তেজপুৰ, ২৮ নৱেম্বৰ : ‘‘উন্মুক্ত হৈ আছে ভাৰত-নেপাল, ভাৰত-ভূটান সীমান্তৰ কিছু অংশ ৷ এই খোল খাই থকা অংশসমূহ অতি সংবেদনশীল তথা স্পৰ্শকাতৰ ৷ এই স্পৰ্শকাতৰ অঞ্চলসমূহত নিৰাপত্তা ব্যৱস্থাটো কটকটীয়া কৰি ৰাখিবলৈ সদা প্ৰস্তুত সশস্ত্ৰ সীমা বল চমুকৈ এছ এছ বি ৷’’ মঙলবাৰে তেজপুৰস্থিত শালনিবাৰী এছ এছ বিৰ প্ৰশিক্ষণ শিবিৰৰ দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে এছ এছ বিৰ তেজপুৰ ফ্ৰণ্টিয়াৰৰ মহানিৰ্দেশক বিনোদ নায়কে।
![260th Convocation Ceremony Of SSB in Tezpur Salonibari](https://etvbharatimages.akamaized.net/etvbharat/prod-images/28-11-2023/20133095_tez.jpg)
লগতে তেওঁ কয়, পূৰ্বতকৈ অধিক শক্তিশালী ৰূপত এছ এছ বিৰ জোৱানসকলক প্ৰশিক্ষণ দিয়া হৈছে ৷ যাতে সকলো কাৰ্যকলাপ প্ৰতিৰোধ কৰিব পাৰে ৷ বিগত ২০০৪ চনৰ পৰাই অতি শক্তিশালী ৰূপত নিযুক্তি দিয়া হৈছে এছ এছ বিৰ জোৱানসকলক ।
আনকি দেশৰ বিভিন্ন সমস্যাৰ লগতে নক্সালবাদীৰ সঘন কাৰ্যকলাপ প্ৰতিৰোধ কৰিব পাৰে তাৰ বাবে উন্নত প্ৰশিক্ষণ দিয়া হৈছে এছ এছ বি ৰ জোৱানসকলক ৷ ইতিমধ্যে স্পৰ্শকাতৰ অঞ্চলসমূহত নিযুক্তিও দিয়া হৈছে জোৱানক বুলি উল্লেখ কৰে বিনোদ নায়কে ৷
![260th Convocation Ceremony Of SSB in Tezpur Salonibari](https://etvbharatimages.akamaized.net/etvbharat/prod-images/28-11-2023/20133095_tezz.jpg)
উল্লেখ্য যে, মঙলবাৰে তেজপুৰস্থিত শালনিবাৰীৰ এছ এছ বিৰ প্ৰশিক্ষণ শিবিৰত আয়োজন কৰা হয় ২৬০ সংখ্যক দীক্ষান্ত সমাৰোহ ৷ সশস্ত্ৰ সীমা বলৰ কেবাখনো ৰাজ্যৰ মুঠ ৬৫৬ জন প্ৰশিক্ষাৰ্থীয়ে যোৱা ৪৪ সপ্তাহ ধৰি বিভিন্ন ক্ষেত্ৰৰ লোৱা অস্ত্ৰশস্ত্ৰৰ প্ৰশিক্ষণ সমাপ্ত কৰে । লগতে প্ৰশিক্ষণ সম্পূৰ্ণ কৰা প্ৰত্যেকগৰাকী জোৱানে ভাৰতৰ সংবিধানত আৰু ৰাষ্ট্ৰীয় পতাকাৰ তলত শপত গ্ৰহণ কৰে ।
ইয়াৰ উপৰিও এই অনুষ্ঠানত এছ এছ বিৰ এই নতুন সেনানীসকলে অস্ত্ৰৰ কুচকাৱাজ আৰু বিভিন্ন ধৰণৰ খেল ধেমালিও প্ৰদৰ্শন কৰে উপস্থিত দৰ্শকক ৷ প্ৰশিক্ষণ শিবিৰৰ উপ নিৰ্দেশক মনমোহন সিঙৰ তত্বাৱধানত প্ৰশিক্ষণ লোৱা এই সশস্ত্ৰ সীমা বলৰ জোৱানসকলে শীঘ্ৰে ভাৰত-ভূটান আৰু ভাৰত-নেপাল সীমান্তত নিজ নিজ কৰ্তব্যত যোগদান কৰিব বুলি জানিব পৰা গৈছে ৷
লগতে পঢ়ক : দ্বিতীয় বিশ্বযুদ্ধৰ স্মৃতিত অৰুণাচল প্ৰদেশত মুকলি হ'ব সংগ্ৰহালয়