন্তব্য অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ ।
সমগ্ৰ দেশতে এয়াৰ ষ্ট্ৰাইকৰ প্ৰমাণ বিচাৰি বিৰোধীয়ে উত্তাল পৰিৱেশৰ সৃষ্টি কৰাৰ সময়তে সংবাদ মাধ্যমৰ আগত এনেদৰে মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই । ভাৰত চৰকাৰে তিনি সেনা বাহিনীৰ মুৰব্বীক সম্পূৰ্ণ অধিকাৰ দি থোৱাৰ পাচত সেনাই নিজৰ মতে কাম কৰি আছে আৰু ইয়াত দ্বিমত থাকিব নোৱাৰে বুলি মন্তব্য কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ।কেৱল এয়াই নহয়,সমগ্ৰ বিশ্বই পাকিস্তানক একে মুখে ধিক্কাৰ দি থকাৰ সময়ত ইয়াতকৈ আৰু কি প্ৰমাণ লাগে বুলি ওভতাই প্ৰশ্নহে কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ।