ETV Bharat / state

Silpi Diwas Observed in Assam : শিল্পী দিৱসত ঊষা নগৰীত জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ

author img

By

Published : Jan 17, 2023, 1:23 PM IST

Updated : Jan 17, 2023, 3:24 PM IST

ঊষা নগৰীত ৰূপান্তৰৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৭২ সংখ্যক স্মৃতি দিৱস উদযাপন (Silpi Divas observed in Tezpur) । উপস্থিত থাকে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা, শিলচৰৰ সাংসদ ৰাজদ্বীপ ৰায়, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, ৰূপকোঁৱৰৰ কন্যা জ্ঞানশ্ৰী পাঠক আদি ।

Tezpur
Tezpur
তেজপুৰত শিল্পী দিৱস উদযাপন

তেজপুৰ, ১৭ জানুৱাৰী : ৰূপান্তৰৰ শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ৭২ সংখ্যক স্মৃতি দিৱসৰ আজিৰ দিনটোত তেওঁৰ কৰ্ম-সাধনাৰ স্থলী ঊষানগৰী তেজপুৰত ৰূপকোঁৱৰ বন্দনাৰে মুখৰিত হৈ পৰে (Silpi Divas observed in Tezpur) । পুৱা তেজপুৰ সাহিত্য সভা ভৱনৰ সন্মুখত থকা আৱক্ষ মূৰ্তিত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান শুভাৰম্ভ কৰে (Rupkonwar Jyotiprasad Agarwala death anniversary) তেজপুৰ সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ৰমেশ চন্দ্ৰ কলিতাই ।

আনহাতে, ৰূপকোঁৱৰৰ পৈতৃক গৃহ তেজপুৰৰ ঐতিহাসিক 'পকী' (historical Poki of Jyotiprasad Agarwala) অৰ্থাৎ জ্যোতি ভাৰতীতো আজি পুৱাৰে পৰা অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় জ্যোতি ভাৰতী আৰু শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত জনতাৰ শিল্পীগৰাকীৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভা, ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতা, শিলচৰৰ সাংসদ ৰাজদ্বীপ ৰায়, কলাগুৰুৰ জ্যেষ্ঠ পুত্ৰ তথা তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই ।

লগতে শ্ৰদ্ধাঞ্জলি জনায় এমট্ৰণৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মাৰ লগতে ৰূপকোঁৱৰৰ কন্যা জ্ঞানশ্ৰী পাঠক, শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া কৰণ আদিয়ে (Silpi Diwas observed in Assam) । জ্যোতি ভাৰতীৰ শিল্পীসকলে পৰিবেশন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতেই তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই অসমৰ প্ৰথমখন চলচ্চিত্ৰ 'জয়মতী'ৰ আপুৰুগীয়া ফটোৰ প্ৰদৰ্শনী উন্মোচন কৰে । অনুষ্ঠানটিত জ্যোতি ভাৰতীৰ শিল্পী আলিম্পন চৌধুৰীয়ে ৰচনা কৰা এখন গীতি-আলেখ্যও পৰিবেশন কৰা হয় ।

ৰাজ্যসভাৰ সাংসদ ভুৱনেশ্বৰ কলিতাইও স্মৃতিচাৰণ কৰা অনুষ্ঠানটিত ৰূপকোঁৱৰৰ ভতিজাক অপৰূপ আগৰৱালাক জ্যোতি ভাৰতী কৰ্তৃপক্ষই বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰাৰ লগতে ৰূপকোঁৱৰৰ কন্যা জ্ঞানশ্ৰী পাঠকে 'পকী'ৰ স্মৃতি ৰোমন্থন কৰি পিতৃৰ স্মৃতিচাৰণ কৰে । আনহাতে, ৰূপকোঁৱৰৰ স্মৃতি বিজড়িত ঐতিহ্যমণ্ডিত বাণ থিয়েটাৰতো অনুষ্ঠিত বিশেষ শ্ৰদ্ধাঞ্জলি আৰু স্মৃতিচাৰণ অনুষ্ঠানত তেজপুৰৰ প্ৰবীণ কণ্ঠশিল্পী সচ্চিদানন্দ বৰাক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে ।

ৰূপকোঁৱৰৰ কালজয়ী গীত, গীতৰ আধাৰত নৃত্যৰে আজি বাণ থিয়েটাৰ প্ৰাংগণ মুখৰিত হৈ পৰে । এই অনুষ্ঠানতে সোমবাৰে অসম চৰকাৰে শিল্পী পেন্সন প্ৰদানৰ কথা ঘোষণা কৰা ভাওনা শিল্পী জয়চন্দ্ৰ নাথৰ লগতে এককালীন শিল্পী সন্মান প্ৰাপক তেজপুৰৰ ১১ গৰাকী বিভিন্ন ক্ষেত্ৰৰ শিল্পীক একোখনকৈ গামোচাৰে অভিনন্দন জ্ঞাপন কৰে । উল্লেখযোগ্য যে জয়মতী কথাছবিৰ ফটো প্ৰদৰ্শনী, পৰিয়ালৰ সৈতে স্মৃতি ৰোমন্থন, কবিতা আবৃত্তি, জ্যোতি সংগীত, বিভিন্ন শিক্ষানুষ্ঠানৰ শ্রেষ্ঠ শিল্পীৰ দ্বাৰা গীতৰ অনুষ্ঠান আৰু ৫০ খন ভায়লিনেৰে সন্ধিয়াভাগত জ্যোতি সংগীত পৰিবেশন কৰিব ।

আনহাতে, জ্যোতি ভাৰতীৰ 'পকী'ত পুনৰ নিৰ্মাণ হ'বলগীয়া সাম্ভাব্য তোৰণ প্ৰদৰ্শন কৰা হয় । ৰূপকোঁৱৰৰ পিতৃ হৰিবিলাস আগৰৱালাই ১৮৭৪ চনত 'পকী' গৃহ নিৰ্মাণ কৰিছিল আৰু সেই সময়ত অসমত এইটোৱেই একমাত্ৰ পকীঘৰ হোৱাৰ বাবে এই গৃহটোৰ নাম পকী ৰখা হয় । পৰৱৰ্তী সময়ত ১৯৭৭ চনত এই গৃহটো অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকৰ অধীনস্থ কৰা হয় । বৰ্তমান ২০২২ চনত অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই 'পকী' গৃহ পৰিদৰ্শন কৰি পুনৰ নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰে তেজপুৰত অনুষ্ঠিত কেবিনেট বৈঠকত ।

উল্লেখযোগ্য যে জাতিৰ পিতা মহামানৱ মহাত্মা গান্ধীয়ে ১৯২১ চনত এই 'পকী'ত জিৰণি লৈছিল আৰু 'পকী'ৰ পৰাই অসমৰ ৰাইজক সম্বোধন কৰিছিল । বৰ্তমান অসম চৰকাৰে বিজ্ঞানসন্মতভাৱে সংৰক্ষণ আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে অসম চৰকাৰে প্ৰায় ৫ কোটি টকাৰ এক পুঁজি মুকলি কৰাৰ সম্ভাৱনা আছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক :Assam observes Shilpi Divas: পকীত ৰূপকোঁৱৰক সুঁৱৰি শিল্পী দিৱস পালন

Last Updated : Jan 17, 2023, 3:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.