ETV Bharat / state

২৮ ফেব্ৰুৱাৰীত উদ্বোধন হ'ব আমগুৰিৰ সৌৰশক্তি প্ৰকল্প - বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা

বুধবাৰে ২৮ ফেব্ৰুৱাৰীত উদ্বোধন হ'ব লগা আমগুৰিৰ বহু প্ৰত্যাশিত সৌৰশক্তি প্ৰকল্পৰ কামৰ অগ্ৰগতিৰ বুজ ল'লে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ৷ অসম চুক্তিৰ আধাৰত নিৰ্মিয়মান অৱস্থাত থকা আমগুৰিৰ সৌৰশক্তি প্ৰকল্পত প্ৰথমে ১০ মেগাৱাট সৌৰশক্তি উৎপাদনৰে আৰম্ভ হ'ব প্ৰকল্পৰ কাম ৷

SOLAR PARK  IN AMGURI
২৮ ফেব্ৰুৱাৰীত উদ্বোধন হ'ব আমগুৰিৰ সৌৰশক্তি প্ৰকল্প
author img

By

Published : Jan 7, 2021, 8:05 AM IST

আমগুৰি,৭জানুৱাৰী: বুধবাৰে আমগুৰিত নিৰ্মীয়মান সৌৰ শক্তি উদ্যানৰ কামৰ অগ্ৰগতিৰ বুজ ল'লে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ৷ ২৮ ফেব্ৰুৱাৰীত উদ্বোধন হ'ব লগা আমগুৰিৰ বহু প্ৰত্যাশিত সৌৰশক্তি প্ৰকল্পৰ সন্দৰ্ভত অসম বিধানসভাৰ বিশেষ সমিতিৰ বিষয়ববীয়াৰে এক আলোচনাত মিলিত হয় বিধায়কগৰাকী ৷ অসম চুক্তিৰ আধাৰত নিৰ্মিয়মান অৱস্থাত থকা আমগুৰিৰ সৌৰশক্তি প্ৰকল্পস্থলীত উপস্থিত হৈ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই কয় যে, এই সৌৰ প্ৰকল্প 70মেগাৱাটৰ যদিও প্ৰথমে ১০ মেগাৱাট সৌৰশক্তি উৎপাদনৰে আৰম্ভ হ'ব প্ৰকল্পৰ কাম ৷ তদুপৰি আমগুৰি সমষ্টি বাসীৰ লগতে বিধায়ক প্ৰদীপ হাজৰিকাৰ শ্ৰম আৰু প্ৰচেষ্টাত এই কাম সফল হৈছে বুলি উল্লেখ কৰি কলিতাই উত্তৰ-পূৰ্বাঞ্চলৰ সৌৰ পার্ক হিচাপে হোৱা প্ৰকল্পটোৰপৰা আমগুৰিবাসী যথেষ্ট উপকৃত হ'ব বুলিও মন্তব্য কৰে ৷

২৮ ফেব্ৰুৱাৰীত উদ্বোধন হ'ব আমগুৰিৰ সৌৰশক্তি প্ৰকল্প

উল্লেখ্য যে, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২০১৯ বৰ্ষৰ ২৭ ফেব্ৰুৱাৰীত সৌৰশক্তি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা অনুষ্ঠানত 10 মেগাৱাট কৈ শক্তি বৃদ্ধি কৰি এশ মেগাৱাট কৰা হ'ব বুলি প্ৰকাশ কৰিছিল । ইতিমধ্যে এহেজাৰ বিঘা মাটি অধিগ্ৰহণ কৰি ইয়াৰ চাৰি বেৰ আৰু উৎপাদিত বিদ্যুৎ পৰিবহণ লাইন সম্পূৰ্ণ হৈছে বুলিও জানিব পৰা গৈছে ৷ আনহাতে, বুধবাৰে প্ৰকল্পৰ স্থান পৰিদৰ্শন কৰা উচ্চস্তৰীয় সদন কমিটিৰ অধ্যক্ষ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ সৈতে উপস্থিত থাকে কমিটিৰ সদস্য তথা বিধায়ক শ্বেৰমান আলি, বিধায়ক আজিজ আহমেদ খান আৰু বিধায়ক নিজানুৰ ৰহমান ৷ ইয়াৰ লগতে সদন কমিটিৰ পৰিদৰ্শনৰ সময়ত স্থানীয় বিধায়ক প্ৰদীপ হাজৰিকা, জিলা উপায়ুক্ত বিষ্ণু কমল বৰাৰ লগতে উচ্চ পদস্থ বিষয়া সকলে সহযোগিতা আগবঢ়ায় ৷

লগতে পঢ়কঃ সুস্থ শৰীৰে পুত্ৰক ঘুৰাই পাই সুখী বিশ্বজিৎ দৈমাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.