তেজপুৰ,২৪ ছেপ্টেম্বৰ : বাতিল কৰা হ'ল ৭ খন ৰাজ্যৰ মুঠ 43 খন গুৰুত্বপূৰ্ণ দলঙৰ মুকলি অনুষ্ঠান ৷ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ভিডিঅ' কনফাৰেঞ্চিং যোগে মুকলি কৰাৰ কথা আছিল ভাৰতৰ বৰ্ডাৰ ৰোডছে নিৰ্মাণ কৰা মুঠ 43 খন সীমান্তৱৰ্তী দলং ৷ এই দলং কেইখনৰ ভিতৰত অৰুণাচল প্ৰদেশৰ আপাৰ চিয়াঙৰ 'দিতে ডিমে'ৰ নৱনিৰ্মিত ভাৰত চীন সীমান্তৰ ওলোমা দলঙখনো আনুষ্ঠানিক ভাৱে মুকলি কৰা কথা আছিল ৷ কিন্তু ৰেল ৰাজ্যিক মন্ত্ৰী সুৰেশ আংগাৰীৰ মৃত্যুৰ বাবে বাতিল কৰা হয় এই অনুষ্ঠান ৷
উল্লেখ্য যে, দেশৰ মুঠ ৭ খন ৰাজ্যত এই দলং নিৰ্মান হৈছে ,তাৰ ভিতৰত লাডাখৰ ৭ খন উত্তৰাখণ্ড ৮ , জম্মু কাশ্মীৰৰ ১০ , হিমাচল প্ৰদেশ ২ ,পাঞ্জাৱ ৪ ,অৰুণাচল প্ৰদেশৰ ৮, ছিক্কিমৰ ৪ খন দলং ৷ ইতিমধ্যে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে দলং কেইখনৰ । দীৰ্ঘদিনীয়া অপেক্ষাৰ অন্ত পেলাই প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে নতুন দিল্লীৰ পৰা সম্বোধন কৰাৰ কথা আছিল যদিও ৰাজ্যিক ৰেল মন্ত্ৰীগৰাকীৰ মৃত্যুৰ বাবে এই অনুষ্ঠান বাতিল কৰে প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে ৷
অন্য এক খবৰৰ বাবে: ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত দিনটোৰ শীৰ্ষ বাতৰি