ETV Bharat / state

সেনাৰ দীক্ষান্ত সমাৰোহত ২৪৮ জন সৈনিকৰ প্ৰশিক্ষণ সমাপ্ত - ৫৮ গোর্খা প্ৰশিক্ষণ শিবিৰ

শনিবাৰে শ্বিলংস্থিত ভাৰতীয় সেনা বাহিনীৰ ৫৮ গোর্খা প্ৰশিক্ষণ শিবিৰত অনুষ্ঠিত হয় দীক্ষান্ত সমাৰোহ । ২৪৮ জন নতুন সৈনিকৰ প্ৰশিক্ষণ সমাপ্ত হয় । সকলো দিশতে প্ৰদৰ্শন কৰা পাৰদৰ্শিতাৰ বাবে বিশেষভাৱে পুৰস্কৃত কৰা হয় অসমৰ অভিষেক শইকীয়াক ।

শ্বিলঙত অনুষ্ঠিত সেনাৰ দীক্ষান্ত সমাৰোহত ২৪৮ জন সৈনিকৰ শিক্ষা সমাপ্ত

author img

By

Published : Feb 13, 2021, 7:24 PM IST

তেজপুৰ, ১৩ ফেব্ৰুৱাৰী: COVID-১৯ৰ ভয়াৱহ পৰিস্থিতিৰ মাজতে সাৱধনতা অৱলম্বন কৰি সৈনিকৰ প্ৰশিক্ষণ সম্পূৰ্ণ কৰিলে ভাৰতীয় সেনা বাহিনীৰ ৫৮ গোর্খা প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষণ গ্ৰহণ কৰা ২৪৮ জন নতুন সৈনিকে । শনিবাৰে শ্বিলংস্থিত ভাৰতীয় সেনা বাহিনীৰ ৫৮ গোর্খা প্ৰশিক্ষণ শিবিৰ 'হেপী ভিল্লা'ত দীক্ষান্ত সমাৰোহ অনুষ্ঠিত কৰা হয় । এই সমাৰোহতে ২৪৮ জন নতুন সৈনিকক শিক্ষা সমাপ্তিৰ স্বীকৃতি দিয়া হয় ।

৫৮ গোর্খা প্ৰশিক্ষণ শিবিৰত অনুষ্ঠিত সমাৰোহত সকলো দিশতে দক্ষতা প্ৰদৰ্শন কৰাৰ বাবে অসমৰ অভিষেক শইকীয়াক ৮ম গোর্খাৰ পৰা বিশেষভাৱে পুৰস্কৃত কৰা হয় । আনহাতে, মানিশ আলে মাজৰে ৫ম গোর্খাৰ হৈ সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছে । শনিবাৰে ৫৮ গোর্খা প্ৰশিক্ষণ শিবিৰৰ কামাণ্ডেণ্ট ব্ৰিগেডিয়াৰ এম নৰেন্দ্ৰনাথ সাজনে প্ৰশিক্ষাৰ্থীসকলৰে মত-বিনিময় কৰাৰ লগতে পেৰেড পৰিদৰ্শন কৰে ।

পেৰেড অনুশীলনত অংশগ্ৰহণ কৰি তেওঁ কয় যে, এজন সৈনিকৰ দায়িত্ব আৰু কৰ্তব্য দেশৰ বাবে বহুত বেছি । ভৱিষ্যতে দেশৰ উন্নতিৰ হকে নিষ্ঠা সহকাৰে কৰ্তব্য পালন কৰাতো সেনাৰ মূল দায়িত্ব বুলি মন্তব্য কৰে সাজনে । দীক্ষান্ত ২৪৮ জন সৈনিকে শনিবাৰৰ পৰা তেওঁলোকৰ বিভিন্ন কোম্পানীত অংশগ্ৰহণ কৰিব আৰু দেশ মাতৃৰ বাবে সেৱা আগবঢ়াই যাব ।

লগতে পঢ়ক:আৰক্ষীৰ জালত ভুৱা GST ৰে ব্যৱসায় চলাই অহা আব্দুল কাদেৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.