তেজপুৰ,৭ জুলাই: তেজপুৰৰ সাংস্কৃতিক জগত আজি নিস্তব্ধ । হেৰাই গ'ল এটি প্ৰচুৰ সম্ভাৱনাময় এটি প্ৰতিভা । অকালতে জীৱনৰ নাটখনি সামৰিলে তেজপুৰৰ জনপ্ৰিয় অভিনয় শিল্পী বিজয় শংকৰ শইকীয়াই । বৃহস্পতিবাৰে নিশালৈকে এটি বিশেষ গীতৰ দৃশ্য গ্ৰহণত ব্যস্ত থাকি আজি পুৱা ৬ বজাতেই শ্বুটিং আৰম্ভ কৰিব লগা তেজপুৰবাসীৰ অতি আদৰৰ বহুমূখী প্ৰতিভাধৰ শিল্পী বিজয় শংকৰ শইকীয়াক নিয়তিয়ে পুৱা শ্বুটিংস্থলীলৈ যাবলৈ আৰু নিদিলে ।
খোজ" নামৰ এটি বিশেষ গীতৰ দৃশ্যগ্ৰহণ সামৰি নিশা তেজপুৰৰ ঊষানগৰৰ ৪ নম্বৰ উপ পথৰ বাসগৃহত খোৱা-বোৱা কৰি বিচনালৈ যোৱাৰ সময়তে হৃদযন্ত্ৰজনিত ৰোগত আকস্মিক ভাৱে আক্ৰান্ত হৈ পৰিছিল অভিনেতাগৰাকী । লগে লগে পৰিয়ালৰ লোকে তেজপুৰৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসালয়ত নিশা প্ৰায় ১২-৩০ মান বজাত চিকিৎসকে মৃত ঘোষণা কৰে মাত্ৰ ৩৯ বছৰীয়া তেজপুৰৰ লগতে ৰাজ্যখনৰ এগৰাকী দক্ষ অভিনেতা, লোকশিল্পী, পৰিচালক, ৰূপসজ্জক তথা সুদক্ষ চিত্ৰগ্ৰহণকাৰী-আলোকচিত্ৰ শিল্পী বিজয় শংকৰ শইকীয়াৰ ।
তেজপুৰৰ আজন্ম শিল্পী, নটসূৰ্য্য ফণী শৰ্মা বঁটা প্ৰাপক প্ৰয়াত উদয় শংকৰ শইকীয়াৰ পুত্ৰ বিজয় শংকৰো জন্ম সূত্ৰেই এগৰাকী প্ৰতিভাধৰ শিল্পী আছিল । ১৯৮৪ চনত জন্মগ্ৰহণ কৰা বিজয় শংকৰ ছাত্ৰ অৱস্থাৰ পৰাই সকলো ক্ষেত্ৰৰে এগৰাকী পাৰদৰ্শী শিল্পী আছিল । "প্ৰত্যাৱৰ্তনৰ পিছত সত্য" শীৰ্ষক নাটকেৰে ২০০১ চনৰ পৰাই অভিনয় জীৱন আৰম্ভ কৰা বিজয়ে ইয়াৰ পৰৱৰ্তী সময়ত "কাকো পৰিল তালো সৰিল" নামৰ নাটকৰ পিছত আৰু অভিনয়ৰ ক্ষেত্ৰত পিছলৈ এবাৰো উভতি চাব লগা হোৱা নাছিল ।
বিজয়ে দহখনতকৈও অধিক একাংক নাট, প্ৰায় ৪০ খনতকৈও অধিক পূৰ্ণাংগ নাটকৰ লগতে দূৰদৰ্শন আৰু ছেটেলাইট চেনেলৰ ধাৰাবাহিক "ৱাহ অমৰাৱতী ৱাহ", "জোনালী এল এল বি", "আই এম জম", "বেহাৰবাৰী আউট পোষ্ট", ‘‘লগন’’,‘‘লাহৰী গাঁও পঞ্চায়ত’’,''বান্ধোন'', ''দৈনন্দিন'', ''হাতোৰা'', ''বিধাতা'', ''সপোন'' আদিকে ধৰি অসংখ্য ধাৰাবাহিক আৰু ৱেব চিৰিজিত মনপৰশা অভিনয়ৰ লগতে ''কৃষ্ণ চূড়া ডট কম'', ''মজলী', 'দূৰণিৰ নিৰলা পঁজা'' ৰ পৰা শেহতীয়াকৈ ''ডক্টৰ বেজবৰুৱা 2'' কে ধৰি ১৫ খনকৈ চলচ্চিত্ৰতো অভিনয় কৰিছিল ।
দহখনতকৈও অধিক নাটক পৰিচালনা কৰা বিজয় আছিল অন্যতম জনপ্ৰিয় লোকবাদ্যৰ অনুষ্ঠান "তেজপুৰ থেছপীয়ান" ৰ জন্মদাতা । আনহাতে দৰং মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ একালৰ ছাত্ৰ বিজয় একেখন মহাবিদ্যালয়তে অস্থায়ীভাৱে জন সম্পৰ্কৰক্ষী আৰু সাংস্কৃতিক বিষয়া হিচাপে কৰ্মৰত হৈ থকা সময়ত "ব্লেক এণ্ড হোৱাইট" নামৰ মহাবিদ্যালয়ৰ শিক্ষাৰ্থীকলৈ এটি নাট্যদল গঠন কৰি বিভিন্ন প্ৰান্তত নাট প্ৰতিযোগিতাত কৃতিত্ব অৰ্জন কৰাৰ লগতে সেই সময়চোৱাতে বিজয় শংকৰৰ তৎপৰতাত মহাবিদ্যালয়খনৰ শিক্ষাৰ্থীৰ মাজত এন এছ ডিৰ জৰিয়তে অনুষ্ঠিত হৈছিল নাট কৰ্মশালা ।
বৰ্তমান সময়লৈকে আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱসমূহত দৰং মহাবিদ্যালয় দলক সহযোগিতা আগবঢ়াই অহা বিজয়ে পৰৱৰ্তী সময়ত "শংকৰ" শীৰ্ষক এক লোকশিল্পীৰ অনুষ্ঠানৰ উপৰি "নক্ষত্ৰ" নামৰ আন এক লোকবাদ্যৰ অনুষ্ঠানৰ সৈতেও জড়িত হৈ আছিল । ৰাজ্যখনৰ বিভিন্ন নাট প্ৰতিযোগিতাত শ্ৰেষ্ঠ অভিনেতাৰ সন্মান অৰ্জন কৰা বিজয়ে ২০২১ চনত দেশৰ বিশ্ববিদ্যালয়সমূহৰ মাজত হোৱা এক বিশেষ প্ৰতিযোগিতাত তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা নিজে চৰাইক লৈ ৰচনা কৰা প্ৰকৃতিৰ ওপৰত নাটক "টুউ লেট" মঞ্চস্থ কৰি সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল ।
লগতে অলপতে প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্টৰ উদ্যোগত অনুষ্ঠিত হোৱা ৰাজ্যখনৰ মেগা নাট প্ৰতিযোগিতা "আইনা জীৱনৰ ৰংগমঞ্চ"ত শ্ৰেষ্ঠ পৰিচালকৰ বঁটাৰ লগতে শ্ৰেষ্ঠ মেকআপ আৰ্টীষ্টৰ সন্মান লাভ কৰিছিল । বহু বাটৰ নাট পৰিচালনা, অভিনয়, বহু ছুটি ছবি পৰিচালনা আৰু অভিনয়ৰ উপৰি বহু নাটকৰ পোহৰ ব্যৱস্থাপনা, সংগীত পৰিচালনাৰ উপৰি এগৰাকী সুদক্ষ আলোকচিত্ৰ শিল্পী হিচাপে বহু ছুটি ছবিৰ দৃশ্যগ্ৰহণ কৰাৰ লগতে এগৰাকী দক্ষ ৰূপসজ্জা শিল্পী হিচাপেও দক্ষতাৰ পৰিচয় দিবলৈ সক্ষম হৈছিল । তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰৰ এগৰাকী নিয়মীয়া তৰুণ প্ৰজন্মৰ দক্ষ শিল্পী আছিল বিজয় শংকৰ শইকীয়া ।
এনে এগৰাকী প্ৰতিভাশালী শিল্পীৰ অকাল বিয়োগৰ খবৰ পোৱা মাত্ৰকে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত অসংখ্য গুণমুগ্ধৰ সমাগম ঘটে । পুৱাই জনপ্ৰিয় শিল্পী বিজয় শংকৰ শইকীয়াৰ অকাল মৃত্যুৰ সংবাদে সমগ্ৰ ৰাজ্যখনতে এক শোকাকুল পৰিবেশৰ সৃষ্টি কৰে । পৰৱৰ্তী সময়ত সকলোৰে আদৰৰ বিজয়ৰ নশ্বৰদেহ তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ৰ পৰা জীৱনৰ অধিকাংশ সময় পাৰ কৰা তেজপুৰৰ ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰ প্ৰাংগনলৈ নিয়াৰ পিছত শোকত ভাঙি পৰে বিজয়ৰ গুণগ্ৰাহীসকল ।
বাণ থিয়েটাৰৰ উপসভাপতি দিলীপ বৰা, ভৱানন্দ দাস, সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰী, সাধাৰণ পৰিচালক ভূপেন শৰ্মা, সম্পাদক দ্বীজেন নাথ, হেমন্ত কুমাৰ শৰ্মা প্ৰমুখ্যে সকলো কাৰ্যনিৰ্বাহক সদস্যই অশ্ৰুসিক্ত নয়নেৰে নশ্বৰ দেহত পুষ্পাঞ্জলি অৰ্পনৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে । লগতে বাণ থিয়েটাৰ প্ৰাংগনতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, বিশিষ্ট অভিনেত্ৰী ডা০ জাহানাৰা বেগম, দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড০ জয় শংকৰ হাজৰিকা, অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ সভাপতি পুলিন ভট্টাচাৰ্য, প্ৰবীণ অভিনেত্ৰী বীণা পটংগীয়া, বাণ থিয়েটাৰৰ প্ৰাক্তন সাধাৰণ সম্পাদক নিপ বৰাই ।
ইয়াৰোপৰি বিশিষ্ট অভিনেত্ৰী চিমী গোস্বামী, নাট্যশ্ৰীৰ পৰা কৰুণা শইকীয়া, সৰগমৰ পৰা ৰাজীৱ মহন্ত, জংগমৰ সভাপতি জিতেন বৰঠাকুৰ, জয়মতী সংঘৰ নৰেণ শইকীয়া, অসম ৰেপাৰেটৰীৰ পৰা পুলক কুমাৰ ডেকা, তেজপুৰ অনাতাঁৰ কেন্দ্ৰৰ শান্তনু শইকীয়া, উত্তৰ পশ্চিম তেজপুৰ শাখা সাহিত্য সভাৰ পৰা সম্পাদক প্ৰশান্ত কুমাৰ দাস, মিলনবাকৰি ৰাস মহোৎসৱ সমিতিৰ পৰা ময়ূৰ কাঞ্চন বৰা, অসম নাট্য সন্মিলনৰ তৰফৰ পৰা কেন্দ্ৰীয় উপসভাপতি মৃগেন চন্দ্র বড়া, তেজপুৰ শাখাৰ সম্পাদক জিন্টু বৰঠাকুৰ, গুৱাহাটী বিশ্ববিদ্যালয় ছাত্ৰবাস, তেজপুৰ পৌৰসভাৰ পৰা মৰমী শইকীয়ায়ো শেষ বিদায় জনাই প্ৰতিভাধৰ অভিনেতাগৰাকীক ।
সমান্তৰালভাৱে অবদান নাট্যগোষ্ঠী,তেজপুৰ সাহিত্য সভা, শোণিতপুৰ জিলা সাহিত্য সভা, মহাদেৱ শৰ্মা শাখা সাহিত্য সভাৰ সম্পাদক সত্যদেৱ শৰ্মা, সংগীতম আৰু সুদৰ্শন অসমৰ পৰা সঞ্জয় কৃষ্ণ গোহাঞি বৰুৱা, বিজয়া সংঘ, ভূপেন ডেকা ৰংগমঞ্চ, মাজগাঁও শ্ৰীমন্ত শংকৰদেৱ মন্দিৰ অনুষ্ঠান, নটৰাজম কলা মন্দিৰ, অসমীয়া ক্লাব, কবি সাহিত্যিক দিলীপ ফুকন, সমাজকৰ্মী হিৰণ্য ভুঞা, তেজপুৰৰ আটাইকেইটা সাংবাদিক সন্থাৰ বিষয়ববীয়াৰ লগতে অসংখ্য ব্যক্তি আৰু অনুষ্ঠানে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ।
ইয়াৰ পিছতেই অভিনেতাগৰাকীয়ে অধ্যয়ন কৰা মহাবিদ্যালয় দৰং মহাবিদ্যালয়লৈ নিয়া হয় অভিনেতাগৰাকৰীৰ নশ্বৰ দেহ । মহাবিদ্যালয়খনত উপস্থিত হোৱাৰ পিছত মহাবিদ্যালয়খনৰ জ্যেষ্ঠ সহায়ক অচ্যুত শৰ্মাই আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত প্ৰথমেই অধ্যক্ষ ড০ পলাশমণি শইকীয়াৰ লগতে উপাধ্যক্ষ ক্ষীৰেন্দ্ৰ হালৈয়ে শেষ শ্ৰদ্ধা জ্ঞাপন কৰাৰ পিছত একাংশ শিক্ষক-শিক্ষয়িত্ৰী, প্ৰাক্তন আৰু বৰ্তমানৰ শিক্ষাৰ্থীয়ে এসময়ৰ মহাবিদ্যালয়খনৰ অস্থায়ী বিশেষ জন সম্পৰ্কৰক্ষী তথা সাংস্কৃতিক বিষয়াগৰাকীৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰে ।
বিয়লি স্থানীয় দৌলগুৰি শান্তিধামত অসংখ্য গুণমুগ্ধৰ উপস্থিতিত ৮ বছৰীয়া কন্যাই মুখাগ্নি কৰাৰ সময়তো এক শোকাকুল পৰিবেশে বিৰাজ কৰে । মৃত্যুৰ সময়ত পত্নীৰ লগতে তৃতীয় শ্ৰেণীত পঢ়ি থকা এগৰাকী কন্যা আৰু ডেৰমহীয়া এটি পুত্ৰ সন্তান সহ অসংখ্য গুণমুগ্ধক এৰি থৈ যায় বিজয়ে । এইগৰাকী অতি প্ৰতিভাধৰ শিল্পীৰ অকাল বিয়োগত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস, তেজপুৰৰ প্ৰাক্তন বিধায়ক বৃন্দাবন গোস্বামী, শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাকে আদি কৰি বিভিন্নজনে গভীৰ শোক প্ৰকাশ কৰি পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে ।
লগতে পঢ়ক: Fire breakout in Chandrapur: সুৰাপানত বাধা দিয়াৰ বাবে ধাবাত অগ্নিসংযোগ