আমগুৰি,15 ছেপ্তেম্বৰঃ শিৱসাগৰৰ গৌৰীসাগৰত বলিউদী কায়দাত সংঘটিত ডকাইতিৰ ঘটনা। গৌৰীসাগৰ আৰক্ষীয়ে আটক কৰিছে ইতিমধ্যে 6 টাকৈ ডকাইত। আটক হ’ল অনুজ চৰকাৰ,ৰাকেশ গয়াৰী,দীপক কোঁৱৰ,অনুজ গগৈ,সুমন দাস,ৰঞ্জন দাস। উল্লেখযোগ্য যে, ৭ ছেপ্টেম্বৰৰ নিশা ৮.৩০ বজাত চাৰিং আলি কেঁকুৰিত সংঘটিত হৈছিল ডকাইতিৰ ঘটনা । AS-04-7937 নম্বৰৰ এল্ট গাড়ীত আহিছিল ছয় জনীয়া ডকাইতৰ দলটো। এখন টাটা এ চি ই (AS-03AC-4155) ৰ গাড়ীখনৰ পৰা লুটপাত কৰে প্ৰায় আঢ়ৈ লক্ষাধিক টকা।
ইপিনে স্থানীয় ৰাইজে ঘটনাৰ বিষয়ে জানিব পাৰি ওলাই অহাত পথাৰলৈ টকাৰ বেগ দলিয়াই দি ডকাইতৰ দলটো পলায়ন কৰে ৷ দ্বিতীয় দিনা ধনৰ টোপোলা বিচাৰি আহিছিল ঘটনাস্থলীলৈ ডকাইতৰ দলটো । কিন্তু আৰক্ষীয়ে ইতিমধ্যে জব্দ কৰে ধনখিনি। অৱশেষত যোৰহাটৰ পৰা গৌৰীসাগৰ আৰক্ষীয়ে আটক কৰে ডকাইতৰ দলটোক। গৌৰীসাগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দিব্যজ্যোতি মৰাঙৰ নেতৃত্বত চলিছিল অভিযান। সমগ্ৰ ঘটনাটোৰ টাটা এ চি ই খনৰ চালক দিপু কোঁৱৰে ৰচিছিল ডকাইতৰ নাটক । আৰক্ষীৰ অনুসন্ধানত পোহৰলৈ আহে সমগ্ৰ ঘটনা।
লগতে পঢ়কঃ অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু কোভিড-১৯ত আক্ৰান্ত