ETV Bharat / state

ৰাতিপুৱাই খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ বন্যহস্তীৰ - খাদ্য সন্ধানত তেজপুৰৰ ফৰেষ্ট

তেজপুৰৰ ফৰেষ্ট ঘাটৰ পৰা পোনে পোনে গণেশ মন্দিৰ হৈ তেজপুৰ কলেজৰ কেম্পাছত প্ৰৱেশ কৰিলে এটা প্ৰকাণ্ড বন্যহস্তীয়ে । বাতৰি সংগ্ৰহ কৰা পৰলৈকে হাতীটোক বনাঞ্চলমুখী কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে বন বিভাগে ৷

a-elephen-entering-the-tezpur-college-campus
ৰাতিপুৱাই খাদ্য সন্ধানত জনাঞ্চলত প্ৰৱেশ বন্যহস্তীৰ
author img

By

Published : Dec 19, 2020, 2:23 PM IST

তেজপুৰ, ১৯ ডিচেম্বৰ : শনিবাৰে পুৱাই খাদ্যৰ সন্ধানত তেজপুৰৰ ফৰেষ্ট ঘাটৰ পৰা পোনে পোনে গণেশ মন্দিৰ হৈ তেজপুৰ কলেজৰ কেম্পাছত প্ৰৱেশ কৰিলে এটা প্ৰকাণ্ড বন্যহস্তীয়ে । বন বিভাগৰ তাৎপৰতাত প্ৰকৃতি প্ৰেমী সৌৰভ বৰকটকীৰ সহযোগিতাত তেজপুৰ কলেজৰ পৰা বনৰীয়া হাতীটোক আঁতৰাই অনা হয় ৷ কিন্তু ৰাজপথত মানুহৰ জুম দেখি হাতীটোৱে দিক হেৰুৱাই পেলায় ৷

ৰাতিপুৱাই খাদ্য সন্ধানত জনাঞ্চলত প্ৰৱেশ বন্যহস্তীৰ

ইয়াৰ পৰৱৰ্তী সময়ত পুনৰ হাতীটোৱে গণেশ মন্দিৰত প্ৰৱেশ কৰে ৷ আকৌ হুৱাদুৱা পৰিস্থিতিৰ ফলত তেজপুৰ ৰাজীৱ ভৱনৰ কাষৰ পৰা পুনৰ হাতীটোৱে কনভেণ্ট স্কুলৰ কাষত আশ্ৰয় গ্ৰহণ কৰে ।

উল্লেখ্য যে, বাতৰি সংগ্ৰহ কৰা পৰলৈকে হাতীটোক বনাঞ্চলমুখী কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে বন বিভাগে ৷ ইফালে হাতীটো কাজিৰঙাৰ বুঢ়া চাপৰি পৰা অহা বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷

লগতে পঢ়ক:ছোনিয়া, মনমোহন আৰু ৰাহুলৰে বৈঠকত মিলিত হ'ব G23 নেতা

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.