ETV Bharat / state

Retired Chaiduar College Teacher's Artwork praised: আজৰি পৰৰ সৃষ্টিত এগৰাকী অধ্যক্ষৰ হাতত প্ৰাণ পাই উঠিছে শিল্পকলাই

গহপুৰৰ এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যক্ষ, যাৰ সৃষ্টিৰাজিয়ে মোহিত কৰিছে সকলোকে ৷ সেই বিশেষ অধ্যক্ষগৰাকীৰ কাহিনী আপোনালোকলৈ আগবঢ়ালো-

author img

By

Published : Jul 18, 2023, 10:00 PM IST

a professor gets praise for his unique work
এগৰাকী অধ্যক্ষৰ সৃষ্টিৰাজি
এগৰাকী অধ্যক্ষৰ সৃষ্টিৰাজি

বিশ্বনাথ, ১৮ জুলাই : আজৰি পৰৰ তেওঁৰ অপূৰ্ব সৃষ্টিৰাজি ৷ অধ্যক্ষতাৰ পিচত এতিয়া তেওঁ নিজকে নিয়োগ কৰি ৰাখিছে কিছু সৃষ্টিশীল কামত ৷ তেওঁৰ এই সৃষ্টিশীলতাই ইমানেই প্ৰশংসা লাভ কৰিছে যে তেওঁ আজি বাতৰিৰ শিৰোনামত ৷

বিশ্বনাথৰ গহপুৰৰ এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যক্ষ ৷ নিজৰ সৃষ্টিশীলতাৰ বাবে আজি সকলোৰে মাজত পৰিচিত হৈ পৰিছে তেওঁ ৷ দৃষ্টিনন্দন সৃষ্টিৰাজিৰে চমক সৃষ্টি কৰিছে অধ্যক্ষগৰাকীয়ে ৷ ইতিমধ্যেই প্ৰত্যক্ষদৰ্শী মোহত পৰিছে তেওঁ কাৰুকাৰ্যৰ ।

সমগ্ৰ পেলনীয়া সামগ্ৰীৰে অধ্যক্ষগৰাকীয়ে নিৰ্মাণ কৰি উলিয়াইছে কেইবাগৰাকীও পুৰোধা ব্যক্তিৰ মুখাৱয়ব ৷ পেলনীয়া নাৰিকলৰ কুৰুকা, গছৰ বাকলি, গছৰ ডাল-পাতেৰেই সৃষ্টি কৰিছে এই মুখাৱয়ব ৷ জাতিৰ পিতা মহাত্মা গান্ধী, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা, হিৰুদা, ভূপেন হাজৰিকা, ৰবীন্দ্ৰনাথ ঠাকুৰৰ লগতে আৰু কেইবাগৰাকীও প্ৰখ্যাত ব্যক্তিৰ মুখাৱয়ব তৈয়াৰ কৰিছে তেওঁ ৷

নাৰিকলৰ কুৰুকা, গছৰ চালেৰে মুখাৱয়ব নিৰ্মাণ কৰা অধ্যক্ষগৰাকী ইতিমধ্যে বহুত ঠাইত চৰ্চিত হৈছে আৰু এই আকৰ্ষণীয় কাৰুকাৰ্যৰ বাবে বহুতো সন্মান লাভ কৰিবলৈয়ো সক্ষম হৈছে ৷ তেওঁ হ’ল গহপুৰৰ ঐতিহ্যমণ্ডিত ছয়দুৱাৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপক তথা অধ্যক্ষ দিগন্ত গোহাঁই ৷ মুখাৱয়ব নিৰ্মাণ কৰাটো তেওঁৰ আজৰি পৰৰ কাম বুলি ই টিভি ভাৰতক জানিবলৈ দিয়ে তেওঁ ৷

এইসমূহৰ সৃষ্টিৰাজিৰ লগতে ‘এটা থেকেৰাফুলীয়া ইলেক্ট্ৰনিক সপোন’; ‘শব্দৰ ডেউকা চুই’; ‘মূৰ্চনা’ শীৰ্ষক কেইবাখনো গ্ৰন্থ লিখি উলিওৱাৰ লগতে আন কেইবাখনো গ্ৰন্থ সম্পাদনা কৰিছে গোহাঁঞে । সৃষ্টিশীল এটা মন থাকিলে পেলনীয়া সামগ্ৰীকো যে জীৱন্ত কৰি তুলিব পাৰি তাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে এইগৰাকীয়ে অৱসৰপ্ৰাপ্ত অধ্যাপকে ।

লগতে পঢ়ক : Veterinary hospital in Gohpur:গহপুৰত পশু চিকিৎসালয়ৰ পয়ালগা অৱস্থা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.