ETV Bharat / state

World Sparrow Day special event: শিৱসাগৰত বিশ্ব ঘৰচিৰিকা দিৱস পালন

আজি বিশ্ব ঘৰচিৰিকা দিৱস (World Sparrow Day)। শিৱসাগৰত লুপ্তপ্ৰায় চৰাই বিধৰ সংৰক্ষণ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ সবিশেষ আগলৈ-

Sparrow Day special event in Sivsagar
ঘৰচিৰিকা দিৱসৰ অনুষ্ঠান
author img

By

Published : Mar 20, 2023, 10:12 PM IST

ঘৰচিৰিকা দিৱসৰ অনুষ্ঠান

শিৱসাগৰ, 20 মাৰ্চ : আজি বিশ্ব ঘৰচিৰিকা দিৱস (World Sparrow Day) । সকলোৰে চিনাকি এই চৰাইবিধৰ সুৰক্ষাৰ প্ৰতি সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰত্যেক বছৰে ২০ মাৰ্চৰ দিনটোত পালন কৰা হয় বিশ্ব ঘৰচিৰিকা দিৱস । সেই উপলক্ষ্যে বিভিন্ন ঠাইত প্ৰকৃতিপ্ৰেমী সংগঠনে হাতত লৈছে বিভিন্ন কাৰ্যসূচী ।

শিৱসাগৰত নেচাৰ্চ বেকন ৰংপুৰ আঞ্চলিকৰ উদ্যোগত আৰোগ্য নাচিং প্ৰশিক্ষণ কেন্দ্ৰৰ সহযোগত লুপ্তপ্ৰায় ঘৰচিৰিকা সংৰক্ষণ, ঘৰচিৰিকাৰ বাঁহ সজাৰ প্ৰণালী প্ৰদৰ্শন আৰু কুইজ প্ৰতিযোগিতা আয়োজন কৰা হয় (Sparrow Day special event in Sivsagar) । পুঁৱাৰ ফেহুৱালি ৰ'দজাক আহি চোতালত পৰাৰ লগে লগে কিৰিচ কিৰিচ মাতেৰে ঘৰৰ চৌদিশ মুখৰিত হৈ উঠে এজাক ঘৰচিৰিকাৰ কলৰৱত । কিন্তু এইয়া হৈছে কিছু বছৰ পূৰ্বৰ গ্ৰাম্য অঞ্চলৰ এক জীয়া পটভূমি । সম্প্ৰতি শিল, ইটা, বালিৰে সজা ডাঙৰ ডাঙৰ অট্টালিকা সদৃশ ঘৰ তথা পৰিৱেশৰ সালসলনিৰ বাবে বিলুপ্ত হ’বলৈ ধৰিছে ঘৰ চিৰিকাৰ সংখ্যা ।

ভাৰতৰ নেচাৰ ফৰএভাৰ ছ'ছাইটি (Nature Forever Society celebrates World Sparrow Day) নামৰ এক সংস্থাৰ আহ্বান মৰ্মে পোন প্ৰথম বাৰৰ বাবে ২০১০ চনত পালন কৰা হৈছিল এই ঘৰচিৰিকা দিৱস । এতিয়াৰ প্ৰজন্মৰ বহুতেই ঘৰচিৰিকা চিনি নাপায় যদিও এটা সময়ত গাঁৱৰ ঘৰবোৰৰ চোতালত ঘৰচিৰিকা উৰি আহি পৰাটো আছিল আমাৰ সকলোৰে বাবে এক চিনাকি দৃশ্য । বহুতে এই চৰাইবিধক ঘনচিৰিকা বুলিও অভিহিত কৰে ৷

ঘৰচিৰিকাৰ সুবিধাজনক বাসস্থান হৈছে খেৰীঘৰৰ চাল অথবা ঘৰৰ বাটামৰ চুকে-কোণ । তাতে খেৰ- কূটা অৰ-তৰ পৰা কঢ়িয়াই আনি আটোম-টোকাৰিকৈ নিজৰ বাঁহটো সাজি লয় । জাক পাতি উৰা মৰা ঘৰচিৰিকাৰ দৃশ্য নান্দনিক । সৰু সৰু কীট-পতংগ হৈছে ইহঁতৰ খাদ্য । কিন্তু সময়ৰ গতিত এই চৰাই এতিয়া প্ৰায় বিলুপ্তপ্ৰায় হৈ পৰিছে ।

উল্লেখযোগ্য যে, বিশ্বত দেখা পোৱা বহু প্ৰজাতিৰ ঘৰচিৰিকাৰ ভিতৰত ভাৰতত মুঠতে পাঁচবিধ ঘৰচিৰিকাৰ প্ৰজাতি আছে । অৱশ্যে অসমত ইয়াৰে তিনিবিধ প্ৰজাতিহে দেখা পোৱা যায় । ঘৰচিৰিকাৰ সংখ্যা হ্ৰাস পোৱাৰ মূল কাৰণ হ’ল মানুহৰ জীৱনধাৰাৰ দ্ৰুত পৰিৱৰ্ত্তনৰ যিয়ে ঘৰচিৰিকাৰ থকা ঠাইৰ আৰু খাদ্যৰ অভাৱ ঘটাইছে ।

লগতে পঢ়ক : World Sparrow Day: দ্ৰুতগতিত বিলুপ্তিৰ দিশে ঘৰচিৰিকা; চিন্তিত প্ৰকৃতিপ্ৰেমী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.