ETV Bharat / state

মুখা শিল্পৰে জগত জিনিছে তেওঁ

মুখা শিল্পৰে জগত জিনিছে তেওঁ,গুৰুজনাৰ অমৰ সৃষ্টি মুখাশিল্পক জীয়াই ৰখাৰ আপ্ৰাণ চেষ্টা চলাই আহিছে বহু বছৰ ধৰি ৷ অৱশেষত চৰকাৰে প্ৰদান কৰিলে স্বীকৃতি ৷ ৰাষ্ট্ৰীয় পৰ্যায়তো বহুল সমাদৃত তেখেতৰ শিল্পকৰ্ম ৷

মুখা শিল্পৰে জগত জিনিছে তেওঁ...
author img

By

Published : Jun 15, 2019, 10:15 AM IST

মুখাশিল্পী ৰেৱকান্ত মহন্তৰ ৷ শিৱসাগৰৰ খাটপাৰ সত্ৰৰ ডেকা সত্ৰাধিকাৰ গৰাকীলৈ আগবঢ়োৱা হৈছে এই বৰ্ষৰ বিষ্ণুৰাভা বঁটা ৷ ২০১৫ বৰ্ষৰ সংগীত নাটক অকাডেমী বঁটা বিজয়ী ৰেৱকান্ত মহন্তই এই বঁটা লাভ কৰাৰ পিচতে ইটিভি ভাৰতৰ আগত ব্যক্ত কৰিলে নিজৰ মত ৷ এউ সম্পৰ্কত চাওক আমাৰ েক প্ৰতিবেদন...

মুখা শিল্পৰে জগত জিনিছে তেওঁ...

মুখাশিল্পী ৰেৱকান্ত মহন্তৰ ৷ শিৱসাগৰৰ খাটপাৰ সত্ৰৰ ডেকা সত্ৰাধিকাৰ গৰাকীলৈ আগবঢ়োৱা হৈছে এই বৰ্ষৰ বিষ্ণুৰাভা বঁটা ৷ ২০১৫ বৰ্ষৰ সংগীত নাটক অকাডেমী বঁটা বিজয়ী ৰেৱকান্ত মহন্তই এই বঁটা লাভ কৰাৰ পিচতে ইটিভি ভাৰতৰ আগত ব্যক্ত কৰিলে নিজৰ মত ৷ এউ সম্পৰ্কত চাওক আমাৰ েক প্ৰতিবেদন...

মুখা শিল্পৰে জগত জিনিছে তেওঁ...
মুখাশিল্পী ৰেৱকান্ত মহন্তলৈ বিষ্ণুৰাভা বঁটা:  বঁটা মানে স্বীকৃতি আৰু স্বীকৃতিয়ে প্ৰেৰণা দিয়ে—  শিল্পগুৰু ৰেৱকান্ত মহন্ত


Story-ASSAM_AWARD
Ananta Smith
Sivasagar
14th June

A_SVR_14TH_JUNE_804-809_ASSAM_AWARD_7203499

মুখাশিল্পী ৰেৱকান্ত মহন্তলৈ বিষ্ণুৰাভা বঁটা ৷ শিৱসাগৰৰ খাটপাৰ সত্ৰত আজিও শিল্প সাধনাত ব্যস্ত শিল্পগুৰু ৷ ২০১৫ বৰ্ষৰ সংগীত নাটক অকাডেমী বিজয়ীয়ে ক'লে মনৰ কথা ৷ কৰ্মৰ স্বীকৃতি বঁটা বুলি কৈ বঁটা প্ৰাপক মহন্তই কলে—  বঁটাই কৰ্ম কৰিবলৈ প্ৰেৰণা দিয়ে ৷

ল'ৰাজনৰ বয়স তেতিয়া মাত্ৰ সাত বছৰ ৷ সত্ৰীয়া সংস্কৃতিৰ পৰিৱেশৰ মাজত লালন পালন হোৱা সেই সাত বছৰীয়া ল'ৰাজনেই এদিন পিতৃ গোপী কান্ত মহন্তৰ নিৰ্দেশত হাতত তুলি লৈছিল বাৰীৰ চুকৰ বাঁহৰ পৰা সৃষ্ট কাঠি আৰু কটাৰী ৷
     সময় পাৰ হ'ল ৷ শিৱসাগৰৰ খাটপাৰ সত্ৰৰ সত্ৰাধিকাৰ পিতৃৰ নিৰ্দেশ শিৰোধাৰ্য কৰিয়েই তাহানিৰ পৰা আজি পৰ্যন্ত শংকৰদেৱ গুৰুজনাৰ অমৰ সৃষ্টি মুখাশিল্পৰ সাধনাত নিজকে  ব্যস্ত ৰাখিছে মানুহজনে ৷ গুৰুজনাৰ শিল্পক প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অৰঙে দৰঙে ঘূৰি ফুৰিছে মানুহজন ৷ কেতিয়াবা যদি কলাক্ষেত্ৰত, কেতিয়াবা দিল্লীত অনুষ্ঠিত ৰাষ্ট্ৰৰ গণতন্ত্ৰ দিৱসৰ প্ৰতীক পট নিৰ্মাণত ব্যস্ত মানুহজন ৷ গুৰু শিষ্য পৰম্পৰা আঁচনিৰে নিজৰ ঘৰতে মুখাশিল্পৰ প্ৰতি আগ্ৰহী সকলক দিছে প্ৰশিক্ষণ ৷ শিকাই গৈছে বাঁহৰ কাঠি তোলোৱাৰ পৰা মুখাত হেঙুল হাইতাল বোলোৱালৈকে শিল্প বিধৰ খুটি নাতি সকলো ৷

   হয়, মানুহজনৰ নাম ৰেৱকান্ত মহন্ত ৷ প্ৰথম দৃষ্টিতে বিনয়ী আৰু সুবিশাল ব্যক্তিত্বৰে সকলোকে মোহিত কৰিব পৰা গুণৰ মানুহজন এতিয়া খাটপাৰ সত্ৰৰ ডেকা সত্ৰাধিকাৰ   ৷

     প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ হৈ থকা সময়ৰে পৰা নিজকে নিমজ্জিত কৰি ৰখা মুখা শিল্পৰ চৰ্চাৰ স্হীকৃতি স্বৰূপেই ২০০৮ চনত শিল্পীজনে লাভ কৰিছিল ৰাষ্ট্ৰীয় শিল্পগুৰু বঁটা ৷ বৰ্তমানলৈকে উত্তৰ পূৱৰ একমাত্ৰ শিল্পগুৰু বঁটা প্ৰাপক ৰেৱকান্ত মহন্তই নিজ সাধানাৰ বাবে লাভ কৰিছে ২০১৫ বৰ্ষত সংগীত নাটক অকাডেমীও ৷ লাভ কৰিছে বৰ্তমানলৈকে কুৰিৰো অধিক বঁটা বাহন ৷ আৰু এইবৰ্ষত লাভ কৰিলে বিষ্ণুৰাভা বঁটা ৷

   বঁটা বাহনক কৰ্মৰ স্বীকৃতি আৰু প্ৰেৰণা বুলি গণ্য কৰা শিল্পীজন আজিও ব্যস্ত ডেকা সত্ৰাধিকাৰ হিচাপে সত্ৰৰ কাম পৰিচালনাত ৷ প্ৰগাঢ় ব্যক্তিত্বৰে সকলোকে আপোন কৰি লব পৰা মানুহজনে আজিও স্থিতপ্ৰজ্ঞ ৷ মুখাশিল্পৰ প্ৰসাৰত গুৰুত্বশীল ৷ কিন্তু বিষ্ণু ৰাভা বঁটা লাভ কৰি শিল্পী ৰেৱকান্ত মহন্ত সুখী ৷ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে এইদৰে—

Bite 1&2&3— ৰেৱকান্ত মহন্ত, বঁটা প্ৰাপক ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.