ETV Bharat / state

চৰকাৰী বঞ্চনাৰ বিৰুদ্ধে আমগুৰিত প্ৰতিবাদ - amguri protest news

আমগুৰিত পথ উন্নয়নৰ নামত চৰকাৰী বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদত বহিল স্থানীয় মহিলা ৷

চৰকাৰী বঞ্চনাৰ বিৰুদ্ধে আমগুৰিত প্ৰতিবাদ

author img

By

Published : Mar 13, 2021, 10:29 PM IST

আমগুৰি,১৩ মাৰ্চ: আমগুৰিত পথ উন্নয়নৰ নামত চৰকাৰী বঞ্চনাৰ বিৰুদ্ধে শনিবাৰে প্ৰতিবাদ বহিল স্থানীয় মহিলা ৷ জেহেনীয়া মাজৰ চুকৰ প্ৰৱেশ পথতে বাহৰ দাং দি পথ অৱৰোধ কৰি অব্যাহত ৰাখিছে প্ৰতিবাদ ৷ যোৱা পাঁচ বছৰে আমগুৰি সমষ্টিৰ জন প্ৰতিনিধি অথবা লালিম চাপৰি গাঁও পঞ্চায়তে পথটোৰ উন্নয়নত গুৰুত্ব আৰোপ নকৰাত ক্ষোভিত হৈ পৰিছে স্থানীয় লোকসকল ৷

চৰকাৰী বঞ্চনাৰ বিৰুদ্ধে আমগুৰিত প্ৰতিবাদ

স্থানীয় মহিলাসকলে বাঁহৰ দাং দি গধুৰ যান-বাহন চলাচলত বাধা আৰোপ কৰি আহিছে ৷ ধোদৰ আলিৰ পৰা চেউনী আলি সংযোগী এই মাজৰ চুকৰ পথচোৱা বাৰিষা কালত একাঁঠু বোকা হৈ যাতায়াত ব্যাহত হৈ পৰে । এই সন্দৰ্ভত স্থানীয় লোকসকলে বহুবাৰ পথটো পকীকৰণৰ বাবে জন প্ৰতিনিধিক দাবী জনাই আহিছিল যদিও গুৰুত্ব প্ৰদান নকৰিলে জন প্ৰতিনিধিয়ে । যাৰ বাবে স্থানীয় মহিলাসকলে পথচোৱাত দাং দি ডাঙৰ যান-বাহন অহা-যোৱাত বাধা প্ৰদান কৰিছে ৷

লগতে পঢ়ক: লক্ষ্য নিৰ্বাচন: ভোটাৰক আকৃষ্ট কৰিবলৈ মৰিয়নীত উপস্থিত স্মৃতি ইৰাণী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.