ETV Bharat / state

পথ মেৰামতিৰ দাবীৰে শিৱসাগৰত আছুৰ পথ অৱৰোধ কাৰ্যসূচী - অসম ট্ৰাঙ্ক ৰোড

শিৱসাগৰৰ অসম ট্ৰাঙ্ক ৰোড নিৰ্মাণৰ দাবীৰে শিলসাগৰত বুধবাৰে সদৌ অসম ছাত্ৰ সন্থাৰ সদস্য সকলে পথ অৱৰোধ কাৰ্যসূচী ৰূপায়ন কৰে ৷

আছুৰ পথ অৱৰোধ কাৰ্যসূচী
আছুৰ পথ অৱৰোধ কাৰ্যসূচী
author img

By

Published : Aug 5, 2020, 2:15 PM IST

Updated : Aug 5, 2020, 6:00 PM IST

শিৱসাগৰ, 5 আগষ্ট: সদৌ অসম ছাত্ৰ সন্থাৰ শিৱসাগৰ জিলা আঞ্চলিকৰ সদস্য সকলে বুধবাৰে ৰূপায়ন কৰে এক প্ৰতিবাদী কাৰ্যসূচী ৷ অসম ট্ৰাঙ্ক ৰোড নিৰ্মাণৰ দাবীৰে ছাত্ৰনেতাসকলে ষ্টেচন চাৰিআলিত পথ অৱৰোধ কৰে ৷ শিৱসাগৰ নগৰৰ মাজেৰে পাৰ হৈ যোৱা 11.2 কিলোমিটাৰ দৈৰ্ঘৰ অসম ট্ৰাঙ্ক ৰোড নিৰ্মাণৰ বাবে শিৱসাগৰ বিধানসভা সমষ্টিলৈ গড়কাপ্তানী বাবে ভাগৰ পৰা 15.86 কোটি টকাৰ আৱণ্টন দিয়া হৈছিল ৷ কিন্তু দীৰ্ঘদিন ধৰি মেৰামতিৰ অভাৱত সম্প্ৰতি জৰাজীৰ্ণ অৱস্থা হৈ পৰিছে ব্যস্ত পথটো ৷

পথ মেৰামতিৰ দাবীৰে শিৱসাগৰত আছুৰ পথ অৱৰোধ কাৰ্যসূচী

বিগত জুলাই মাহত 8 তাৰিখে এই বিষয়ক লৈ এখন স্মাৰক প্ৰদান কৰিছিল ছাত্ৰনেতাসকলে ৷ কিন্তু তৎসত্বেও তেওঁলোকৰ সেই স্মাৰকৰ কোনো প্ৰত্যুত্তৰ নিদিয়া বিভাগীয় কৰ্তৃপক্ষই, ছাত্ৰ সংগঠনটোৱে পথ অৱৰোধ কাৰ্যসূচী গ্ৰহণ কৰাৰ বিষয়ে অৱগত হৈ পথ অৱৰোধৰ দিনটোৰ পৰাই আৰম্ভ কৰে পথ নিৰ্মাণৰ কাম ৷ এই কাম কেৱল ৰাইজক আভুৱা ভৰিবৰ বাবেহে কৰিছে বুলি অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰীসকলে ৷ যেতিয়ালৈ ৰাইজক আশ্বস্ত কৰিব পৰাকৈ গড়কাপ্তানি বিভাগে তেওঁলোকৰ কাম সম্পন্ন নকৰে তেতিয়ালৈ, ছাত্ৰ সন্থাই ইয়াৰ ওপৰত তীক্ষ্ন দৃষ্টি ৰাখিব বুলি সকিয়াই দিয়ে ৷ লগতে যদিহে বিভাগীয় কৰ্তৃপক্ষই এই পথ সুচল যাতায়াতৰ উপযোগী কৰি নিদিয়ে তেন্তে আগন্তুক দিনত গড়কাপ্তানি বিভাগৰ কাৰ্যালয়ত ছাত্ৰ সংগঠনটোৱে তলা বন্ধৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিব বুলি হুংকাৰ প্ৰদান কৰে ৷ আনহাতে সোমবাৰৰ পৰা কাম আৰম্ভ কৰা পথটোৰ মেৰামতিৰ কাম অক্টোবৰ মাহলৈ সম্পূৰ্ণ হ'ব বুলি উল্লেখ কৰে, গড়কাপ্তানি বিভাগৰ অভিযন্তাই ৷ এই কাম দৈনিকভাৱে অব্যাহত থাকিব বুলিও গড়কাপ্তানি বিভাগৰ লোকে প্ৰতিশ্ৰুতি জ্ঞাপন কৰে সংবাদ মাধ্যমযোগে ৷

লগতে পঢ়ক: চাকৰি নিয়মীয়াকৰণৰ আশাত বন্দী পাঁচ শতাধিক হাইস্কুল ফিক্সড পে শিক্ষক

Last Updated : Aug 5, 2020, 6:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.