ETV Bharat / state

Road accident in Sonitpur: শোকাৱহ ! পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে 5 বন্ধুৰ - বালিপাৰাত পথ দুৰ্ঘটনা

শোণিতপুৰৰ বালিপৰাত শোকাৱহ পথ দুৰ্ঘটনা (Road accident in Sonitpur) ৷ দুৰ্ঘটনাত একেলগে প্ৰাণ গ’ল 5 জনকৈ যুৱকৰ ৷ এখন চুইফট ডিজায়াৰ বাহনত আছিল যুৱক কেইজন ৷ নিয়ন্ত্ৰণ হেৰুৱাই বাহনখন এজোপা গছত খুন্দা মৰাৰ ফলতেই সংঘটিত হয় দুৰ্ঘটনাটো ৷

Road accident in Sonitpur
শোকাৱহ ! পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে 5 বন্ধুৰ
author img

By

Published : Feb 24, 2023, 12:07 PM IST

শোকাৱহ ! পথ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে 5 বন্ধুৰ

তেজপুৰ, 24 ফেব্ৰুৱাৰী: শোণিতপুৰৰ বালিপৰাত সংঘটিত হোৱা এক শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ গ’ল 5জনকৈ যুৱকৰ (Road accident at Balipara) ৷ বালিপৰা দিশৰ পৰা তেজপুৰ অভিমুখে আহি থকা এখন বাহনে নিয়ন্ত্ৰণ হেৰুৱাই এজোপা গছত খুন্দা মৰাৰ ফলতে সংঘটিত হয় এই দুৰ্ঘটনাটো ৷ থিতাতে নিহয় হয় বাহনখনত থকা 5 জন যুৱক (5 people killed in road accident) ৷

শুকুৰবাৰে পুৱতি নিশা সংঘটিত হয় এই শোকাৱহ দুৰ্ঘনাটো ৷ বালিপৰা দিশৰ পৰা তেজপুৰ অভিমুখে আহি থকা সময়তে দুৰ্ঘটনাত পতিত হোৱা AS-12R 2115 নম্বৰৰ চুইফট ডিজায়াৰ বাহনখনত আছিল মুঠ পাঁচজন যুৱক ৷ প্ৰাপ্ত তথ্য মতে, বাহনখন চাৰ্ভিচিং কৰি পুৱতি নিশা উভতি আহিছিল যুৱককেইজন ৷ কিন্তু দুৰ্ভাগ্যৱশত পথৰ দাঁতিত থকা এজোপা গছত খুন্দা মাৰি পথাৰৰ মাজত বাগৰি পৰে বাহনখন (Accident at Balipara) ) ৷

নিহত যুৱককেইজন তেজপুৰৰ বেচেৰীয়া, গটঙা, বালিপুখুৰী তিনিয়ালী কাৱৈমাৰি আৰু পতিয়া চুবুৰীৰ বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, নিহত যুৱককেইজন হ’ল আকাশদ্বীপ বৰা, বিদ্যুৎ নাথ, ভাইকণ পটংগীয়া, দ্বীপেন বৰা আৰু বিশ্বজিৎ শইকীয়া (Balipara accident news) ৷

Road accident in Sonitpur
শোকাৱহ দুৰ্ঘটনাটোত নিহত যুৱক কেইগৰাকী

পুৱাৰ সেই সময়ত পথেৰে আহি থকা লোকে এই দুৰ্ঘটনাটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে 108 সেৱা আৰু আৰক্ষীক ৷ খবৰ লাভ কৰিয়েই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ বাহনখনৰ ভিতৰৰ পৰা মৃতদহেকেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়লৈ ৷ এই অনাকাংক্ষিত আৰু শোকাৱহ ঘটনাৰ পাচতেই শোকত ভাগি পৰিছে যুৱককেইজনৰ আত্মীয় ৷ তেজপুৰ কনকলতা অসামৰিক চিকিৎসালয়ত (Tezpur civil hospital) এতিয়া উঠিছে কান্দোনৰ ৰোল ৷

দুৰ্ঘটনাটো ইমানেই ভয়াৱহ আহিছিল যে, সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈ পৰে বাহনখন ৷ চূৰ্ণ-বিচূৰ্ণ হৈ পৰে বাহনখনৰ আগফালৰ অংশ ৷ 5গৰাকী যুৱকৰ একেলগে মৃত্যু হোৱা আৰু বাহনখনৰ অৱস্থা প্ৰত্যক্ষ কৰি তীব্ৰ বেগত অহাৰ বাবেই চালকে নিয়ন্ত্ৰণ হেৰুওৱা বুলি অনুমান কৰা হৈছে ৷ এই সমগ্ৰ ঘটনা সন্দৰ্ভত সম্প্ৰতি আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত ৷ মৃত্যু হোৱা যুৱককেইজনৰ বয়স 25 ৰ পৰা 30 বছৰৰ ভিতৰত বুলি জানিব পৰা গৈছে ৷

উল্লেখ কৰা প্ৰয়োজন যে, শেহতীয়াকৈ প্ৰকাশ পোৱা ৰোড এক্সিডেণ্ট ইন ইণ্ডিয়াৰ তথ্য অনুসৰি অসমত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে পথ দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ৷ অসমত অন্যান্য কাৰণত মৃত্যু হোৱা লোকৰ সংখ্যাতকৈ পথ দুৰ্ঘটনাৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যাই অধিক ৷ অৰ্থাৎ ৰাজ্যত মানুহৰ মৃত্যুৰ এক অন্যতম কাৰকত পৰিণত হৈছে পথ দুৰ্ঘটনা (Accident rate in Assam) ৷

লগতে পঢ়ক: Road accident in Assam: ঘাতকৰ ৰূপত পথ দুৰ্ঘটনা; 5 বছৰত ৰাজ্যত মৃত্যু 14 সহস্ৰাধিক লোকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.