ETV Bharat / state

অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ গগৈৰ বাসগৃহত তৰুণ গগৈ - late pranab gogoi's home

অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ গগৈৰ পৰিয়ালক সমবেদনা জ্ঞাপনৰ অৰ্থে শিৱসাগৰস্থিত প্ৰণৱ গগৈৰ বাসগৃহত উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৷

Tarun gogoi at late pranab gogoi house
অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ গগৈৰ বাসগৃহত তৰুণ গগৈ
author img

By

Published : Feb 13, 2020, 7:14 PM IST

শিৱসাগৰ,13 ফেব্ৰুৱাৰীঃ অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ গগৈৰ শিৱসাগৰস্থিত বাসগৃহত উপস্থিত হয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ৷ প্ৰণৱ গগৈৰ মৃত্যুৰ পাছত তেওঁৰ পৰিয়ালৰ লোকক সমবেদনা জনাবৰ বাবে শিৱসাগৰত উপস্থিত হয় তৰুণ গগৈ ৷ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ গগৈৰ সৈতে অতিবাহিত কৰা সময়ৰ ৰোমন্থন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ ২০০১ চনৰ পৰা মৃত্যু পৰ্যন্ত প্ৰণৱ গগৈয়ে প্ৰতিটো দিশতে সহযোগিতা আগবঢ়াইছিল তৰুণ গগৈক ৷বিশ্ববিদ্যালয়ৰ সহপাঠী তথা ৰাজনৈতিক জীৱনৰ ঘনিষ্ঠ বন্ধুক হেৰুৱাই মৰ্মাহত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকী ৷ প্ৰণৱ গগৈয়ে কংগ্ৰেছৰ বেয়া দিনত দায়িত্ব লৈ দলৰ স্বাৰ্থত আত্মোৎসৰ্গা কৰিছিল বুলি ব্যক্ত কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ তেওঁ লগতে কয় যে,প্ৰণৱ গগৈৰ মৃত্যু অসমৰ সমাজ আৰু ৰাজনীতিৰ বাবে পূৰণ কৰিব নোৱাৰা ক্ষতি ৷

অসম বিধান সভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ গগৈৰ বাসগৃহত তৰুণ গগৈ

লগতে পঢ়কঃপ্ৰতীক হাজেলাৰ বাবে এন আৰ চিৰ ৱেবছাইটৰ পৰা ডাটা অন্তৰ্ধান!

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.