ETV Bharat / state

শোণিতপুৰত কৰ’ণাই পুনৰ প্ৰাণ ল’লে 3 গৰাকীৰ - কৰ’ণা

শোণিতপুৰত পুনৰ কৰ’ণাত আক্ৰান্ত তিনিজন লোকৰ চিকিৎসাধীন অৱস্থাত মৃত্যু ৷ জিলা স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, মৃত ব্যক্তি কেইগৰাকী বাবুল চন্দ্ৰ ঘোষ, নিৰূপমা দলৈ, সুধিৰ মিঞ্জ বুলি জানিব পৰা গৈছে ৷

শোণিতপুৰত কৰ’ণাই পুনৰ প্ৰাণ ল’লে 3 গৰাকীৰ

author img

By

Published : May 11, 2021, 7:04 AM IST

তেজপুৰ, 11 মে’: শোণিতপুৰত কৰ’ণা আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে মৃতকৰ সংখ্যাও প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে ৷ জিলা স্বাস্থ্য বিভাগে সদৰি কৰা তথ্য অনুসৰি সোমবাৰে শোণিতপুৰ জিলাত কৰ’ণাত আক্ৰান্ত তিনিজন লোকৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু হয় ৷

উল্লেখ্য যে, মৃত দুগৰাকী ব্যক্তি তেজপুৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছিল ৷ তেওঁলোক ক্ৰমে ৰঙাপৰা নামনিগাঁৱৰ বাবুল চন্দ্ৰ ঘোষ(৭২) আৰু তেজপুৰ পলফিল্ড নিবাসী নিৰূপমা দলৈ(৭৪) বুলি জানিব পৰা গৈছে ৷ আনফালে, গুৱাহাটীৰ এখন চিকিৎসালয়ত চিকিৎসাধিন হৈ থকা সুধিৰ মিঞ্জ(৫৫) নামৰ আন এজন কৰ’ণাত আক্ৰান্ত ৰোগীৰ মৃত্যু হয় ৷

তদুপৰি, জিলাখনত বৰ্তমানলৈকে মুঠ ২১ গৰাকীৰ কৰ’ণাত আক্ৰান্ত ৰোগীৰ মৃত্যু হৈছে ৷ সোমবাৰে শোণিতপুৰত মুঠ ১৭০ গৰাকী ব্যক্তি নতুনকৈ কৰ’ণাৰ সংক্ৰমণত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত নিশ্চিত কৰা হৈছে ৷

লগতে পঢ়ক : মৰাণত সোমবাৰৰ‌ দিনটোত‌ ১০০ গৰাকী কৰ’ণাত আক্ৰান্ত

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.