ETV Bharat / state

ৰাষ্ট্ৰক সমালোচনা কৰাৰ অপৰাধত শিৱসাগৰত যুৱকক গ্ৰেপ্তাৰ - 'কা' আন্দোলন

চছিয়েল মিডিয়াত চৰকাৰ বিৰোধী পোষ্ট দি গ্ৰেপ্তাৰ হ'ল যুৱক ৷ শিৱসাগৰ জিলাৰ ডিমৌ সমীপৰ থাওৰাৰ নিবাসী তথা গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়নৰত মেধাৱী ছাত্ৰ,তাৰ্কিক দ্বীপজ্যোতি গগৈক সোমবাৰে নিশা আৰক্ষীয়ে চ'ছিয়েল মিডিয়াত চৰকাৰ বিৰোধী মন্তব্য দিয়াৰ বাবে আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে ৷ গুৱাহাটী ক্ৰাইম ব্রাঞ্চৰ ১১/২০২০ গোচৰৰ ভিত্তিত শিৱসাগৰ জিলা আৰক্ষীয়ে ছাত্ৰজনক আটক কৰিছে ।

STUDENT DIP JYOTI GOGOI ARRESTED SIVSAGAR POLICE
ৰাষ্ট্ৰক সমালোচনা কৰাৰ অপৰাধত শিৱসাগৰত যুৱকক গ্ৰেপ্তাৰ
author img

By

Published : Jul 21, 2020, 3:44 PM IST

শিৱসাগৰ, 21 জুলাই : ৰাজ্যত ক'ভিড-19 আৰু বানপানীৰ সন্ত্ৰাস চলি থকাৰ সময়তে চ'ছিয়েল মিডিয়াত চৰকাৰ বিৰোধী পোষ্ট দি গ্ৰেপ্তাৰ হ'ল যুৱক ৷ শিৱসাগৰ জিলাৰ ডিমৌ সমীপৰ থাওৰাৰ নিবাসী তথা গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়নৰত মেধাৱী ছাত্ৰ,তাৰ্কিক দ্বীপজ্যোতি গগৈক সোমবাৰে নিশা আৰক্ষীয়ে চ'ছিয়েল মিডিয়াত চৰকাৰ বিৰোধী মন্তব্য দিয়াৰ বাবে আৰক্ষীয়ে আটক কৰিছে বুলি জানিব পৰা গৈছে ৷

ৰাষ্ট্ৰক সমালোচনা কৰাৰ অপৰাধত শিৱসাগৰত যুৱকক গ্ৰেপ্তাৰ

জানিব পৰা মতে,ছাত্ৰজনে চৰকাৰক সমালোচনা কৰি ফেচবুকত এটা পোষ্ট কৰিছিল । উক্ত ফেচবুক পোষ্টটোৰ বাবেই গুৱাহাটী ক্ৰাইম ব্রাঞ্চৰ ১১/২০২০ গোচৰৰ ভিত্তিত শিৱসাগৰ জিলা আৰক্ষীয়ে ছাত্ৰজনক আটক কৰিছে । ইয়াৰ পাচতে নিশাই ছাত্ৰজনক গুৱাহাটীলৈ প্ৰেৰণ কৰা বুলি জানিবলৈ দিয়ে শিৱসাগৰ আৰক্ষীয়ে ।

উল্লেখ্য যে,গুৱাহাটী বিশ্ববিদ্যালয়ৰ মেধাৱী ছাত্ৰ দ্বীপজ্যোতি গগৈয়ে 'কা' আন্দোলনত সক্ৰিয় ভূমিকা পালন কৰিছিল। স্থানীয় সচেতন ৰাইজৰ সন্দেহ 'কা' আন্দোলন তথা বিভিন্ন সময়ত চৰকাৰক সমালোচনা কৰাৰ বাবেই দ্বীপজ্যোতি গগৈ নামৰ ছাত্ৰজনক প্ৰশাসনে আটক কৰি কণ্ঠৰোধ কৰাৰ চেষ্টা চলাইছে চৰকাৰ তথা প্ৰশাসনে ।

আনহাতে,যুৱকজনৰ মুক্তিৰ দাবীত মংগলবাৰে স্থানীয় ৰাইজে থাওৰা দ'লৰ ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত হাতে হাতে প্লে-কাৰ্ড লৈ,মানৱ শৃংখল কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে পঢ়ক : জুবিন গাৰ্গ আৰু খগেন গগৈৰ এটা ভাইৰেল ভিডিঅ'...

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.