ETV Bharat / state

স্বাধীনতা দিৱস সন্দৰ্ভত শিৱসাগৰ জিলা উপায়ুক্তৰ সংবাদমেল

দেশৰ 73 সংখ্যক স্বাধীনতা দিৱস বিভিন্ন প্ৰতিযোগিতাৰ মাজেৰে উলহ মালহেৰে উদযাপন কৰিবলৈ সাজু শিৱসাগৰ জিলা প্ৰশাসন, জিলা উপায়ুক্ত ডাঃ লক্ষ্মণ এচৰ সংবাদমেল অনুষ্ঠিত

স্বাধীনতা দিৱস উদযাপন সন্দৰ্ভত শিৱসাগৰ জিলা উপায়ুক্তৰ সংবাদমেল
author img

By

Published : Aug 10, 2019, 8:55 AM IST

Updated : Aug 10, 2019, 2:39 PM IST

শিৱসাগৰ, 10 আগষ্টঃ দেশৰ 73 সংখ্যক স্বাধীনতা দিৱস বিভিন্ন প্ৰতিযোগিতাৰ মাজেৰে উলহ মালহেৰে উদযাপন কৰিবলৈ সাজু শিৱসাগৰ জিলা প্ৰশাসন ৷ এই সন্দৰ্ভত শুকুৰবাৰে উপায়ুক্ত কাৰ্যালয়ৰ চুকাফা ভৱনত জিলা উপায়ুক্ত ডাঃ লক্ষ্মণ এচৰ সংবাদমেল অনুষ্ঠিত কৰে ৷ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি 11 আগষ্টত মেলাচকৰ পাঠশালিকা বিদ্যালয়ত অনুষ্ঠিত হ'ব এখনি প্ৰাইজমানী কুইজ প্ৰতিযোগিতা ৷ জিলা খনৰ সৰ্বমুঠ 33 খন স্কুল আৰু প্ৰত্যেক কলেজৰ পৰা 2 জনকৈ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব উক্ত কুইজ প্ৰতিযোগিতাত ৷ 15 আগষ্টত পুৱা 7 বজাত পতাকা উত্তোলন কৰাৰ পাছত দিনযোৰা কাৰ্যসূচীৰে বিশেষ দিনটোত প্ৰকৃত মুক্তি যুঁজাৰু সকলক সন্মান জনোৱা হ'ব ৷ ইয়াৰোপৰি সংবাদ মেলত উপস্থিত থকা জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহাই জিলাখনৰ সুৰক্ষাৰ দিশটো অধিক কটকটীয়া কৰি তোলা হৈছে বুলি মন্তব্য কৰে ৷ লগতে দেশৰ স্বাধীনতা দিৱসটো যাতে সূচাৰুৰূপে পালন কৰিব পাৰি তাৰ বাবে সংবাদ সেৱী সকলৰ পূৰ্ণ সহযোগিতা বিচাৰে জিলা উপায়ুক্তই ৷

Intro:Body:*দেশৰ ৭৩ তম স্বাধীনতা দিৱস*
*স্বাধীনতা দিৱসৰ প্ৰস্তুতি সম্পৰ্কে জিলা উপায়ুক্তই সংবাদ মেলৰ জৰিয়তে অৱগত কৰে সাংবাদিকক*

Story-DC PRESSMEET
Ananta Smith
Sivasagar
09th August

A_SVR_09TH_AUG_801-803_DC_PRESSMEET_7203499

১৫ আগষ্টলৈ মাজত মাথোন কেইটামান দিন। অহা ১৫ আগষ্টত দেশে স্বাধীনতা লাভ কৰা ৭৩ বছৰ সম্পূৰ্ণ হ'ব। সেই উদ্দেশ্যে আজি সন্ধিয়া ৫ বজাত উপায়ুক্ত কাৰ্য্যালয়ৰ চুকাফা ভৱনত এখন সংবাদ মেলৰ আয়োজন কৰে জিলা উপায়ুক্ত ডাঃ লক্ষমণ এচে । বিভিন্ন প্রতিযোগিতাৰ মাজেৰে উলহ মালহেৰে উদযাপন কৰিবলৈ সাজু শিৱসাগৰ জিলা প্ৰশাসন। দেশৰ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি অহা ১১ তাৰিখে মেলাচকৰ পাঠশালিকা বিদ্যালয়ত অনুস্থিত হ'ব এখন প্রাইজমাণি কুইজ প্রতিযোগিতা । জিলা খনৰ সর্বমুঠ ৩৩ খন স্কুল, কলেজৰ ২ জনকৈ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব উক্ত কুইজ প্রতিযোগিতা খনত। ১৫ আগষ্টৰ দিনা চৰকাৰী সমূহ কার্যলয় ,অনুস্থানত, প্রতিস্হানত পুৱা ৭ বজাত উত্তোলন কৰা হ'ব দেশৰ ত্রিৰংগা । দিনযোৰা কাৰ্যসূচীৰে উদযাপন কৰইবলৈ লোৱা এই বিশেষ দিনটোত প্রকৃত মুক্তি যুঁজাৰুক নিমন্ত্ৰণ কৰি আনি সন্মান যাচিব বুলি ও জ্ঞাত কৰে উপায়ুক্তই । দেশৰ স্বাধীনতা দিৱসটো যাতে সুচাৰুৰূপে পালন কৰিব পাৰি তাৰ বাবে সংবাদ সেৱী সকলৰ পূৰ্ণ সহযোগিতা বিচাৰে উপায়ুক্তই । সংবাদ মেলত উপস্থিত থকা জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহাই কয় যে, সুৰক্ষাৰ দিশটো অধিক টনকিয়াল কৰি তোলাৰ লগতে চলিত অসমীয়া শাওণ মাহৰ যি ব'ল ব'মৰ ভক্ত তেওঁলোকে যাতে উচ্চ স্বৰত সংগীত বজায় শব্দ প্ৰদূষণ কৰিব নোৱাৰে তাৰ বাবে ও বিহিত ব্যৱস্থা গ্ৰহণ কৰা হৈছে। সমান্তৰাল ভাৱে ব'ল ব'ম, ঈদ আৰু স্বাধীনতা দিৱসৰ বাবে জিলাখনৰ সুৰক্ষা ব্যৱস্থাত তেওঁলোক প্রতি মূহুৰ্ততে সচকিত হৈ ৰ'ব। সংবাদমেল খনত জিলা তথ্য আৰু জনসংযোগ বিষয়া হাচনাহানা বেগমৰ লগতে ভালেসংখ্যক সাংবাদিক উপস্থিত থাকে।

Bite-উপায়ুক্ত, শিৱসাগৰ জিলা।Conclusion:
Last Updated : Aug 10, 2019, 2:39 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.