ETV Bharat / state

সাহায্যৰ পৰা উপেক্ষিত শিৱসাগৰৰ কৌমুদালয় শিশুগৃহ

author img

By

Published : Apr 12, 2020, 8:05 PM IST

দীৰ্ঘদিনে গৃহহীন তথা দিব্যাংগ শিশুৰ দায়িত্ব বহন কৰি অহা শিৱসাগৰৰ একমাত্ৰ অনুষ্ঠান কৌমুদালয় (আহানা) শিশু গৃহ বৰ্তমান লক ডাউনৰ বাবে পৰিছে সংকটৰ কবলত ৷ লক ডাউনৰ সময়ছোৱাত চৰকাৰ তথা জাতীয় দল-সংগঠনৰ পৰা অনুষ্ঠানটোৱে বৰ্তমানলৈকে লাভ কৰা নাই কোনো সহায়ৰ হাত ৷

Koumudalay in trouble
সাহায্যৰ পৰা উপেক্ষিত শিৱসাগৰৰ কৌমুদালয় শিশুগৃহ

শিৱসাগৰ,12 এপ্ৰিলঃ লক ডাউনৰ ফলত তীব্ৰ সংকটৰ সন্মুখীন হৈছে শিৱসাগৰৰ একমাত্ৰ গৃহহীন তথা দিব্যাংগ শিশুৰ অনুষ্ঠান কৌমুদালয় (আহানা) শিশুগৃহ ৷ অনুষ্ঠানটোলৈ এই পৰ্যন্ত কোনেও আগবঢ়োৱা নাই সহায়ৰ হাত ৷ সততে বছৰৰ প্ৰায়বোৰ দিনত বিভিন্নজনে সন্তানৰ জন্মদিন,অন্নপ্রাসন অনুষ্ঠিত কৰি সুস্বাদু খাদ্যৰে কৌমুদালয়ৰ শিশুসকলক আপ্যায়ন কৰি আহিছে । কিন্তু, এতিয়া লক ডাউনৰ বাবে শিৱসাগৰৰ জয়সাগৰস্থিত সুন্দৰপুৰ আহানা শিশুগৃহত খাদ্য সামগ্ৰীৰ নাটনিয়ে দেখা দিছে বুলি জানিব পৰা গৈছে ।

উল্লেখ্য় যে,বৰ্তমান শিৱসাগৰ অসম বিধানসভাৰ সমষ্টিসমূহৰ অন্তৰ্গত এক বিধায়কবিহীন সমষ্টি ৷ কংগ্ৰেছ দলৰ বিধায়ক প্রণৱ গগৈৰ দেহাৱসানৰ পিছত হ’বলগীয়া উপ-নির্বাচন স্থগিত হয় একমাত্ৰ কৰ’ণা ভাইৰাছৰ সংক্ৰমণৰ বাবে ৷ এনে বিপৰ্যয়ৰ সময়ত শিৱসাগৰৰ ৰাজনৈতিক দল, জাতীয় দল-সংগঠন, প্রশাসন কাৰোৰে পৰা একো সা-সুবিধা লাভ কৰা নাই বুলি সংবাদ মাধ্য়মক জানিবলৈ দিছে শিশুগৃহটিৰ সঞ্চালিকা ৰুণজুন চুতীয়াই । শিৱসাগৰ আৰু চৰাইদেউ দুয়োখন জিলা সাঙুৰি বর্তমান ৭২ টা শিশু আৰু ৮ জন কর্মচাৰী সহিতে সর্বমুঠ ৮০ জন লোক ইয়াত আছে । ফলত দৈনন্দিন প্ৰয়োজন হয় যথেষ্ট পৰিমাণৰ চাউল,পৰ্যাপ্ত পৰিমাণৰ শাক-পাচলি আৰু সুষম খাদ্য ।

ইপিনে,এই সময়ত শিশুগৃহটোৱে জিলা প্ৰশাসনৰ তৰফৰ পৰা লাভ কৰা নাই কোনো সঁহাৰি ৷ বিগত বৰ্ষৰ ১ এপ্ৰিলৰ পৰা শিশুগৃহটোৱে লাভ কৰিবলগীয়া চৰকাৰী সাহায্য সম্প্ৰতি কোনো কাৰণত বন্ধ হৈ আছে । এনে পৰিস্থিতিত শিশুসকলক ভৰণ-পোষণ দিবলৈ যথেষ্ট সমস্যাৰ সৃষ্টি হৈছে গৃহটোৰ সঞ্চালিকা ৰুণজুন চুতীয়াৰ । চৰকাৰ তথা প্ৰশাসনৰ পৰা কিছু সাহায্য লাভ কৰিলে শিশুসকল উপকৃত হ’ব বুলি এতিয়া আশাবাদী শিশুগৃহ কৌমুদালয় কৰ্তৃপক্ষ ৷

লগতে চাওকঃ উন্নয়নৰ মুখ নেদেখা কাছাৰ জিলাৰ এখন গাঁও

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.