ETV Bharat / state

Ali Aye Ligang 2023:আলি আঃয়ে লৃগাঙৰ প্ৰস্তুতি হালোৱাটিং কপাহতলী মিচিং গাঁৱত

শস্য সম্ভাৱনা আৰু উৰ্বৰা শক্তি বৃদ্ধিৰ বাবে পালন কৰা হয় আলি আঃয়ে লৃগাং (Ali Aye Ligang in Assam)। শিৱসাগৰ জিলাৰ অসম-নগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিং কপাহতলী মিছিং গাঁৱত এই উৎসৱৰ বাবে সকলোৱে সাজু । মিচিং সকলে ১৯৫৬ চনৰ পৰাহে ফাগুনৰ প্ৰথমটো বুধবাৰে এই উৎসৱ পালন কৰিছে ।

Preparation of Ali Aye Ligang at Sivasagar
আলি আঃয়ে লৃগাং
author img

By

Published : Feb 11, 2023, 1:58 PM IST

আলি আঃয়ে লৃগাং

আমগুৰি, ১১ ফেব্ৰুৱাৰী: মিচিং জনগোষ্ঠীৰ অন্যতম উৎসৱ হৈছে আলি আঃয়ে লৃগাং । প্ৰতি বছৰে ফাগুনৰ প্ৰথমটো বুধবাৰে উদযাপন কৰা আলি আঃয়ে লৃগাং উৎসৱলৈ মাজত মাথো ৩ দিন (Preparation of Ali Aye Ligang at Sivasagar)। ৰাজ্য়ৰ আন প্ৰান্তৰ লগতে শিৱসাগৰ জিলাৰ অসম-নগালেণ্ড সীমান্তৱৰ্তী হালোৱাটিং কপাহতলী মিছিং গাঁৱত এই উৎসৱকলৈ মিচিং ডেকা-গাভৰুসকল প্ৰস্তুত হৈছে । গুমৰাগ নৃত্যৰ লগতে ঐনিতমৰ সুমধুৰ ছন্দত সকলোৱে নাচিছে (Gumrag Dance of Missing)।

উল্লেখ্য় যে বসন্তৰ লগে লগে ফাগুত এই জনগোষ্ঠীটোৱে পালন কৰা উৎসৱ বিশেষকৈ শস্য সম্ভাৱনা আৰু উৰ্বৰা শক্তি বৃদ্ধিৰ বাবে প্ৰাৰ্থনা কৰে ।তেওঁলোকে দঞি পলক স্মৰণ কৰে । উল্লেখ্য যে কৃষিজীৱি মিচিং লোকসকলে বসুন্ধৰাৰ বুকু কৰ্ষণ কৰি খাদ্য-শস্য উৎপাদন কৰে । ইয়াকেই কেন্দ্ৰ কৰি সৃষ্টি হৈছে কৃষি ভিত্তিক বসন্ত উৎসৱ আলি আঃয়ে লৃগাং । ফাগুন হ'ল বসন্তৰ আৰম্ভণি ।

আলি আঃয়ে লৃগাঙৰ অৰ্থ হ'ল শস্য ৰোপণৰ আৰম্ভণি । ‘আলি’ মানে মূল বা কাণ্ড । আনহাতে, 'আ:য়ে'ৰ অৰ্থ হ'ল ফল বা গুটি । 'লৃগাং'ৰ অৰ্থ সিঁচিবলৈ আৰম্ভ কৰা প্ৰথম দিনটো । মিচিং সকলৰ প্ৰধান খেতি হৈছে ধান, মাহ, সঁৰিয়হ, আলু, কচু ইত্যাদি । পূৰ্বে সকলো মিচিং সমাজত একেদিনাই আলি আঃয়ে লৃগাং অনুষ্ঠিত হোৱা নাছিল । মিচিং বানে কেবাঙৰ সিদ্ধান্ত ক্ৰমে ১৯৫৬ চনৰ পৰা ফাগুন মাহৰ প্ৰথমটো বুধবাৰে এই উৎসৱ উদ্‌যাপন কৰি আহিছে ।

পৰম্পৰা অনুসৰি এই উৎসৱৰ দিনা প্ৰথমে পথাৰত অথবা বাৰীৰ এচুকত মাংগলিক প্ৰথাৰে মাটিত গুটি সিঁচা আৰম্ভ কৰা হয় । প্ৰতিটো পৰিয়ালৰ মূৰব্বীগৰাকীয়ে এই ‘লিগ্‌গত’ সম্পাদনা কৰি আহিছে । ইয়াৰ পাছত গাঁৱৰ ঘৰে ঘৰে ভোজৰ আয়োজন কৰা হয় । গাঁৱৰ ডেকা-গাভৰু, বুঢ়া-বুঢ়ী সকলোৱে পুৰাং, আপং, আলু, কচু আদি খাই আৰু বিহু মাৰে। উল্লেখ্য় যে পুৰাং হৈছে তৰাপাতেৰে টোপোলা কৰা বৰা চাউলৰ এবিধ ভাত । এই বিশেষ দিনটোতহে এনে ভাত প্ৰস্তুত কৰা হয় ।

দিনত ঘৰে ঘৰে বিহু মাৰিবলৈ যাওতে ঢোল-তাল আদি ব্যৱহাৰ নকৰে । মাত্ৰ মুখেৰে ঢোলৰ চেও দি ঐনিতম, কাবান আদি গাই । এই উৎসৱত প্ৰত্যেক মিচিঙেই নিজৰ পৰম্পৰাগত পোছাক পৰিধান কৰে । পুৰুষ সকলে মিবু গালুগ, গন্‌ৰ উগন আৰু মহিলা সকলে লেকে এগে, ৰিঃবি, গাচেং পৰিধান কৰি নিজৰ সংস্কৃতি জীয়াই ৰাখিছে ।

লগতে পঢ়ক:Cattle syndicate in Assam: বিলাসী বাহনত চোৰাংভাৱে সৰবৰাহ কৰা গৰু উদ্ধাৰ, আটক এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.