চতিয়া, 8 মে': বৃহস্পতিবাৰে বিয়লি চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ একক প্ৰচেষ্টাত গঢ় লৈ উঠা কন্যকা কৃষি পামত উপস্থিত হয় কৃষি মন্ত্ৰী অতুল বৰা ৷ কন্যকাৰ নতুন সংযোজন থলুৱা মাছক বৈজ্ঞানিক পদ্ধতিৰে পোনা উৎপাদনৰ ক্ষেত্ৰত লোৱা এক পদক্ষেপৰ শুভাৰম্ভণি কৰে মন্ত্ৰী গৰাকীয়ে ৷
মাছৰ পোনা উৎপাদনৰ বাবে মাছক বেজী দিয়াৰ লগতে দুহেজাৰ বিঘা ভূমিৰে আগুৰি থকা কন্যকাৰ উৎপাদিত কৃষিজাত সামগ্ৰীৰ উপৰিও, গো-পালন, ম’হ পালন, গাহৰি পালন, ছাগলী পালন আদিৰ ব্যৱস্থা দেখি মন্ত্ৰী গৰাকী অভিভূত হৈ পৰে বুলি উল্লেখ কৰে ৷ ইয়াৰোপৰি এই নতুন পদক্ষেপে সমষ্টিটোৰ শ শ নিবনুৱাক মৎস্য উৎপাদনৰ জৰিয়তে স্বাৱলম্বী কৰিব বুলিও মত পোষণ কৰে মন্ত্ৰী অতুল বৰাই ৷
আনহাতে ৰাজ্যৰ যোগান মন্ত্ৰী ফণীভূষণ চৌধৰীও বৃহস্পতিবাৰে চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ কন্যকা কৃষি পামত উপস্থিত হৈ অভিভুত হৈ পৰে ৷ বিধায়ক পদ্ম হাজৰিকাৰ আদৰ্শৰে যদি আগুৱাই যায় তেন্তে নিশ্চিতভাৱে ৰাজ্যখন অৰ্থনৈতিক দিশত আগুৱাই যাব বুলি মত প্ৰকাশ কৰে যোগান মন্ত্ৰী গৰাকীয়ে ৷
লগতে পঢ়কঃ লক্ ডাউনৰ মাজতে ৰাজ্যৰ কৃষি খণ্ডলৈ সুখবৰঃ কৃষিমন্ত্ৰীৰে EXCLUSIVE সাক্ষাৎকাৰ