ETV Bharat / state

শিৱসাগৰৰ ঐতিহাসিক শিৱ দৌলত পৰিল হাতুৰীৰ কোব

author img

By

Published : Apr 10, 2022, 9:42 PM IST

শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ পণ লৈছে কেন্দ্ৰীয় পুৰাতত্ব বিভাগে । যাৰ বাবে বিভিন্ন সময়ত ভক্তপ্ৰাণ ৰাইজে দৌললৈ উৎসৰ্গা কৰা শিৱ লিংগ, ত্ৰিশূল, ফনা, বৃষভ ইত্যাদি উভালি বাহিৰ কৰি দিয়া হৈছে দৌলৰ গৰ্ভগৃহৰ পৰা । আহোম ৰজাই প্ৰতিষ্ঠা কৰি থৈ যোৱা কেৱল মাত্ৰ কুণ্ডভাগহে ৰখা হ'ব দৌলৰ ভিতৰত (Renovation of Sivasagar Sivadol)।

Renovation of Sivasagar Sivadol
শিৱসাগৰৰ শিৱ দৌলত হাতুৰীৰ কোব

শিৱসাগৰ, 10 এপ্ৰিল : শিৱসাগৰ বুলি ক'লেই মানসপটত জিলিকি উঠে ঐতিহাসিক শিৱদৌল । ১৭৩৪ খ্ৰীষ্টাব্দত স্বৰ্গদেউ শিৱসিংহৰ দিনত বৰৰজা অম্বিকা কুঁৱৰীয়ে কলঞ্চুপৰীয়া গোঁহাই গাঁৱত এক বৃহৎ পুখুৰী খন্দুৱাই নিৰ্মাণ কৰাইছিল তিনিটা দ'ল । মাজত সুউচ্চ সোণৰ কলচি খচিত শিৱদৌল নিৰ্মাণ কৰি দুয়োকাষে নিৰ্মাণ কৰাইছিল আন দুটা দৌল ক্ৰমে দেৱী দৌল আৰু বিষ্ণু দৌল (Heritage place of Sivasagar)। এই দৌল তিনিটাক কেন্দ্ৰ কৰি প্ৰতি বছৰে ভিন ভিন সময়ত ভক্তপ্ৰাণ ৰাইজৰ লগতে পৰ্যটকৰ আগমণ ঘটি আহিছে ।

তাহানিৰে পৰা এই দৌলত পূজা অৰ্চনা কৰি অহা হৈছে মহাদেৱক । প্ৰতি বছৰে আহাৰ মাহৰ ৭ তাৰিখৰ পৰা আৰম্ভ হোৱা অম্বুবাচী প্ৰবৃতিৰ পৰা অম্বুবাচী নিবৃত্তিলৈ মাত্ৰ চাৰিটা দিনৰ বাহিৰে সকলো সময়তে পুৱা-গধূলি পূজা অৰ্চনা কৰি অহা হৈছে দেৱাদি দেৱ মহাদেৱক । অসমীয়াৰ আবেগ অনুভূতি বিজড়িত এই ঐতিহাসিক শিৱ দৌলৰ গৰ্ভগৃহতে এতিয়া পৰিছে হাতুৰীৰ কোব । উঠাই দিয়া হ'ল শিৱ লিংগ তথা পূজা অৰ্চনা কৰা মাংগলিক মূৰ্তি ।

শিৱসাগৰৰ শিৱ দৌলত হাতুৰীৰ কোব

শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰত প্ৰতিষ্ঠা কৰিবলৈ পণ লৈছে কেন্দ্ৰীয় পুৰাতত্ব বিভাগে । যাৰ বাবে বিভিন্ন সময়ত ভক্তপ্ৰাণ ৰাইজে দৌললৈ উৎসৰ্গা কৰা শিৱ লিংগ, ত্ৰিশূল, ফনা, বৃষভ ইত্যাদি উভালি বাহিৰ কৰি দিয়া হৈছে দৌলৰ গৰ্ভগৃহৰ পৰা । আহোম ৰজাই প্ৰতিষ্ঠা কৰি থৈ যোৱা কেৱল মাত্ৰ কুণ্ডভাগহে ৰখা হ'ব দৌলৰ ভিতৰত (Renovation of Sivasagar Sivadol)।

সমান্তৰালভাৱে দৌলৰ সকলো টাইলচ আঁতৰাই মূল সুঁতিলৈ ঘূৰাই নিয়াৰ প্ৰয়াস কৰিছে কেন্দ্ৰীয় পুৰাতত্ব বিভাগে (Archaeological Survey of India)। থলুৱা উপাদান যেনে হাঁহ কণী, বড়া চাউল, মাটি মাহ ইত্যাদিৰে নিৰ্মাণ কৰা শিৱদৌলক ঘূৰাই অনাৰ প্ৰয়াস কৰিছে পুৰাতত্ব বিভাগে । আধুনিকতাৰ প্ৰলেপ সানি চিমেন্ট তথা অন্যান্য ৰাসায়নিক পদাৰ্থৰ প্ৰয়োগৰ বাবে যাতে দৌলৰ আয়ুসৰেখাত ব্যাঘাত নজন্মে, এই বিষয়টোক গুৰুত্ব সহকাৰে লৈ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিছে দৌল উন্নয়ন সমিতিয়ে ৷

লগতে পঢ়ক: "মৃত্যু শয্যাত মাতৃভাষা" নগাঁৱত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.