ETV Bharat / state

Demand for Repeal AFSPA: AFSPA বাতিলৰ দাবী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ - AFSPA বাতিলৰ দাবী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

নাগালেণ্ডৰ ঘটনাক লৈ সমগ্ৰ দেশতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইয়াৰ মাজতে সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন বাতিলৰ দাবী জনাইছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে (SMSS demands to cancel AFSPA)। অতি শীঘ্ৰে দোষীক শাস্তিৰো দাবী সংগঠনটোৰ ।

Demand for repeal AFSPA
AFSPA বাতিলৰ দাবী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ
author img

By

Published : Dec 7, 2021, 5:23 PM IST

শিৱসাগৰ,৭ ডিচেম্বৰ : নাগালেণ্ডৰ মন জিলাৰ ঘটনাক লৈ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে (Nagaland civillian killings)। অসম ৰাইফলছৰ গুলীচালনা নিৰীহ লোকে প্ৰাণ হেৰুৱাবলগীয়া হোৱা এই ঘটনা সকলোৱে একেমুখে গৰিহণা দিছে । একে সময়তে সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন বাতিলৰ বাবেও বিভিন্ন দল-সংগঠনে প্ৰতিবাদ আৰম্ভ কৰিছে । অসমৰ ভিন্ন স্থানতো সংগঠনসমূহে এই আইন বাতিলৰ দাবী জনাইছে ।

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়েও এই ঘটনাক গৰিহণা দিয়াৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ পৰা সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন বাতিল কৰাৰ দাবী জনাইছে (SMSS demands to cancel AFSPA)। শিৱসাগৰ প্ৰেছ ক্লাৱত সংগঠনটোৱে এক সংবাদমেলৰ সম্বোধন কৰি আইন বাতিলৰ দাবী জনায় । ছাত্ৰ সংগঠনটোৰ নেতা মানস কোঁৱৰে অভিযোগ কৰা মতে নিৰাপত্তা বাহিনীসমূহে সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনৰ জৰিয়তে উত্তৰ-পূব ভাৰতত নিৰ্বিচাৰ হত্যা লীলা চলাইছে ।

AFSPA বাতিলৰ দাবী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ

এই আইনক ক'লা আইন আখ্যা দি নেতাগৰাকীয়ে কয় যে এই ক'লা আইনৰ বাবেই উত্তৰ-পূৱৰ ৰাইজে সময়ে সময়ে নিৰাপত্তা বাহিনীৰ নিৰ্যাতনৰ সন্মুখীন হৈ আহিব লগা হৈছে । সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইনৰ চূড়ান্ত অপব্যৱহাৰ কৰা পক্ষসমূহৰ বিৰুদ্ধে উচিত তদন্তৰ লগতে শাস্তিৰ দাবী জনাইছে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ।

উল্লেখ্য যে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ মন জিলাত যোৱা ৪ ডিচেম্বৰত সংঘটিত হোৱা এই ঘটনাত ১৪ গৰাকী নিৰীহ ব্যক্তি নিহত হৈছে । ইয়াৰ পাছতে সমগ্ৰ ৰাজ্যখনত ব্যাপক উত্তেজনাই বিৰাজ কৰিছে । স্থানীয় দলসমূহে ৰাজ্যখনৰ বিভিন্ন স্থানত নিৰাপত্তা বাহিনীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:AASU Demand to Repeal AFSPA : AFSPA প্ৰত্যাহাৰৰ দাবী আছুৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.