ETV Bharat / state

কৰ’ণাৰ ত্ৰাস: শিৱসাগৰ জিলাত বিদ্যালয় সমূহৰ স্থগিত পাঠদান - কৰ’ণা ভাইৰাছ

অহা 8 মে’লৈ শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ সকলো চৰকাৰী অথবা বেচৰকাৰী বিদ্যালয় সমূহত ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীৰ পাঠদান বন্ধ থাকিব ৷ এই নিৰ্দেশনা জাৰি কৰিছে শিৱসাগৰ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক কমল জ্যোতি গগৈয়ে ।

school-closed-due-to-covid-situaion
কৰ’ণাৰ ত্ৰাস: শিৱসাগৰ জিলাত বিদ্যালয় সমূহৰ পাঠদান স্থগিত
author img

By

Published : Apr 26, 2021, 9:17 PM IST

শিৱসাগৰ, 26 এপ্ৰিল : সমগ্র ৰাজ্যৰ লগতে শিৱসাগৰ জিলাতো ক’ভিড ৰোগীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাইছে ৷ যাৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগে ইতিমধ্যে প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ সকলো বিদ্যালয়ৰ সামূহিক পাঠদান বন্ধ ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷

school-closed-due-to-covid-situaion
কৰ’ণাৰ ত্ৰাস: শিৱসাগৰ জিলাত বিদ্যালয় সমূহৰ পাঠদান স্থগিত

শিক্ষা বিভাগে এই ক্ষেত্ৰত জাৰি কৰা নিৰ্দেশনাৰ পাছতে শিৱসাগৰ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শকে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাবে এক নিৰ্দেশনা জাৰি কৰিছে । শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ চৰকাৰী অথবা বেচৰকাৰী বিদ্যালয় সমূহত ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীৰ পাঠদান বন্ধ ৰখাৰ বাবে নিৰ্দেশনা জাৰি কৰিছে শিৱসাগৰ জিলাৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক কমল জ্যোতি গগৈয়ে । অহা 8 মে’লৈ বাহাল থাকিব এই নিৰ্দেশনা ৷ অৱশ্যে এই সময়ছোৱাত বিদ্যালয় কৰ্তৃপক্ষই বিদ্যালয় সমূহত অনলাইন পদ্ধতিৰে পাঠদান অব্যাহত ৰাখিব পাৰিব।
লগতে পঢ়ক: ব্ৰক্ষপুত্ৰত গা ধুবলৈ গৈ সলিল সমাধি 13 বছৰীয়া কিশোৰৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.