আমগুৰি,১৯ ফেব্ৰুৱাৰী: শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত যথেষ্ট সংখ্যক মাইক্ৰ'ফাইনেঞ্চ কোম্পানীয়ে গা কৰি উঠিছে । আত্মনিৰ্ভৰশীলতাৰ নামত গাঁৱৰ সহজ সৰল মহিলাক অতি সহজতে ঋণ প্ৰদান কৰি আহিছে এই কোম্পানীসমূহে । কিন্তু তাৰ মাজতে সময়ত ঋণ পৰিশোধ কৰিব নোৱাৰা মহিলাসকলক অযথা হাৰাশাস্তি কৰাৰো অভিযোগ উত্থাপন হৈছে একাংশ মাইক্ৰ'ফাইনেঞ্চ কোম্পানীৰ বিৰুদ্ধে ।

এইবাৰ শিৱসাগৰ জিলাৰ আমগুৰিৰ বৰুৱাপুখুৰীত মাইক্ৰ'ফাইনেঞ্চ কোম্পানীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে গাঁৱৰ একাংশ মহিলাই । ঋণ আদায়ৰ নামত একাংশ মাইক্ৰ'ফাইনেঞ্চ কোম্পানীয়ে মহিলাসকলক আতিশায্য চলাই অহাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে মহিলাসকলে । প্ৰতিবাদী কাৰ্যসূচীত মহিলাসকলৰ সৈতে কৃষক মুক্তিৰ কেন্দ্ৰীয় উপ সভাপতি ৰাজু গগৈ, সাংগঠনিক সম্পাদক অনন্ত আৰন্ধৰা, শিৱসাগৰ জিলাৰ সম্পাদক ফৰিদ আলিয়ে অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক:দুষ্কৃতিকাৰীয়ে ফালিলে অসম জাতীয় পৰিষদৰ বেনাৰ