ETV Bharat / state

শিৱসাগৰৰ ঐতিহাসিক দেৱী দৌলত মহা সপ্তমী পূজা - মহামাৰী

মহামাৰীৰ ভয়াৱহ পৰিস্থিতিৰ মাজতো দেৱী ইতিহাস প্ৰসিদ্ধ দেৱী দৌলত পূজা উদযাপন। শিৱসাগৰ নগৰ আৰু সমীপৰ অঞ্চলসমূহৰ ২১ পূজা মণ্ডপত অনুষ্টুপীয়াকৈ পূজাৰ আয়োজন।

শিৱসাগৰৰ ঐতিহাসিক দেৱী দৌলত মহা সপ্তমী পূজা

author img

By

Published : Oct 23, 2020, 1:53 PM IST

শিৱসাগৰ, ২৩ অক্টোবৰ: অতিমাৰীৰ মাজতো পৰম্পৰা অক্ষুণ্ণ ৰাখি শিৱসাগৰত অনুষ্টুপীয়াকৈ পালন কৰা হৈছে শাৰদীয় দুৰ্গোত্সৱ। মহা সপ্তমী উপলক্ষে দুৰ্গতিনাশিনীক পূজা-অৰ্চনা আগবঢ়াইছে ভক্তই। আহোম ৰাজত্ব কালৰে পৰা প্রায় ৩ শতিকা জুৰি দুৰ্গা পূজাৰ আয়োজন কৰি অহা জিলাখনৰ সবাতোকৈ পুৰণি দেৱী দৌল চৌহদতো দুৰ্গোৎসৱৰ আয়োজন কৰা হৈছে। মহামাৰীৰ সংক্ৰমণৰ আশংকাত এইবাৰ অনুষ্টুপীয়াকৈ পূজাৰ আয়োজন কৰা হৈছে।

শিৱসাগৰৰ ঐতিহাসিক দেৱী দৌলত মহা সপ্তমী পূজা

এইবাৰ ৰাইজে দেৱীৰ চৰণত বলি উচৰ্গা কৰিব নোৱাৰিব বুলি শিৱসাগৰ দৌল উন্নয়ন সমিতিয়ে জানিবলৈ দিছে। পূৰ্বৰ দৰেই সম্পূৰ্ণ বাহ্যিকতা পৰিহাৰ কৰি আধ্যাত্মিক পৰিৱেশত দুৰ্গা পূজা অনুষ্ঠিত হৈছে দেৱী দৌলত। উল্লেখ্যে যে, প্ৰায় ৩০০ বছৰীয়া এক ইতিহাস সমৃদ্ধ এই দৌল। ১৭৩৪ খ্ৰীষ্টাব্দত আহোম স্বৰ্গদেউ শিৱসিংহৰ দিনত বৰৰজা অম্বিকাই এটা বৃহৎ পুখুৰী খন্দোৱাই তাৰ পাৰত আন দুটি দৌলৰ সৈতে দেৱী দৌল নিৰ্মাণ কৰাইছিল।

এক জাগ্ৰত শক্তিপীঠ হিচাপে ভক্তই বিশ্বাস কৰা এই দৌলত মহা অষ্টমীৰ দিনা বিভিন্ন ঠাইৰ পৰা ৰাইজে দেৱী দৰ্শন বাবে আহে আৰু দেৱীৰ চৰণত হাঁহ, পাৰ, ছাগলী, কোমোৰা আদি বলি ৰূপে আগবঢ়ায়। এইবাৰ ইয়াৰ ব্যতিক্ৰম হ'ব। ইয়াত পূজা আগবঢ়াবলৈ অহা লোকসকলে মনোবাঞ্চা পূৰণ কৰাৰ বাবে দেৱীৰ চৰণত নৈবেদ্য-আহুতি দিয়ে আৰু সকলো অপাই-অমংগলৰ পৰা মুক্ত কৰাৰ বাবে দেৱী দুৰ্গাৰ শৰণাপন্ন হয়।

একেদৰে নগৰৰ অন্যান্য পূজা সমিতিসমূহেও অভাৱ-অনাটন আৰু মহামাৰীৰ মাজত পূজাৰ আয়োজন অতি সীমিতভাৱে কৰিছে। চলিত বছৰত শিৱসাগৰ নগৰ আৰু ইয়াৰ দাঁতি কাষৰীয়া অঞ্চলসমূহৰ ২১ পূজা মণ্ডপত দুৰ্গোত্সৱৰ আয়োজন কৰা হৈছে ।

লগতে পঢ়ক:অসমত 2 লক্ষাধিক অতিক্ৰম কৰিলে কৰ'ণা আক্ৰান্তৰ সংখ্য়াই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.