ETV Bharat / state

ডিমৌত আলফা কেডাৰসহ আটক দুই লিংকমেন - ডিব্ৰুগড়

গোপন সূত্ৰৰ ভিত্তিতে শিৱসাগৰ জিলা আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ এটা বৃহৎ দলে শুক্ৰবাৰে পুৱতি নিশা বকতা বৰপিয়ালৰ গিৰিন তামুলী নামৰ এজন ব্যক্তিৰ ঘৰত শুই থকা অৱস্থাত আলফা সদস্যজনক আটক কৰিবলৈ সক্ষম হয় ৷

ডিমৌত আলফা কেডাৰসহ আটক দুই লিংকমেন
author img

By

Published : Aug 10, 2019, 5:41 PM IST

শিৱসাগৰ, 10 আগষ্টঃ ডিমৌত আলফা (স্বা) এজন সদস্যৰ লগতে দুই লিংক মেন আটক । আটকাধীন আলফা সদস্যৰ পৰা উদ্ধাৰ গ্ৰেণেড । ঘটনাক লৈ আতংকিত স্থানীয় ৰাইজ । উল্লেখ্য যে, সমগ্ৰ জিলাতে স্বাধীনতা দিৱসৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা বাহাল থকা সময়তে ডিমৌ সমীপৰ বকতা বৰপিয়ালৰ পৰা আলফা (স্বাধীন)ৰ এজন যুৱকক আটক কৰাৰ উপৰিও দুজনকৈ লিংক মেন আৰক্ষীয়ে কৰায়ত্ব কৰাৰ ঘটনাই সমগ্ৰ জিলাখনতে আতংকৰ সৃষ্টি কৰিছে ।

গোপন সূত্ৰৰ ভিত্তিতে শিৱসাগৰ জিলা আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ এটা বৃহৎ দলে শুক্ৰবাৰে পুৱতি নিশা বকতা বৰপিয়ালৰ গিৰিন তামুলী নামৰ এজন ব্যক্তিৰ ঘৰত শুই থকা অৱস্থাত আলফা সদস্যজনক আটক কৰিবলৈ সক্ষম হয় ৷ লগতে সদস্যজনৰ পৰা জব্দ কৰে এটা গ্ৰেণেড সহ তিনিটা ম'বাইল ফোন ৷ তাৰোপৰি একে সময়তে লিংক মেন জিতুমন ওৰফে বাবু তামুলী আৰু আন এজন লিংক মেন অৰুণ ৰাইদঙীয়াকো দলটোৱে আটক কৰে ৷

আনহাতে, আৰক্ষী আৰু অৰ্ধসমৰিক বাহিনীৰ হাতত আটক হোৱা আলফা (স্বাধীন) ৰ সদস্যজন ডিব্ৰুগড় জিলাৰ মৰাণ বেজপথাৰৰ বিৰেন চেতিয়া বুলি জানিব পৰা গৈছে । স্বাধীনতা দিৱসত কুটাঘাটৰ উদ্দেশ্যেৰে আলফা সদস্য বীৰেন চেতিয়াই ডিমৌত বাহৰ পাতিছিল বুলি সন্দেহ কৰা হৈছে । ইয়াৰ উপৰিও ডিমৌৰ বিভিন্ন অঞ্চলত আলফা (স্বা) ৰ সদস্যৰ সন্ধানত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে তীব্ৰ অভিযান অব্যাহত ৰাখিছে বুলি জানিব দিয়ে ।

Intro:Body:ডিমৌত আলফা (স্বা) এজন সদস্যৰ লগতে দুই লিংক মেন আটক। গ্ৰেণেড উদ্ধাৰ। ঘটনাক লৈ আতংকিত ৰাইজ।

Story-ULFA_ARRESTED
Ananta Smith
Sivasagar
10tu August

A_SVR_10TH_AUG_804-806_ULFA_ARRESTED_7203499

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত উজনিৰ শিৱসাগৰৰ জিলাৰ ডিমৌত আলফা (স্বাধীন) ৰ সদস্যৰ মুক্ত বিচৰণ। সমগ্ৰ জিলাখনতে স্বাধীনতা দিৱসৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা বাহাল থকা সময়তে ডিমৌ সমীপৰ বকতা বৰপিয়ালৰ পৰা আলফা (স্বাধীন)ৰ এজন যুৱকক আটক কৰাৰ উপৰি দুজনকৈ লিংক মেনক আৰক্ষীয়ে কৰায়ত্ব কৰাৰ ঘটনাই সমগ্ৰ জিলাখনতে তীব্ৰ আতংকৰ সৃষ্ট কৰিছে। এক গোপন খবৰৰ ভিত্তিত শিৱসাগৰ জিলা আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ এটা বৃহৎ দলে শুক্ৰবাৰে পুৱতি নিশা বকতা বৰপিয়ালৰ গিৰিন তামুলী নামৰ এজন ব্যক্তিৰ ঘৰত শুই থকা অৱস্থাত এটা গ্ৰেণেড সহ তিনিটা মোবাইল ফোনকে ধৰি আলফা (স্বা) ৰ এজন সদস্যৰ লগতে লিংক মেন জিতুমন ওৰফে বাবু তামুলীক আৰক্ষী আৰু অৰ্ধসমৰিক বাহিনীৰ দলটোৱে আটক কৰিবলৈ সক্ষম হয়। ইয়াৰ উপৰিও একে সময়তে মাছৈৰ পৰা আলফাৰ আন এজন লিংক মেন অৰুণ ৰাইদঙীয়াক দলটোৱে আটক কৰে। ইপিনে আৰক্ষী আৰু অৰ্ধসমৰিক বাহিনীৰ হাতত আটক হোৱা আলফা (স্বাধীন) ৰ সদস্যজন ডিব্ৰুগড় জিলাৰ মৰাণ বেজপথাৰৰ বিৰেন চেতিয়া বুলি জানিব পৰা গৈছে। উল্লেখনীয় যে স্বাধীনতা দিৱসত কোটাঘাটৰ উদ্দেশ্যৰে আলফা সদস্য বিৰেন চেতিয়াই ডিমৌত বাহৰ পাতিছিল বুলি সন্দেক কৰা হৈছে। ইয়াৰ উপৰি ডিমৌৰ বিভিন্ন অঞ্চলত আলফা (স্বা) ৰ সদস্যৰ সন্ধানত আৰক্ষী আৰু অৰ্ধসমৰিক বাহিনীয়ে তীব্ৰ অভিযান অব্যাহত ৰাখিছে।

Bite1-মহিলা, লিংকমেনৰ সম্পৰ্কীয়

Bite2-ধৃত আলফাৰ সম্পৰ্কীয়

আনহাতে ঘটনা সম্পৰ্কে আজি বিয়লি শিৱসাগৰ আৰক্ষী অধীক্ষকে এখন সংবাদ মেলৰ আয়োজন কৰিছে।তেতিয়া মুকলি হব সমগ্ৰ বিষয়।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.