ETV Bharat / state

উপযুক্ত, দক্ষ আৰু নিৰ্বাচনত জয়ী হ’ব পৰা প্ৰাৰ্থীকহে এইবাৰ কংগ্ৰেছ দলে অগ্ৰাধিকাৰ দিবঃ ৰিপুণ বৰা

সদ্য প্ৰয়াত জ্যেষ্ঠ কংগ্ৰেছ নেতা প্ৰণৱ গগৈৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ অৰ্থে দেওবাৰে শিৱসাগৰৰ ৰেডক্ৰছ ৰোডত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰা । জ্যেষ্ঠ নেতাগৰাকীৰ মৃত্যু কংগ্ৰেছ দলৰ এক ডাঙৰ ক্ষতি বুলি উল্লেখ কৰে ৰিপুণ বৰাই ৷ গগৈৰ মৃত্যুত খালী হোৱা শিৱসাগৰ বিধানসভা সমষ্টিৰ পদক কেন্দ্ৰ কৰি উপ-নিৰ্বাচন সম্পৰ্কত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ৷

Ripun bora at sivsaga
শিৱসাগৰত ৰিপুণ বৰা
author img

By

Published : Feb 9, 2020, 8:00 PM IST

শিৱসাগৰ,9 ফেব্ৰুৱাৰীঃ সদ্য প্ৰয়াত জ্যেষ্ঠ কংগ্ৰেছ নেতা প্ৰণৱ গগৈৰ প্ৰতি শ্ৰদ্ধা নিবেদনৰ অৰ্থে দেওবাৰে শিৱসাগৰৰ ৰেডক্ৰছ ৰোডত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুণ বৰা । নেতা গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি পৰিয়ালৰ লোকক সমবেদনা জ্ঞাপন কৰে কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ৷ লগতে জ্যেষ্ঠ নেতাগৰাকীৰ মৃত্যু কংগ্ৰেছ দলৰ এক ডাঙৰ ক্ষতি বুলি উল্লেখ কৰে ।

শিৱসাগৰত উপস্থিত ৰিপুণ বৰা

ৰিপুণ বৰাই সাংবাদিকৰ সৈতে মত বিনিময় কৰি সাম্প্ৰতিক অসমৰ ৰাজনৈতিক পৰিস্থিতি তথা পৰিৱেশ সন্দৰ্ভত আলোচনা কৰে । আনহাতে,গগৈৰ মৃত্যুত খালী হোৱা শিৱসাগৰ বিধানসভা সমষ্টিৰ পদক কেন্দ্ৰ কৰি উপ-নিৰ্বাচন সম্পৰ্কত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ৷ বিগত সময়ত দীৰ্ঘদিনে শাসনত থাকি জনতাক পাহৰি যোৱা কংগ্ৰেছ দলৰ বাবে বিগত নিৰ্বাচনত পৰাজয় যথোচিত বুলি বৰাই উল্লেখ কৰে ।

তদুপৰি নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনৰ বাবে শিৱসাগৰ সমষ্টিৰ উপ-নিৰ্বাচন গুৰুত্বপূৰ্ণ হ’ব বুলি ৰিপুণ বৰাই প্ৰকাশ কৰে ৷ উপযুক্ত,দক্ষ আৰু নিৰ্বাচনত জয়ী হ’ব পৰা প্ৰাৰ্থীকহে এইবাৰ কংগ্ৰেছ দলে অগ্ৰাধিকাৰ দিব বুলি উল্লেখ কৰে কংগ্ৰেছৰ সভাপতি গৰাকীয়ে ।

লগতে চাওকঃতিয়ঁহ খেতি কৰি সৰ্বস্বান্ত খেতিয়ক

Intro:Body:*শিৱসাগৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা--জেষ্ঠ কংগ্ৰেছ নেতা প্ৰণৱ গগৈৰ মৃত্যুত শোকবাণী প্ৰদান--শিৱসাগৰ সমষ্টিৰ সাম্ভাব্য উপ নিৰ্বাচন সম্পৰ্কে স্থিতি মুকলি*

Story-RIPUN_BORA
Ananta Smith
Sivasagar
09th February

সদ্য প্ৰয়াত জেষ্ঠ কংগ্ৰেছ নেতা প্ৰণৱ গগৈৰ প্ৰতি শ্ৰদ্ধা নিৱেদনৰ অৰ্থে আজি শিৱসাগৰৰ নগৰৰ ৰেডক্ৰছ ৰোডত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰা।নেতা গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিৱেদন কৰি পৰিয়ালৰ লোকক শান্তনা প্ৰদান কৰে সভাপতি গৰাকীয়ে গগৈৰ মৃত্যু কংগ্ৰেছ দলৰ এক ডাঙৰ ক্ষতি বুলি উল্লেখ কৰে।

পৰৱৰ্তী সময়ত সভাপতি ৰিপুন বৰাই সাংবাদিক সকলৰ সৈতে মতবিনিময় কৰি বৰ্তমানৰ অসমৰ ৰাজনৈতিক পৰিস্থিতি-পৰিৱেশ সন্দৰ্ভত আলোচনা কৰে।প্ৰণৱ গগৈৰ মৃত্যুত খালী হোৱা শিৱসাগৰ বিধান সভা সমষ্টিৰ উপ-নিৰ্বাচনক কেন্দ্ৰ কৰি সভাপতি গৰাকীয়ে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে।বিগত দিনত দিঘলীয়া সময় শাসনত থাকি জনতাক পাহৰি যোৱা কংগ্ৰেছ দলৰ বাবে বিগত নিৰ্বাচনত পৰাজয় সময়োচিত বুলি তেওঁ উল্লেখ কৰে।লগতে তেওঁ আগন্তুক সাম্ভাব্য নিৰ্বাচনক কেন্দ্ৰ কৰি কয় যে হবলগীয়া উপ নিৰ্বাচন শিৱসাগৰ সমষ্টি আৰু অসমে নহয় সমগ্র ভাৰতবৰ্ষৰ বাবেই অতি গুৰুত্বপূৰ্ণ নিৰ্বাচন হব।
"কা" বিৰোধী আন্দোলনৰ বাবেই গুৰুত্বপূৰ্ণ হব শিৱসাগৰ সমষ্টিৰ উপ নিৰ্বাচন। সমগ্র দেশৰ লগতে অসমৰ নাগৰিক সমাজ, জাতীয়তাবাদী দল সংগঠনৰ লগতে ৰাষ্ট্ৰীয় ৰাজনৈতিক দল হিচাবে ভাৰতীয় জাতীয় কংগ্ৰেছে বলিষ্ঠ ভূমিকা গ্ৰহণ কৰি আছে। এইয়া অসমৰ বাবে এটা ডাঙৰ সুযোগ। যদি উপ নিৰ্বাচন হয় তেন্তে কেৱল কংগ্ৰেছ দলৰ বাবে নহয় সকলো অসমবাসীৰ বাবে এইয়া হব মৰ্য্যদাৰ প্ৰশ্ন। অসমৰ "কা" বিৰোধী শক্তি সমূহ সদৌ অসম ছাত্ৰ সন্থা, শিল্পী সমাজ, অসমৰ নাগৰিক সমাজ, জাতীয়তাবাদী দল সংগঠন সকলো ঐক্যবদ্ধ হৈ এই সুযোগৰ সদব্যৱহাৰ কৰিব লাগে।আগন্তুক নিৰ্বাচনত আমি সকলো একত্ৰ হৈ শিৱসাগৰ সমষ্টিত এক প্ৰাৰ্থী প্ৰক্ষেপ কৰিব পাৰো।আগন্তুক নিৰ্বাচনত কংগ্ৰেছ দলে প্ৰাৰ্থী প্ৰক্ষেপ কৰাত কিছু মাপকাঠি নিৰ্দ্ধাৰণ কৰিছে।উপযুক্ত, দক্ষ আৰু নিৰ্বাচনত জয়ী হ'ব পৰা প্ৰাৰ্থীক এইবাৰ কংগ্ৰেছ দলে অগ্ৰাধিকাৰ দিব।

Bite-ৰিপুন বৰা।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.