ETV Bharat / state

Memory Day of Phani Sharma: তেজপুৰত নটসূৰ্য ফণী শৰ্মাৰ ৫৩ সংখ্যক স্মৃতি দিৱস পালন

author img

By

Published : Jul 31, 2023, 1:10 PM IST

তেজপুৰত পালন নটসূৰ্য ফণী শৰ্মাৰ ৫৩ সংখ্যক স্মৃতি দিৱস । ১৯৭০ চনত আজিৰ দিনটোত এইগৰাকী মহান শিল্পীয়ে সকলোকে কন্দুৱাই আমাৰ মাজৰ পৰা চিৰবিদায় লৈছিল ।

Memory Day of Phani Sharma in Sonitpur
টসূৰ্যৰ ৫৩ সংখ্যক স্মৃতি দিৱস

তেজপুৰ, ৩১ জুলাই: আজি নটসূৰ্যৰ ৫৩ সংখ্যক স্মৃতি দিৱস । সমগ্ৰ ৰাজ্যৰ লগতে জন্মস্থান তেজপুৰত বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হৈছে মহান শিল্পীগৰাকীৰ স্মৃতি দিৱস । অসমৰ সাংস্কৃতিক জগতৰ ত্ৰিমূৰ্তিৰ অন্যতম নাটসূৰ্য ফণী শৰ্মাৰ আজি অর্থাৎ ৩১ জুলাইৰ মৃত্যু দিনটোত নটসূৰ্যৰ স্মৃতি দিৱস হিচাপে পালন কৰি অহা হৈছে ।

Memory Day of Phani Sharma in Sonitpur
টসূৰ্যৰ ৫৩ সংখ্যক স্মৃতি দিৱস

সোমবাৰে শোণিতপুৰ জিলা প্ৰশাসনে তেজপুৰ জ্যোতি ভাৰতীত স্মৃতিচাৰণ অনুষ্ঠিত কৰে । শোণিতপুৰ জিলাৰ আয়ুক্ত আৰু তেজপুৰৰ বিধায়ক তথা কলাগুৰুৰ জেষ্ঠ পুত্ৰ পৃথ্বিৰাজ ৰাভাৰ উপস্থিতিত স্মৃতিচাৰণ কৰা হয় । নটসূৰ্যৰ সমাধিস্থলীত জিলা প্ৰশাসনে আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আয়ুক্ত দেৱ কুমাৰ মিশ্ৰ,নটসূৰ্যৰ পৰিয়ালৰ লোকসকলৰ উপস্থিতিত এই মহান শিল্পী গৰাকীৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জনোৱা হয় । উল্লেখযোগ্য যে তেজপুৰ বাণ থিয়েটাৰত স্মৃতিচাৰণ আৰু নাট সমাৰোহৰ আয়োজন কৰিছে ।

১৯১০ চনত তেজপুৰ কলিবাৰীত মোলান শৰ্মাৰ ঔৰসত আৰু হোমেশ্বৰী দেৱীৰ গৰ্ভত জন্ম গ্ৰহণ কৰা ফণী শৰ্মাই তেজপুৰ চৰকাৰী বালক হাইস্কুলত অষ্টম শ্ৰেণীত পঢ়ি থাকোতেই "জয়মতী" নাটকত গদাপাণিৰ চৰিত্ৰত অভিনয় কৰি ৰূপৰ পদক অৰ্জন কৰিছিল । পিছত ১৯২১ চনত তেজপুৰীয়া দৰ্শকৰ সন্মুখত লাচিত বৰফুকনৰ চৰিত ৰূপায়ন কৰি দৰ্শকৰ ভূয়সী প্ৰশংসা লাভ কৰিবলৈ সক্ষম হয় । মাত্ৰ ১৮ বছৰ বয়সতে তেজপুৰ ঐতিহাসিক 'বাণ'ৰ মঞ্চত ৰাণা প্ৰতাপ আৰু বৃদ্ধ আকবৰৰ চৰিত্ৰত অভিনয় কৰা ফণী শৰ্মাই তেওঁৰ জীৱন কালত অলেখ নাট আৰু চলচ্চিত্ৰত অভিনয় কৰি সুখ্যাতি অৰ্জন কৰে ।

তেওঁ অভিনয় কৰা কথাছবি জয়মতী, ইন্দ্ৰমালতী, চিৰাজ, সতী বেউলা, পিয়লি ফুকন,স ৰাপাত, এৰা বাটৰ সুৰ, ধুমুহা, পুৱতি নিশাৰ সপোন, আমাৰ ঘৰ, লাচিত বৰফুকন, শকুন্তলা, নৰকাসুৰ, ইটো সিটো বহুতো, মণিৰাম দেৱান, প্ৰতিধ্বনি ইত্যাদি । নটসূৰ্য ফণী শৰ্মা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা আৰু কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ অভিন্ন সতীৰ্থ আছিল । ফণী শৰ্মাই ৰচনা কৰা নাটক সমূহৰ ভিতৰত অন্যতম নাটক হ’ল ভোগজৰা, চিৰাজ, এমুঠি চাউল, ক'লা বজাৰ, নাগপাশ, কিয় আৰু ইংৰাজী নাট An Inspector's Callৰ অসমীয়া অনুবাদ আৰু বহুতো ।

চিৰাজ কথাছবিখন তেওঁ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ সৈতে যুটীয়াভাৱে পৰিচালনা কৰিছিল । ইয়াৰ পিচত নিজাববীয়াকৈ পৰিচালনা কৰে পিয়লি ফুকন, ধুমুহা ইত্যাদি চলচ্চিত্ৰ । ওৰেটো জীৱন সংস্কৃতিৰ সাধনাতেই ব্ৰতী হৈ থকা নটসূৰ্যই লাভ কৰিছিল ৩৬টা পদক । ১৯৫০ চনত শিৱসাগৰত অনুষ্ঠিত এক বিশাল ৰাজহুৱা সভাত জ্যোতিপ্ৰসাদ আগৰৱালাই তেওঁক "নটসূৰ্য", উপাধিৰে বিভূষিত কৰে ।

পিয়লি ফুকন চলচ্চিত্ৰৰ জৰিয়তে তেওঁ ১৯৫৫ চনত প্ৰথিম অসমীয়া ৰাষ্ট্রীয় পুৰস্কাৰ প্ৰাপ্ত ছবি হিচাবে ৰাষ্ট্ৰপতিৰ 'চাৰ্টিফিকেট অৱ মেৰিট' সন্মান লাভ কৰিছিল । নিয়তিৰ পৰিহাস, ১৯৭০ চনত আজিৰ দিনটোত এই গৰাকী মহান শিল্পীৰ মহাপ্ৰয়াণ ঘটে ।

লগতে পঢ়ক:Shravan Sombar: ব’ল ব’ম উপলক্ষে হাতীমূৰাৰ দুৰ্গা দেৱালয়ত ভক্তৰ লানি নিচিগা সোঁত

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.