ETV Bharat / state

ঐতিহাসিক শিৱ দ’লত সৌৰ চাকি সংস্থাপনক লৈ প্ৰতিক্ৰিয়া - শিৱসাগৰ

ঐতিহাসিক শিৱদ’লত বাজিছে মৃত্যু ঘণ্টা ৷ নীতি বহিৰ্ভূতভাৱে দ’লৰ চৌহদত সৌৰ শক্তি চালিত বিদ্যুত পৰিবাহী লাইট স্থাপন কৰাক লৈ এতিয়া চলিছে সৰ্বত্ৰে প্ৰতিক্ৰিয়া ৷

Reaction to the installation of a solar mill in the historic Shiva Dol assam etv bharat news
শিৱদ’ল
author img

By

Published : Sep 28, 2020, 2:01 PM IST

শিৱসাগৰ,28 ছেপ্তেম্বৰ: বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে ঐতিহাসিক শিৱসাগৰৰ শিৱদ’ল ৷ আহোম ৰাজত্বকালত অৰ্থাৎ প্ৰায় 1731 খৃষ্টাব্দত নিৰ্মিত এছিয়াৰ বিখ্যাত সোণৰ কলচী যুক্ত শিৱসাগৰৰ শিৱদ’ল, দেৱী দ’ল আৰু বিষ্ণু দ’লত আজি বাজিছে মৃত্যু ঘণ্টা ৷ অনুপম ভাস্কৰ্য খোদিত শিৱদ’ললৈ নামি অহা এই ভয়ংকৰ বিপদৰ কথা প্ৰকাশ কৰিছে খোদ কেন্দ্ৰীয় পুৰাতত্ব বিভাগে ৷ কেন্দ্ৰীয় পুৰাতত্ব বিভাগে শিৱসাগৰৰ উপায়ুক্ত আৰু শিৱদ’ল উন্নয়ন পৰিষদলৈ প্ৰেৰণ কৰা এখন পত্ৰত পোহৰলৈ আহিছে এই ভয়ংকৰ বিপদৰ তথ্য ৷

সৌৰ চাকি সংস্থাপনক লৈ প্ৰতিক্ৰিয়া

উল্লেখ্য যে,কিছুদিন পূৰ্বে দ’লৰ চৌহদত স্থাপন কৰা হৈছিল সৌৰশক্তি চালিত বিদ্য়ুত পৰিবাহী লাইট ৷ পুৰাতত্ব বিভাগৰ চৰকাৰী পত্ৰত ইয়ে পৌৰাণিক শিৱদ’লৰ পৰিৱেশৰ প্ৰতি প্ৰচণ্ড ভাবুকি কঢ়িয়াই অনাৰ কথা স্পষ্টকৈ উল্লেখ কৰা হৈছিল ৷ পুৰাতত্ব বিভাগৰ অনুমতি অবিহনে সম্পাদকৰ সৈতে মিলি দুই শতাধিক সৌৰ চাকি সংস্থাপনৰ এই ভয়ংকৰ কাণ্ড সংঘটিত কৰিছে বুলি এক অভিযোগ উত্থাপন হৈছে ৷ কিন্তু জিলা উপায়ুক্তক সভাপতি হিচাপে গ্ৰহণ কৰা দ’ল উন্নয়ন পৰিষদে দ’লৰ চৌহদত 28 টাকৈ চিচি কেমেৰা থকাৰ পিছতো কিয় এই নীতি বহিৰ্ভূত কাৰ্যৰ বিষয়ে ভূ নাপালে সেয়া ৰহস্যজনক ৷ ইফালে শিৱসাগৰ দ’ল উন্নয়ন পৰিষদৰ সাধাৰণ সম্পাদক চন্দন ফুকনে এই অভিযোগ একেমুখে নাকচ কৰে ।

আহোম স্বৰ্গদেউ শিৱসিংহৰ ৰাজত্বকালত বৰৰাণী দ্ৰৌপদী অৰ্থাৎ অম্বিকা কুঁৱৰী বা মদাম্বিকায়ে কলঞ্চুপৰীয়া গোঁহাই গাঁৱত বৰপুখুৰী খান্দি তাৰপাৰত নিৰ্মাণ কৰিছিল শিৱদ’ল ৷ কিন্তু বিশ্বৰ পৰ্যটকৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ বিন্দু দ’লসমূহ পৰিচালনাৰ নামত দুই-এগৰাকী বিষয়-ববীয়াই দ’ল উন্নয়ন পৰিষদৰ গুৰুত্বপূৰ্ণ চকী কেইখন পৈত্ৰিক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰি আহিছে ৷ একেগৰাকী সম্পাদকে ৰহস্যজনকভাৱে দীৰ্ঘদিন ধৰি পদটো খামুচি ধৰাৰো অভিযোগ সম্প্ৰতি উত্থাপিত হৈছে ৷

লগতে চাওকঃ মাস্ক পৰিধান নকৰাসকলৰ বিৰুদ্ধে কঠোৰ যোৰহাট আৰক্ষী

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.